অসম

ওদালগুৰিত আৰক্ষীয়ে সংঘৰ্ষত নিহত দুৰ্ধৰ্ষ ডকাইত কিনাৰাম বড়ো…

ওদালগুৰিত আৰক্ষীয়ে সংঘৰ্ষত নিহত দুৰ্ধৰ্ষ ডকাইত কিনাৰাম বড়ো…

বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলাত কেইবাটাও ডকাইতিৰ গোচৰত মষ্ট ৱাণ্টেড এজন ডকাইতক গুলীয়াই হত্যা কৰা হয়। ৰৌতা থানাৰ অন্তৰ্গত দৈফাং খুটিত এই ঘটনাৰ খবৰ পোৱা গৈছে। ভয়ংকৰ অপৰাধীজনৰ নাম কিনাৰাম বড়ো। আৰক্ষীৰ মতে, আৰক্ষীৰ দল আৰু ডকাইতৰ মাজত হোৱা গুলীয়াগুলিৰ সময়তে দুৰ্ধৰ্ষ ডকাইতজনৰ গুলীবিদ্ধ হৈ মৃত্যু ঘটে। এই ঘটনাত দুজন আৰক্ষীও গুলীত আঘাতপ্ৰাপ্ত হয়। ইফালে আৰক্ষীয়ে স্থানৰ পৰা এটা পিষ্টল আৰু সজীৱ কাৰ্টিজ উদ্ধাৰ কৰে।
Read More
মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ৩০টাকৈ বাসগৃহ…

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ৩০টাকৈ বাসগৃহ…

গুৱাহাটীঃ বৃহস্পতিবাৰে নিশা গুৱাহাটী মহানগৰীৰ এখন বজাৰত ব্যাপক অগ্নিকাণ্ড সংঘটিত হৈ কমেও ৩০টা ঘৰ ধ্বংস হয়। গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ অজন্তা পথত নিশা প্ৰায় ১০.১৫ বজাত সংঘটিত হয় এই ঘটনা। অৱশ্যে অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। সূত্ৰ অনুসৰি এই ঘটনাত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। ইফালে, এই অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ সন্দেহ। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। এই ঘটনাৰ পিছতে ১৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ততাতৈয়াকৈ সেই স্থানলৈ প্ৰেৰণ কৰা হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে তিনি ঘণ্টাৰো অধিক সময় সংগ্ৰাম কৰি জুই নিৰ্বাপন কৰে।
Read More
অসমৰ ৰাজ্যপালৰূপে শপত গ্ৰহণ গুলাব চান্দ কাটাৰিয়াৰ…

অসমৰ ৰাজ্যপালৰূপে শপত গ্ৰহণ গুলাব চান্দ কাটাৰিয়াৰ…

বুধবাৰে অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে গুলাব চান্দ কাটাৰিয়াই। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে ৭৮ বছৰীয়া কাটাৰিয়াই। ৰাজস্থানৰ উদয়পুৰৰ বাসিন্দা কাটাৰিয়াই কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত ১৯ ফেব্ৰুৱাৰীত কাৰ্যভাৰ ত্যাগ কৰা অধ্যাপক জগদীশ মুখীৰ উত্তৰাধিকাৰী হ’ব। ইয়াৰ পূৰ্বে কাটাৰিয়াই ৰাজস্থানৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাত ৰাজ্য বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
Read More
বিশিষ্ট কবি, গীতিকাৰ বিৰিঞ্চি কুমাৰ মেধিৰ দেহাৱসান

বিশিষ্ট কবি, গীতিকাৰ বিৰিঞ্চি কুমাৰ মেধিৰ দেহাৱসান

বিশিষ্ট কবি, গীতিকাৰ বিৰিঞ্চি কুমাৰ মেধিৰ দেহাৱসান। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি বুধবাৰে জিএমচিএইচত শেষ নিশ্বাস ত্যাগ অসমীয়া কবি-গীতিকাৰগৰাকীৰ। উল্লেখ্য যে, বিৰিঞ্চি কুমাৰ মেধি আকাশবাণী গুৱাহাটীৰ গীতিকাৰ হিচাপে সুপৰিচিত আছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। ‘যিদিনা মোক বিচাৰি নাপাবা’ শীৰ্ষক গীতেৰে জনপ্ৰিয় হৈ পৰা মেধিয়ে আন বহু যুগজয়ী গীত আৰু কবিতাৰে কাব্য আৰু সংগীত প্ৰেমীৰ মাজত নিজৰ ঠাই দখল কৰিবলৈ সক্ষম হৈছিল।
Read More
১৩ হাজাৰ টকাৰ ঘোচ লৈ গ্ৰেপ্তাৰ দক্ষিণ শালমৰা চক্ৰ বিষয়াৰ কাৰ্যালয় লাট মণ্ডল আবু তালেম মিঞা…

১৩ হাজাৰ টকাৰ ঘোচ লৈ গ্ৰেপ্তাৰ দক্ষিণ শালমৰা চক্ৰ বিষয়াৰ কাৰ্যালয় লাট মণ্ডল আবু তালেম মিঞা…

আকৌ ঘোচ লৈ জালত পৰিল আন এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। এইবাৰ দক্ষিণ শালমৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল আবু তালেম মিঞা। ভূমিৰ তথ্য সংক্ৰান্তত ১৩ হাজাৰ টকা ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ লাটমণ্ডল আবু তালেম।
Read More
মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

গুৱাহাটীঃ চাঞ্চল্যকৰ গুৱাহাটী দ্বৈত হত্যাকাণ্ডৰ প্ৰধান সন্দেহযুক্ত বন্দনা কলিতাক বুধবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। সোমবাৰে গুৱাহাটী আৰক্ষীয়ে তেওঁৰ সহযোগী দুই অৰূপ ডেকা আৰু ধনজিৎ ডেকাক আদালতত হাজিৰ কৰে। ৭ দিনৰ বাবে আৰক্ষীৰ ৰিমাণ্ডলৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি নুনমাটি আৰক্ষী থানাৰ জিম্মাত আছে। আনহাতে, জেৰাৰ সময়ত বন্দনা কলিতাই সহযোগী দুজনে কৰা বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। বন্দনাৰ নিৰ্দেশত মিছা কথা কৈছিল আৰু হত্যাকাণ্ড সংঘটিত কৰিছিল। উল্লেখ কৰিব পাৰি যে বন্দনা কলিতাই এই ষড়যন্ত্ৰ ৰচনা কৰি অৰূপ আৰু ধনজিতৰ সহায়ত স্বামী আৰু শাহুৱেকক হত্যা কৰা প্ৰধান অভিযুক্ত। তিনিওজনে এই যুটিটোক হত্যা কৰে, আৰু মেঘালয়ৰ…
Read More
চাঞ্চল্যকৰ! স্বামীক ছুৰীকাঘাত কৰি হত্যা কৰি থানাত আত্মসমৰ্পণ পত্নীৰ…

চাঞ্চল্যকৰ! স্বামীক ছুৰীকাঘাত কৰি হত্যা কৰি থানাত আত্মসমৰ্পণ পত্নীৰ…

ৰাজ্যত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বুধবাৰে শিলচৰত স্বামীক ছুৰীকাঘাত কৰি হত্যা এগৰাকী মহিলাৰ। শিলচৰৰ কবিউৰা মেহেৰপুৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। হত্যাকাণ্ড সংঘটিত কৰি আত্মসমৰ্পণ কৰিবলৈ শিলচৰ আৰক্ষী থানাত উপস্থিত হত্যাকাৰী মহিলাগৰাকী। শিলচৰ আৰক্ষীয়ে দোষীক ভুক্তভোগীৰ পত্নী মাপ্পী বেগম বুলি চিনাক্ত কৰিছে। ইফালে, ছুৰীৰে আঘাত কৰি হত্যা কৰা স্বামীৰ নাম ফাৰ্মিন উদ্দিন লস্কৰ। স্বামীৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰে মহিলাগৰাকীয়ে। এই সন্দৰ্ভত অধিক তদন্ত আৰম্ভ কৰিছে শিলচৰ আৰক্ষীয়ে।
Read More
নৱগঠিত উগ্ৰপন্থী সংগঠন GCLOৰ ৬ কেডাৰক আটক…

নৱগঠিত উগ্ৰপন্থী সংগঠন GCLOৰ ৬ কেডাৰক আটক…

আৰক্ষীৰ জালত নৱগঠিত উগ্ৰপন্থী সংগঠন GCLOৰ কেডাৰ। গোসাইগাঁৱত আটক হৈছে উগ্ৰপন্থী সংগঠন GCLOৰ ৬ সদস্য। KLOৰে শান্তি আলোচনা যোগাত্মক নহ’লে কূটাঘাতৰ হুংকাৰ দিছিল GCLO-এ। আটকাধীন ৬ সদস্য হৈছে- সঞ্জীৱ ৰায়, গৌতম ৰায়, উত্তম ৰায়, মনোজ ৰায়, অভিজিৎ বশিষ্ঠ আৰু দ্বীপেছ ৰায়। জীৱন সিংহৰ প্ৰত্যাৱৰ্তনৰ পাছতে আত্মপ্ৰকাশ ঘটিছিল GCLOৰ। উল্লেখ্য যে, কিছুদিন পূৰ্বে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে গঠন হৈছিল GCLOৰ নামেৰে এটা নতুন উগ্ৰপন্থী সংগঠন।
Read More
পলাতক ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ পৰা সুৰক্ষা দিয়াৰ বাবদ ধন লৈ গ্ৰেপ্তাৰ এজন…

পলাতক ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ পৰা সুৰক্ষা দিয়াৰ বাবদ ধন লৈ গ্ৰেপ্তাৰ এজন…

নগাঁৱৰ পলাতক ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ বাবদ পৰিয়ালৰ পৰা ধন লৈ গ্ৰেপ্তাৰ এজন লোক। ধৃত লোকজনৰ নাম শংকুমণি গোস্বামী। আৰক্ষীয়ে খুটিকাটীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক। এই প্ৰৱঞ্চনা শংকুমনিয়ে নগাঁও আৰক্ষীৰ আঁৰত কৰিছিল। পলাতক ড্ৰাগছ ব্যৱসায়ীজনৰ পৰিয়ালক ১ লাখ টকাৰ ধন দাবী কৰিছিল শংকুমণিয়ে। তাৰে ৬০ হাজাৰ টকা ইতিমধ্যে গ্ৰহণ কৰিছিল অভিযুক্তজনে। কিন্তু সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এছআই জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে শংকুমণি গোস্বামীক। আৰক্ষীয়ে অভিযুক্তৰ বাসগৃহৰ পৰা ৬০ হাজাৰ টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Read More
পলাশবাৰীত বোৱাৰীক নিৰ্যাতনৰ অভিযোগত আটক স্বামীসহ ৩জনক…

পলাশবাৰীত বোৱাৰীক নিৰ্যাতনৰ অভিযোগত আটক স্বামীসহ ৩জনক…

মঙলবাৰে পলাশবাৰীত এগৰাকী বোৱাৰীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰা হয় তিনিজনকৈ লোকক। খবৰ অনুসৰি কামৰূপ জিলাৰ পলাশবাৰীত এগৰাকী মহিলাক যৌতুক বিচাৰি স্বামী আৰু শহুৰেকে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। তদন্তৰ অন্তত আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীৰ স্বামী সমীন দাস, শহুৰেক শুক্লেশ্বৰ দাস আৰু শাহুৱেক ৰাণু দাসক। এই হাৰাশাস্তিৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত এই ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে, মাত্ৰ ৬ দিন পূৰ্বে ভুক্তভোগী মহিলাগৰাকীয়ে এটি সন্তান প্ৰসৱ কৰিছিল।
Read More