উত্তৰ-পূৱ

ইণ্ডিয়া ক্লাৱত ৮৯ বছৰৰ  প্ৰথম প্ৰতিষ্ঠা দিৱস পালন কৰা সই

ইণ্ডিয়া ক্লাৱত ৮৯ বছৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন কৰা সই

গুৱাহাটীৰ ইণ্ডিয়া ক্লাবে ৮৯ বছৰৰ বৰ্ষপুৰ্তি উপলক্ষে উদযাপন কৰে প্ৰথম প্ৰতিষ্ঠা দিৱস,৮ জানুৱাৰী ২০২২। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, সন্মানীয় অতিথিৰূপে অসম অলিম্পিক এচ'ছিয়েচনৰ সাধাৰণ সম্পাদক শ্ৰী লক্ষ্য কোঁৱৰ  আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকে শ্ৰী শান্তনু ভৰালী (অধিবক্তা)। এই প্ৰতিষ্ঠা দিৱস পুৰণি পৰম্পৰাসমূহৰ পালনেৰে উদযাপন কৰা হয়। ১৯৩৩ চনত ব্ৰিটিছ শাসনৰ সময়ত স্থাপিত, ইণ্ডিয়া ক্লাবে আৰম্ভণিতে অঞ্চলটোৰ টেনিছ উৎসাহীসকলক সেৱা আগবঢ়াইছিল যদিও বৰ্তমান কেৱল টেনিছৰ বাবেই নহয়, টেবুল টেনিছ, বিলিয়ৰ্ডছ, বেডমিণ্টন, ডাৰ্টছ আৰু সাঁতোৰৰ দৰে ক্ৰীড়াৰ বাবে সৰ্বশ্ৰেষ্ঠ কেন্দ্ৰ হিচাপে এই ক্লাবৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই…
Read More
গুৱাহাটীত অনুষ্ঠিত হৈহে গ্ৰন্থমেলা

গুৱাহাটীত অনুষ্ঠিত হৈহে গ্ৰন্থমেলা

গুৱাহাটী-চান্দমাৰীত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা বাকৰিত কালি সন্ধিয়া  বিশিষ্টা কবি-লেখিকা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ মৰমী বৰঠাকুৰ তালুকদাৰৰ প্ৰবন্ধ সংকলন "ভাৱ-উৎসৱ আৰু অন্য গদ্য" উন্মোচন কৰে বয়োজ্যেষ্ঠ লেখিকা অলকানন্দ দত্তই।  আজি ৰাতিৰ ভিতৰতে চমক সৃষ্টিকাৰী লেখক-লেখিকাৰ সংখ্যা বাঢ়িছে। কোনোজনে আজীৱন সাহিত্য সাধনা কৰিও একোকে স্বীকৃতি নাপায়। কোনোবাই ২-১ গ্ৰন্থ লিখিও নিশাৰ ভিতৰত  জনপ্রিয় হৈ উঠে। আজিকালি কোনো কোনো লেখকে মাথোঁ ২০ কপিকৈ কিতাপ চপাই ন-ন পুৰস্কাৰ পাই। জনপ্রিয়তাকৈ সফলতা অৰ্জন কৰা টান।  সভাত অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন বিভাগৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰে বক্তব্য দাঙি ধৰি  মনোগ্রাহী সাহিত্য সৃষ্টিৰ বাবে লেখক-লেখিকা সকলে অধ্যয়ন কৰাৰ লগতে ভ্ৰমণ কৰিব লাগে বুলি কয়। বিশিষ্ট লেখক…
Read More
মণিপুৰত IED বিস্ফোৰণত শ্বহীদ অসম ৰাইফলছৰ জোৱান

মণিপুৰত IED বিস্ফোৰণত শ্বহীদ অসম ৰাইফলছৰ জোৱান

বুধবাৰে মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত দুটা শক্তিশালী ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) বিস্ফোৰণৰ ফলত এজন অসম ৰাইফলছৰ জোৱান শ্বহীদ হয় আৰু আন এজন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অসম ৰাইফলছৰ ১৬ বেটেলিয়ানৰ জোৱানসকলে পাহাৰীয়া অঞ্চলটোত তহল দি থকাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ ফলত অসম ৰাইফলছৰ জোৱান এল ৱাংচুৰ ঘটনাস্থলীতে মৃত্যু ঘটে। ইফালে আহত জোৱান জনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে, বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে লিলং য়ুমখাইবাম এণ্টাছ খানৰ স্থানীয় বিধায়ক আৰু জ্যেষ্ঠ বিষয়াসকলৰ নেতৃত্বত এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে। উল্লেখ্য যে, বুধবাৰৰ ঘটনাটো মণিপুৰত…
Read More
প্ৰখ্যাত শিল্পী নীল নংকিনৰিহৰ দেহাৱসান

প্ৰখ্যাত শিল্পী নীল নংকিনৰিহৰ দেহাৱসান

শ্বিলং চেম্বাৰ কয়ৰ’ৰ প্ৰতিষ্ঠাপক তথা প্ৰখ্যাত গীতিকাৰ তথা পিয়ানো বাদক নীল নংকিনৰিহৰ বুধবাৰে দেহাৱসান ঘটে। শাৰীৰিক অসুস্থতাৰ বাবে মুম্বাইৰ ৰিলায়েন্স চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে উত্তৰ-পূবৰ সৰ্বপৰিচিত শিল্পীগৰাকীয়ে। উল্লেখ্য যে, বিগত ৩ টা মাহ ধৰি কয়ৰৰ কামত মুম্বাইত ব্যস্ত আছিল নীল নংকিনৰিহ আৰু তেওঁৰ সতীৰ্থসকল। কিন্তু মুম্বাইত থকা অৱস্থাতে কিছু শাৰীৰিক অসুস্থতাৰ বাবে মঙ্গলবাৰে তেওঁক চিকিৎসালযত ভর্তি কৰোৱা হয় আৰু এক অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছতে বুধবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে।
Read More
বনভোজস্থলীত দ্বীপেন বৰুৱাৰ গীতত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ নৃত্য

বনভোজস্থলীত দ্বীপেন বৰুৱাৰ গীতত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ নৃত্য

বনভোজস্থলীত অসমীয়া সংগীতৰ জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ গীতত নৃত্য কৰিলে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে। অৰুণাচলৰ এক মনোমোহা স্থানত দ্বীপেন বৰুৱাৰ কালজয়ী গীত "এইখনি গাঁও আপোন আপোন"ৰ তালে তালে নাচি মতলীয়া হল ৰিজিজু। চুবুৰীয়াৰ সৈতে বনভোজ খাবলৈ গৈ তেওঁ এই নৃত্য প্ৰদৰ্শন কৰে। এই নৃত্যৰ ভিডিঅ' তেওঁ নিজেৰ ফেচবুক একাউন্টৰ জৰিয়তে শ্বেয়াৰ কৰ অসমীয়াত গীতৰ কেপচনো লিখে।
Read More