উত্তৰ-পূৱ

ছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ ফাইনেলত অংশু মালিক

ছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ ফাইনেলত অংশু মালিক

অংশু মালিকে শুকুৰবাৰে ইয়াত এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত তেওঁৰ তিনিওটা যুজঁত শ্ৰেষ্ঠতাৰ ভিত্তিত বাউটত জয় লাভ কৰি ৫৭ কিলোগ্ৰাম শাখাৰ খিতাপ সংঘৰ্ষত প্ৰৱেশ কৰে। অৰ্থাৎ তেওঁ পদক নিশ্চিত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে, মনীষাই ৬২ কিলোগ্ৰাম ব্ৰঞ্জৰ পদকৰ বাবে ৰিংত প্ৰৱেশ কৰিব। হাৰিয়ানাৰ নিমানি গাঁৱৰ ২০ বছৰীয়া ডিফেণ্ডিং চেম্পিয়ন অংশুৱে এছিয়ান চেম্পিয়নশ্বিপত তৃতীয়টো পদক অৰ্জন কৰে আৰু ইয়াত প্ৰতিটো বাউটত আধিপত্য বিস্তাৰ কৰে। ২০২০ চনত ভাৰতত আৰু যোৱা বছৰ আলমাটিত ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত অংশুৱে যোৱা বছৰ আলমাটিত ৫৭ কিলোগ্ৰাম খিতাপ জিকিছিল। যোৱা বছৰ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা হোৱা অংশুৱে উজবেকিস্তানৰ শোখিদা আখমেদোভাৰ বিৰুদ্ধে জয়লাভ…
Read More
কাইলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰে মুখামুখি বাংগালোৰৰ

কাইলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰে মুখামুখি বাংগালোৰৰ

দুৰ্বল আৰম্ভণিৰ পিছত একেৰাহে চাৰিখন মেচ জিকা ছানৰাইজাৰ্ছ হায়দৰাবাদে শনিবাৰে ইয়াত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ (আৰচিবি) সৈতে মুখামুখি হ'ব।  হায়দৰাবাদৰ উমৰানে এই ছিজনত তেওঁৰ ধুমুহা বলৰ দ্বাৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁৰ গতিই শ্ৰেয়াছ আয়াৰৰ দৰে প্ৰতিষ্ঠিত বেটছমেনকো অসুবিধাত পেলাইছে। অভিজ্ঞ ভুৱনেশ্বৰ কুমাৰৰ সৈতে ২২ বছৰীয়া বলাৰজনে এটা যুটি তৈয়াৰ কৰে আৰু তেওঁলোক দুয়োজনে পঞ্জাৱ কিংছৰ বিৰুদ্ধে বিগত মেচখনত সাতটা উইকেট দখল কৰি পৰিৱৰ্তন আনিছিল। এই দুয়োজনৰ উপৰিও, ছানৰাইজাৰ্ছৰ দ্ৰুত বলিং বিভাগত য়ৰ্কাৰ টি নটৰাজন আৰু দক্ষিণ আফ্ৰিকাৰ মাৰ্কো য়ানচেনৰ দৰে কাৰ্যকৰী বলাৰ আছে। ইয়ানছেনে তেওঁৰ কোণ আৰু তাৰতম্যৰ দ্বাৰা বেটছমেনসকলক বাধা দিয়াত সফল হৈছে। এই বলাৰসকলৰ সন্মুখত প্ৰত্যাহ্বান হ'ব অভিজ্ঞ…
Read More
সমুজ্জল ভট্টাচাৰ্যৰ দাবী

সমুজ্জল ভট্টাচাৰ্যৰ দাবী

আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। দক্ষিণ শৰণীয়াত ভোটাধিকাৰ সাব্যস্ত কৰে আছু নেতা সমুজ্জল ভট্টাচাৰ্যই। ভোটাধিকাৰ সাব্যস্ত কৰিয়েই কয় যে গুৱাহাটীবাসীয়ে বৰ্তমান পানীৰ সমস্যাত ভুগি আছে। এয়া সামাধান হোৱাটো বিচাৰো। গুৱাহাটীৰ প্ৰতিজন মানুহকে বিশুদ্ধ খোৱাপানী লাগে। ২৪ ঘন্টাই খোৱাপানীৰ দাবী কৰে ভট্টাচাৰ্যই।
Read More
ইটালিয়ান অ’পেন খেলিব ন’ভাক জক’ভিচে

ইটালিয়ান অ’পেন খেলিব ন’ভাক জক’ভিচে

 পাঁচবাৰৰ চেম্পিয়ন ন'ভাক জক'ভিচে কোৰোনা ভাইৰাছৰ টিকাকৰণ নকৰা স্বত্বেও ৰোমলৈ আহি ইটালিয়ান অ'পেনত খেলিব পাৰে। ইটালীৰ টেনিছ ফেডাৰেচনৰ সভাপতিজনে বুধবাৰে এই কথা কয়। ফেডাৰেচনৰ সভাপতি এঞ্জেলো বিনাঘিয়ে ৮ ৰ পৰা ১৫ মে'লৈ চলিব লগা প্ৰতিযোগিতাখনৰ সন্দৰ্ভত কয় যে প্ৰতিযোগিতাখনত খেলুৱৈসকলৰ অংশগ্ৰহণ সম্পৰ্কীয় নিয়ম চৰকাৰ আৰু এটিপিয়ে প্ৰস্তুত কৰিছে। বিনাঘিয়ে কয় যে তেওঁ ইটালী চৰকাৰৰ কেবিনেটত ক্ৰীড়াৰ দায়িত্বত থকা আণ্ডাৰ চেক্ৰেটেৰী ভেলেণ্টিনা ভেজালিৰ সৈতে বিষয়টো আলোচনা কৰিছিল। এই সময়ত, ইটালীত নামভৰ্তিৰ নিয়ম অনুসৰি ক'ভিড-১৯ টিকাকৰণ, সংক্ৰমণৰ পৰা আৰোগ্য হোৱা বা নিকেটিভ পৰীক্ষাৰ প্ৰমাণৰ প্ৰয়োজন।
Read More
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা প’লাৰ্ডৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা প’লাৰ্ডৰ

ৱেষ্ট ইণ্ডিজৰ সীমিত অভাৰৰ অধিনায়ক কীৰন প'লাৰ্ডে বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। কিন্তু বিশ্বজুৰি ব্যক্তিগত টি-২০ আৰু টি-১০ লীগত খেলা অব্যাহত ৰাখিব। ২০০৭ চনত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰা ৩৪ বছৰীয়া প'লাৰ্ডে ভাৰতৰ বিৰুদ্ধে তেওঁৰ অন্তিম শৃংখলা খেলিছিল। তেওঁ দীৰ্ঘ সময় ধৰি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছৰ সৈতে জড়িত হৈ আছে। প'লাৰ্ডে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম পৃষ্ঠাত ঘোষণা কৰে, 'বিতং আলোচনাৰ পিছত, মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো। দহ বছৰ বয়সৰ পৰা ৱেষ্ট ইণ্ডিজৰ হৈ খেলাটো মোৰ সপোন আছিল আৰু মই গৌৰৱান্বিত যে খেলখনৰ টি-২০ আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটত মই ৱেষ্ট ইণ্ডিজক ১৫ বছৰৰো অধিক সময় ধৰি…
Read More
অম্লানলৈ অসম এথলেটিকচ্ সন্থাৰ সম্বৰ্ধনা

অম্লানলৈ অসম এথলেটিকচ্ সন্থাৰ সম্বৰ্ধনা

ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত বৰ্তমান এক চৰ্চিত নাম অসম সন্তান তথা দৌৰবিদ অম্লান বৰগোঁহাই। চলিত বৰ্ষৰ ৬ এপ্ৰিলত কেৰেলাৰ পৰা অসমবাসীলৈ সেই ভাল খবৰটো আহিছিল। কেৰালাৰ কালিকটত অনুষ্ঠিত হোৱা ২৫ সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাইয়ে ট্ৰেকত বিজুলী গতিত দৌৰি শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে পুৰুষৰ ২০০ মিঃ দৌৰত ২০.৫২ চেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভেৰে ২২তম এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে। অসমলৈ নিজৰ পাৰদৰ্শিতাৰে সুনাম কঢ়িয়াই অনা খেলুৱৈগৰাকীক আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসম এথলেটিকচ্ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে। অসম এথলেটিকচ্ সন্থাৰ সম্পাদক অশোক কুমাৰ ভৰালীয়ে আঁত ধৰা অনুষ্ঠানটিত অম্লানে 'সন্মুখত যদিও এছিয়ান গেমছ,কিন্তু মোৰ সপোন আৰু প্ৰধান লক্ষ্য…
Read More
সম্পূৰ্ণ ৰাইজৰ দল

সম্পূৰ্ণ ৰাইজৰ দল

অৱশেষত ‘ৰাইজৰ দল’ ৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল। ভাৰতৰ নিৰ্বাচন আয়োগে ৰাইজৰ দলক ভাৰতবৰ্ষৰ এটা পঞ্জীয়নভুক্ত ৰাজনৈতিক দল হিচাপে স্বীকৃতি প্ৰদান কৰিলে। ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পঞ্জীয়ন প্ৰমাণ পত্ৰ খন বুধবাৰে ডাকযোগে লাভ কৰে ৰাইজৰ দলে। উল্লেখ্য যে, যোৱা ৪ ফেব্ৰুৱাৰী, ২০২১ তেই পঞ্জীয়নৰ কাৰণে আবেদন কৰা হৈছিল।
Read More
বলীউড-পাঞ্জাৱী সংগীত পৰিচালক ৰাজবীৰ সিঙৰ অসমীয়া গীত মুকলি

বলীউড-পাঞ্জাৱী সংগীত পৰিচালক ৰাজবীৰ সিঙৰ অসমীয়া গীত মুকলি

বলীউড আৰু পাঞ্জাৱী সংগীতজগতত সংগীত পৰিচালক হিচাপে সুপ্ৰতিষ্ঠিত ৰাজবীৰ সিঙে অসমীয়া আৰু পাঞ্জাৱী ভাষাত প্ৰস্তুত কৰা “মায়াবিনী” শীৰ্ষক এটি গীত আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰে। সাংবাদিক হেমন্ত শৰ্মাই আঁতধৰা অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সাংস্কৃতিক-সামাজিক কৰ্মী উত্পল বনীয়াৰ লগতে গুৱাহাটী প্ৰেছ ক্লাবৰ উপ-সভাপতি ধনীৰাম কলিতা, সাংস্কৃতিক কৰ্মী অভিজিত শৰ্মা। আৰ এছ প্ৰডাকচনৰ প্ৰয়োজনাত নিৰ্মিত গীতটিৰ সংগীত-গীতিকাৰ আৰু কণ্ঠদানো কৰিছে ৰাজবীৰ সিঙে। সংগীত ব্যৱস্থাপনা সুমিত আচাৰ্যৰ। মিক্স এণ্ড মাষ্টাৰিং বিকাশ বৰুৱাৰ। আনহাতে, দৃশ্য-শ্ৰাব্য গীতটিত অভিনয় কৰিছে ৰাজবীৰ সিঙৰ লগতে বলীউড অভিনেত্ৰী হীনা কুমাৰীয়ে। তদুপৰি অসম আৰু মূম্বাইৰ বহুকেইগৰাকী নৃত্য শিল্পীয়ে গীতটিত অভিনয় কৰিছে। নৃত্যনিৰ্দেশনা কৰিছে ৰাজবীৰ…
Read More
জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ অভিনন্দন জনাই কলিংগ সাহিত্য উৎসৱৰ বিশেষ অনুষ্ঠান

জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ অভিনন্দন জনাই কলিংগ সাহিত্য উৎসৱৰ বিশেষ অনুষ্ঠান

 জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ অভিনন্দন জনাই কলিংগ সাহিত্য উৎসৱৰ বিশেষ অনুষ্ঠান যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈ যায়। কলিংগ সাহিত্য উৎসৱৰ "অসমীয়া কবিতাত ঐতিহ্য-চেতনা আৰু আধুনিকতা" বিষয়ত আলোচনাত অংশগ্ৰহণ কৰে অসমৰ চাৰিগৰাকী কবি ক্ৰমে নীলিম কুমাৰ, বিজয় শংকৰ বৰ্মন, দেৱৰাজ মিলি আৰু ৰঞ্জিত পাটগিৰিয়ে।  কলিংগ সাহিত্য উৎসৱে  অনুষ্ঠিত কৰা  'ভাষা উৎসৱ' অনুষ্ঠানত "সাম্প্ৰতিক অসমীয়া কবিতাত ঐতিহ্য-চেতনা আৰু আধুনিকতা" শীৰ্ষক বিষয়ত আলোচনা চক্ৰ খনি কবি তথা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱৰাজ মিলিয়ে আঁত ধৰে। অনুষ্ঠানৰ আৰম্ভণিতে জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ বিশেষ অভিনন্দন জনোৱা হয় । কবিতাৰ উক্ত অনুষ্ঠানত নীলিম কুমাৰে  অসমীয়া কবিতাত ঐতিহ্য চেতনা, বিজয় শংকৰ বৰ্মনে অসমীয়া…
Read More