অসম

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত আইন অমান্য! গোচৰ ৰুজু যোৰহাট প্ৰশাসনৰ…

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত আইন অমান্য! গোচৰ ৰুজু যোৰহাট প্ৰশাসনৰ…

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বিৰুদ্ধে অসমত এক গোচৰ ৰুজু হৈছে। এক অভিযোগ অনুসৰি, চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰি ৰাহুলৰ ন্যায় যাত্ৰা চলোৱাৰ বাবে এই গোচৰ ৰুজু কৰা হয়। যোৰহাট চহৰৰ ভিতৰৰ নিৰ্ধাৰিত পথৰ সলনি আন এটা পথেৰে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ যোৱাৰ ফলত চহৰখনত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়। চহৰখনত অনুমোদিত পথৰ পৰিৱৰ্তে আন এটা পথেৰে যোৱাৰ অভিযোগত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ আৰু ইয়াৰ মুখ্য আয়োজকৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিলে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, যোৰহাটৰ কেবি ৰোডৰ পৰা ন্যায় যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু এই যাত্ৰা অনুমোদিত পথৰ পৰিৱৰ্তে চহৰখনৰ ভিতৰলৈ আন এটা পথেৰে…
Read More
ৰাহুল গান্ধী এটা এলিয়েনঃ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়া

ৰাহুল গান্ধী এটা এলিয়েনঃ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়া

ৰাহুল গান্ধীক এলিয়েন আখ্যা বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কটাক্ষ কৰি হাজোৰ বিধায়িকাগৰাকীয়ে সমালোচনা কৰে ৰাহুল গান্ধীক। বিধায়িকাগৰাকীয়ে কয়, ‘‘ৰাহুল গান্ধী এটা এলিয়েন। ৰাহুল গান্ধী কোন গ্ৰহৰ পৰা আহিছে গম নাপাওঁ। আজি আছে কাইলৈ আকৌ উৰি যাব নিজৰ গ্ৰহলৈ।’’ হাজোৰ গণেশ মন্দিৰত অনুষ্ঠিত স্বচ্ছ তীৰ্থ অভিযানৰ অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই। দলীয় কৰ্মীৰ লগতে জিলা বিজেপিৰ সভাপতি সুবল পাল সহিতে হাতত ঝাড়ু লৈ স্বচ্ছ তীৰ্থ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই। উল্লেখযোগ্য যে জনতাৰ কাষ চপাৰ উদ্দেশ্যে কংগ্ৰেছে দেশজুৰি আৰম্ভ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা। পূবৰ পৰা পশ্চিমলৈ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল…
Read More
পুনৰ আছুৰ মুখ্য উপদেষ্টাৰ পদত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

পুনৰ আছুৰ মুখ্য উপদেষ্টাৰ পদত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

পুনৰ আছুৰ মুখ্য উপদেষ্টাৰ পদত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। গুহাৱাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আছুৰ কাৰ্য নিৰ্বাহকত গ্ৰহণ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আছুৰ মৰিগাঁও অধিৱেশনৰ পূৰ্বে সৃষ্টি হৈছিল বয়স কেন্দ্ৰিক তীব্ৰ বিতৰ্কৰ। মৰিগাঁও অধিৱেশত সিদ্ধান্ত হৈছিল যে আছু উপদেষ্টা পদৰ বাবে নাথাকিব বয়সৰ কোনো উৰ্দ্ধ সীমা।
Read More
ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব পদত জ্যেষ্ঠ IAS বিষয়া ৰবি কোটা…

ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব পদত জ্যেষ্ঠ IAS বিষয়া ৰবি কোটা…

ৰাজ্যৰ পৰৱৰ্তী নতুন মুখ্য সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ১৯৯৩ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ড° ৰবি কোটাক। অসম-মেঘালয় বেচৰ আইএএছ বিষয়াগৰাকীক মঙলবাৰে ৰাজ্য চৰকাৰে এক অধিসূচনাৰ জৰিয়তে পৰৱৰ্তী মুখ্য সচিব পদত নিযুক্তি প্ৰদান কৰে। অহা ৩১ মাৰ্চত মুখ্য সচিব পদৰ পৰা পৱন কুমাৰ বৰঠাকুৰে অৱসৰ গ্ৰহণ কৰাৰ দিনাই বৰঠাকুৰৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিব ড° কোটাই৷ এগ্ৰোন’মী বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰীত স্বৰ্ণ পদক লাভ কৰা ৰবি কোটাই ১৯৯৩ চনত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰিছিল৷ ড° কোটাই যোৰহাটৰ উপায়ুক্ত হিচাপে ২০০২ চনৰ ২০ জুনত যোগ দিছিল আৰু ২০০৪ চনৰ ৯ ফ্ৰেব্ৰুৱাৰী পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিছিল৷ ইয়াৰ পিছত অসম চৰকাৰৰ বিভিন্ন…
Read More
আজি অসমলৈ আহিব ইছৰ’ৰ মুৰব্বী শ্ৰীধৰ সোমনাথ

আজি অসমলৈ আহিব ইছৰ’ৰ মুৰব্বী শ্ৰীধৰ সোমনাথ

আজি অসমলৈ আহিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ডঃ শ্ৰীধৰ পানিকাৰ সোমনাথ৷ তেওঁ নতুনকৈ স্থাপন হোৱা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মহানগৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি আবেলি ৩ বজাত ইছৰ’ৰ অধ্যক্ষ ডঃ সোমনাথে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিব। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চন্দ্ৰযান-৩ৰ সফলতাৰ বিজয় উৎসৱ তথা ইছৰ’ৰ দ্বাৰা আদিত্য এল১ৰ সূৰ্যমুখী অভিযান উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ইছৰ’ৰ অধ্যক্ষ ডঃ সোমনাথক সম্বৰ্ধনা জনোৱা হ’ব বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড° যোগেশ কাকতিয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ২০২৪ -২৫ বৰ্ষৰ পৰা নিৰ্ধাৰিত সকলো বিষয়তে স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে৷ বিশ্ববিদ্যালয়খনে বৰ্তমান…
Read More
আজি শিল্পী দিৱস! ৰাজ্যজুৰি স্মৰণ সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক

আজি শিল্পী দিৱস! ৰাজ্যজুৰি স্মৰণ সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক

আজি ১৭ জানুৱাৰী। আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ৰাজ্যজুৰি পালন কৰা হয় শিল্পী দিৱস। ৰূপকোঁৱৰৰ ৭৩ সংখ্যক মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীতো সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰক স্মৰণ কৰাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ বিশেষ কাৰ্যসূচীৰ উপৰিও যোৰহাটত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয় শিল্পী দিৱসৰ আয়োজন কৰা হয়। অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৭ জুন, ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল। তেওঁ প্ৰথম অসমীয়া বোলছবি জয়মতী চিনেমাৰ জৰিয়তে অসমত চলচ্চিত্ৰৰ ধাৰা আৰম্ভ কৰে। চিনেমা নিৰ্মাণৰ সমান্তৰালকৈ আগৰৱালাই গীতিকাৰ, নাট্যকাৰ, লেখক…
Read More
কাৰ্যনিৰ্বাহক বৈঠকত য়ুথ কনক্লেভৰ প্ৰস্তাৱ

কাৰ্যনিৰ্বাহক বৈঠকত য়ুথ কনক্লেভৰ প্ৰস্তাৱ

দিছপুৰ প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত হোৱা যুৱ সাংবাদিক মঞ্চ, অসমৰ কাৰ্য নিৰ্বাহক বৈঠকত এখন য়ুথ কনক্লেভ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয় । ৰাজনৈতিক, সামাজিক, বানিজ্যিক আদি ক্ষেত্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু সাঙুৰি লৈ অনুষ্ঠিত হব এই কনক্লেভ । আজিৰ সভাত মঞ্চই ভৱিষ্যতে সংবাদ জগতৰ বাবে কৰিবলগীয়া কাম সমূহৰ বিষয়তো গুৰুত্বপূৰ্ণ আলোচনা কৰে।ইফালে, আজিৰ কাৰ্য নিৰ্বাহক বৈঠকতে যুৱ সাংবাদিক মঞ্চৰ পূৰ্নাংগ সমিতি গঠন কৰা হয়। নতুন সমিতি ক্ৰমে, সভাপতি নীতিশ শৰ্মা, উপ সভাপতি মঞ্জুশ্ৰী কলিতা, কাৰ্যকৰী সভাপতি পংকজ মেধি, সম্পাদক দিব্যজ্যোতি দাস, যুটীয়া সম্পাদক হিৰুল হ'ক, হিমাক্ষী বৰুৱা, সাংগঠনিক সম্পাদক শ্বাহ আলম, বিত্ত সম্পাদক ৰঞ্জিতা দেবী, প্ৰচাৰ সম্পাদক বসন্ত দাস, সাহিত্য…
Read More
ভোগালীৰ আনন্দৰ মাজতে নলবাৰীত শোকাবহ পথ দুৰ্ঘটনা! মৃত্যু যুৱকৰ

ভোগালীৰ আনন্দৰ মাজতে নলবাৰীত শোকাবহ পথ দুৰ্ঘটনা! মৃত্যু যুৱকৰ

ভোগালীৰ আনন্দ-উলাহৰ মাজতে নলবাৰীত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ হাজো-নলবাৰী পথৰ বেতকাটাত সংঘটিত হয় এই দুৰ্ঘটনা৷ এখন অট'ৰিক্সা, বাইক আৰু এখন স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় এজন স্কুটী আৰোহীয়ে। নিহত ব্যক্তিজন নলবাৰীৰ কৰিয়াৰ প্ৰণৱ দাস বুলি জানিব পৰা গৈছে ৷ আনহাতে AS 01 RC 3154 নম্বৰৰ অট'ৰিক্সাৰ তিনিজন আৰোহী গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত৷ আহত আটাইকেইজনকে নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে৷ আহত সকলৰ নাম আৰু পৰিচয় জানিব পৰা হোৱা নাই৷ জানিব পৰা মতে, শহুৰেকৰ ঘৰত বিহু খাই নিশা এখন নম্বৰপ্লেট বিহীন স্কুটীৰে নলবাৰীৰ পৰা হাজো অভিমুখে গৈ থকাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় প্ৰণৱ দাসে৷…
Read More
পহিলা মাঘত বনভোজ খাবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনা! আহত ২৪ জন

পহিলা মাঘত বনভোজ খাবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনা! আহত ২৪ জন

মাঘৰ প্ৰথমটো দিনটোতেই হাইলাকান্দিত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। জানিব পৰা মতে, হাইলাকান্দিৰ কাটাখালত বনভোজকাৰী দল কঢ়িয়াই নিয়া এখন তীব্ৰবেগী ট্ৰেভেলাৰ আৰু এল্ট’ বাহনৰ মুখামুখি সংঘৰ্ষৰ পিছতে পথৰ পৰা উফৰি দ খাৱৈত বাগৰি পৰে ট্ৰেভেলাৰখন। এই দুৰ্ঘটনাত ২৪ জন লোক আহত হয়। ইয়াৰে ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰ গাড়ীখন AS11 BC 2102 নম্বৰৰ আছিল। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু SDRFৰ দল উপস্থিত হৈছে। বনভোজ খাবলৈ গৈ এনেদৰে দুৰ্ঘটনাত পতিত হৈ বৰ্তমান চিকিৎসালয়ত ভৰ্তি আছে বনভোজকাৰী দলটো। এই দলটোত মুঠ কিমানগৰাকী ব্যক্তি আছিল তথা তেওঁলোকৰ বিষয়ে সবিশেষ বৰ্তমানলৈ জানিব পৰা হোৱা…
Read More
আনন্দ মিশ্ৰক চিনি নাপায় গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

আনন্দ মিশ্ৰক চিনি নাপায় গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

নিজৰ বিভাগৰে এগৰাকী জিলা আৰক্ষী অধক্ষকক চিনি নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই! আই পি এছ আনন্দ মিশ্ৰ কোন বুলি সাংবাদিককে ওলোটাই প্ৰশ্ন কৰা মুখ্যমন্ত্ৰীৰ এনে মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, শেহতীয়াকৈ অসম আৰক্ষীৰ আৰক্ষী অধীক্ষকৰ পদত্যাগৰ বাবে পদত্যাগ পত্ৰ দাখিল কৰিছিল বিভিন্ন সময়ত চৰ্চাত থকা আইপিএছ আনন্দ মিশ্ৰই। ইতিমধ্যে নিজৰ পছন্দৰ বাইক দুখন ৰে’লযোগে জন্মভূমি বিহাৰলৈ প্ৰেৰণ কৰাৰ পিছত ১৬ জানুৱাৰী অৰ্থাৎ আজি ৰাজ্য এৰাৰ কথা আছিল আনন্দ মিশ্ৰই। কিন্তু চৰ্চা অনুসৰি আনন্দ মিশ্ৰৰ পদত্যাগ পত্ৰ ৰাজ্যৰ গৃহ বিভাগে গ্ৰহণ নকৰি তেওঁক হেড কোৱাৰ্টাৰ ক্লজ কৰা হৈছে। এই সন্দৰ্ভত আজি আহতগুৰি ম’হযুঁজ উদ্বোধন কৰিবলৈ যোৱা মুখ্যমন্ত্ৰী…
Read More