24
Jun
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে বৃহস্পতিবাৰে অসম অলিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ে প্ৰথম স্থান, ভট্টদেৱ বিশ্ববিদ্যালয়ে দ্বিতীয় স্থান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰি ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰে। তদুপৰি শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰি দৰং কলেজৰ মনোজ বৰুৱাই ২০,০০০ টকা, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গুঞ্জন ৰাজবংশীয়ে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰি ১৫,০০০ টকা আৰু কটন কলেজৰ ত্ৰিদিপ ভাগৱতীয়ে তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰি ১০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰে। আনহাতে, ক্ৰীড়া কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি…
