09
Mar
উত্তৰ গুৱাহাটীৰ ৩ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয় লাভ ।পলাশবাৰীৰ ৭ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী, ২ টা ৱাৰ্ডত এজেপি আৰু এটা ৱাৰ্ডত অগপ প্ৰাৰ্থীৰ জয় লাভ। উত্তৰ গুৱাহাটীৰ ৭ টা ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থীকেইগৰাকী বিজয়ী হৈছে৷ আজি পুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থাৰ মাজত উত্তৰ গুৱাহাটীৰ ৩ টা আৰু পলাশবাৰীৰ আটাইকেইটা ৱাৰ্ডৰ ভোট গণনা আৰম্ভ কৰা হয়৷ গণনাৰ অন্তত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰাৰ লগতে বিজয়ী প্ৰাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ উত্তৰ গুৱাহাটীৰ তিনিওটা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় আৰু এনেদৰে উত্তৰ গুৱাহাটীৰ দহোটা ৱাৰ্ডতে বিজেপিয়ে জয়লাভ কৰে৷ আনহাতে পলাশবাৰী পৌৰসভাৰ…