অসম

বিশ্বনাথ চাৰিআলিত সৰবৰাহৰ সময়তে জব্দ ২১টা গৰু…

বিশ্বনাথ চাৰিআলিত সৰবৰাহৰ সময়তে জব্দ ২১টা গৰু…

বিশ্বনাথ চাৰিআলিৰ আৰক্ষীয়ে কথিত চোৰাং ব্যৱসায়ীৰ পৰা ২১টা গৰু জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত বিশ্বনাথ আৰক্ষীয়ে AS-25-CC 9678 নম্বৰৰ এখন বাহনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় সৰবৰাহৰ বাবে অনা গৰু কেইটা। আৰক্ষীয়ে এটা গোপন সূত্ৰৰ ভিত্তিত এটা চেক পোষ্ট স্থাপন কৰি প্ৰথমে গাড়ীখন জব্দ কৰে। ইফালে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনকো আটক কৰা হয়। অভিযুক্ত দুজনক ছিপাঝাৰ জিলাৰ চহাদত সাহানী আৰু ৰিকি আহমেদ বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মতে, গৰুকেইটা অন্য ৰাজ্যলৈ লৈ যোৱা হৈছিল। এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছিল আৰু অধিক তদন্ত অব্যাহত আছে।
Read More
খহি পৰিল কামপুৰৰ নৱনিৰ্মিত কপিলী দলং, ৩ শ্ৰমিক আহত…

খহি পৰিল কামপুৰৰ নৱনিৰ্মিত কপিলী দলং, ৩ শ্ৰমিক আহত…

কামপুৰত অঘটন৷ খহি পৰিল কামপুৰৰ নৱনিৰ্মিত কপিলী দলং৷ দলঙৰ পৰা পৰি আহত ৩ জন শ্ৰমিক। সংকটজনক অৱস্থাত তিনিওজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ দলঙৰ তলত আৰু শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে৷ নিম্নমানৰ সামগ্ৰীৰে দলং নিৰ্মানৰ অভিযোগ ৰাইজৰ৷ এই ঘটনাৰ পিছতে দলং নিৰ্মাণৰ ঠিকাদাৰৰ লগতে সকলো কৰ্মচাৰীৰ পলায়ন৷
Read More
কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এজনক আটক…

কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এজনক আটক…

ড্ৰাগছৰ বিৰুদ্ধে আন এক বৃহৎ সফলতা কাৰ্বিআংলং আৰক্ষীৰ। খটখটীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ হেৰ’ইন। গোপন খবৰৰ ভিত্তিত অভিযান চলাই এখন বাহনৰ পৰা উদ্ধাৰ কৰে হেৰ’ইনখিনি। ৪৮টা চাবোনৰ বাকচত লুকুৱাই সৰবৰাহ কৰা হৈছিল কোটি টকা মূল্যৰ হেৰ’ইনখিন। ঘটনা সন্দৰ্ভত এজনক আটক কৰিছে আৰক্ষীয়ে। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰখা হৈছে।
Read More
শীঘ্ৰে শ্ৰীলংকাৰ দৰেই হ’ব অসমৰো অৰ্থনৈতিক অৱস্থাঃ অখিল গগৈ

শীঘ্ৰে শ্ৰীলংকাৰ দৰেই হ’ব অসমৰো অৰ্থনৈতিক অৱস্থাঃ অখিল গগৈ

ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে অসমৰ অৰ্থনৈতিক অৱস্থা শ্ৰীলংকাৰ দৰেই হ’বলৈ গৈ আছে। অসম চৰকাৰৰ ওপৰত ঋণৰ পৰিমাণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক ঋণ অনুমোদন দিয়া বন্ধ কৰি দিছে। তেওঁ কয়, ‘২০২২ চনৰ নৱেম্বৰৰ পৰা অসম চৰকাৰৰ ঋণৰ পৰিমাণ ১,২৭,০৭৩ কোটি টকা। ২০১৬ চনলৈকে ঋণৰ পৰিমাণ আছিল ৪১,৯৪৬ কোটি টকা। বৰ্তমান শ্ৰীলংকাৰ দৰে অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাৰ পৰা আমাৰ ৰাজ্যখন বহু দূৰত নহয়।” ইয়াৰ পূৰ্বে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই অখিল গগৈয়ে অসম চৰকাৰৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল যে চৰকাৰে সদায় গুৰুত্বপূৰ্ণ বিষয়সমূহ দমন কৰিবলৈ চেষ্টা কৰি আহিছে। অখিল…
Read More
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগত ৰাজ্যত ২২ জনক আটক…

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগত ৰাজ্যত ২২ জনক আটক…

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এতিয়ালৈকে ৰাজ্যত আটক ২২ জনক। টুইটযোগে এই তথ্য সদৰী কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে। প্ৰশ্নকাকত ফাদিলৰ অভিযোগত গুৱাহাটীত ৩ জনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আটক কৰা হৈছে এজনক। লখিমপুৰত আটক কৰা হৈছে ৫ জন ছাত্ৰক। সেইদৰে ধেমাজিৰ পৰা আটক কৰা হৈছে এজন ছাত্ৰক। আনহাতে ডিব্ৰুগড়ৰ পৰা ৫ জন, শদিয়া আৰু তিনিচুকীয়াৰো কেইবাজনো ছাত্ৰক আটক কৰা হৈছে। উল্লেখ্য যে, চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে দেওবাৰে নিশা বাতিল কৰা হৈছিল পৰীক্ষা। ইয়াৰ পিছতে এই প্ৰশ্নকাকত ফাদিল কাণ্ডৰ চিআইডি তদন্ত চলোৱা হৈছিল। অহা ৩০ মাৰ্চত বিজ্ঞানৰ পৰীক্ষাৰ নতুন তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।
Read More
প্ৰশ্নকাকত ফাদিল! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে সৰৱ বিৰোধী…

প্ৰশ্নকাকত ফাদিল! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে সৰৱ বিৰোধী…

আজিৰ পৰীক্ষাৰ পূৰ্বে চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে বিৰোধীয়ে চৰকাৰ আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। বিষয়টো পোহৰলৈ অহাৰ পাছতে কালি নিশা মাধ্যমিক শিক্ষা ব’ৰ্ড, অসমে এক অধিসূচনা প্ৰকাশ কৰি আজিৰ পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰে। এয়া প্ৰথমটো নহয় কিয়নো ইয়াৰ পূৰ্বে কেইবাটাও প্ৰতিবেদনত পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ দাবী কৰা হৈছিল। অৱশ্যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই বাতৰিক মিছা আখ্যা দি পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱা বুলি অস্বীকাৰ কৰিছিল। ইফালে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা বিৰোধী দলসমূহে এই সন্দৰ্ভত বিজেপি নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰে। কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইনে নেতৃত্ব…
Read More
৪ বছৰ অসমত কাৰাবন্দী হৈ থাকি অৱশেষত নেপালৰ স্বগৃহলৈ উভতিল এগৰাকী বৃদ্ধা…

৪ বছৰ অসমত কাৰাবন্দী হৈ থাকি অৱশেষত নেপালৰ স্বগৃহলৈ উভতিল এগৰাকী বৃদ্ধা…

২০১৮ চনৰ পৰা নিৰুদ্দেশ হৈ থকা নেপালৰ এগৰাকী মহিলাই অৱশেষত চাৰি বছৰ অসমত থকাৰ পিছত পুনৰ পৰিয়ালৰ সৈতে মিলিত হ’ল। খবৰ অনুসৰি ২০১৮ চনত নিৰুদ্দেশ হোৱাৰ পিছত কাছাৰ জিলাৰ শিলচৰ ডিটেনচন চেণ্টাৰত সন্ধান পোৱা যায় মহিলাগৰাকীৰ। দেওবাৰে কৰ্তৃপক্ষই তেওঁক পৰিয়ালৰহাতত গতাই দিয়ে। উল্লেখ্য যে ২০১৮ চনৰ নৱেম্বৰ মাহত জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা আৰক্ষীয়ে আটক কৰাৰ পিছত আদালতে জেললৈ প্ৰেৰণ কৰিছিল। আৰু তাৰ পিছত তেওঁ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিবলৈ লৈছিল। বৈধ নথি-পত্ৰ অবিহনে সীমান্ত পাৰ হোৱাৰ বাবে পাছপ’ৰ্ট আইন, ১৯৬৭ৰ অধীনত দুবছৰ কাৰাদণ্ড ভুগিবলগীয়া হৈছিল। পৰিয়ালক গতাই দিওঁতে আৰক্ষী অধীক্ষক নুমল মহন্তই জনোৱা মতে, চাৰি বছৰ পূৰ্বে কাছাৰ জিলাৰ কাটিগড়া অঞ্চলৰ…
Read More
অহা ৩০ মাৰ্চত অনুষ্ঠিত হ’ব মেট্ৰিকৰ বিজ্ঞান পৰীক্ষাঃ ঘোষণা শিক্ষামন্ত্ৰীৰ…

অহা ৩০ মাৰ্চত অনুষ্ঠিত হ’ব মেট্ৰিকৰ বিজ্ঞান পৰীক্ষাঃ ঘোষণা শিক্ষামন্ত্ৰীৰ…

প্ৰশ্নকাকত ফাদিলৰ পিছতে বাতিল হোৱা মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব অহা ৩০ মাৰ্চত। উল্লেখ্য যে, ১৩ মাৰ্চ অৰ্থাৎ আজি অনুষ্ঠিত হোৱাৰ কথা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা। কিন্তু ১২ মাৰ্চত সামাজিক মাধ্যমত প্ৰশ্নকাকত ভাইৰেল হৈ পৰাৰ পিছতে মাজনিশা বাতিল কৰা হৈছিল আজি অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা। ইয়াৰ পিছতে পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰা হয় এটা নতুন দিন। সেই অনুসৰি অহা ৩০ মাৰ্চত অনুষ্ঠিত হ’ব বিজ্ঞানৰ পৰীক্ষা। ইফালে বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলক তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য। বিভিন্ন দল-সংগঠনে চৰকাৰ আৰু ছেবাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছে। শিক্ষা বিভাগে এই ফাদিল কাণ্ডৰ চিআইডি তদন্তৰ নিৰ্দেশ দিছে।
Read More
গৰৈমাৰীত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দুটা বাসগৃহ, ৫ লক্ষাধিক টকাৰ ক্ষতিসাধন

গৰৈমাৰীত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দুটা বাসগৃহ, ৫ লক্ষাধিক টকাৰ ক্ষতিসাধন

কামৰূপ জিলাৰ অন্তৰ্গত গৰৈমাৰীত শনিবাৰে পুৱা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, চৰকাৰী সৌৰ শক্তি কেন্দ্ৰত বেটাৰী বিস্ফোৰণৰ ফলত দুটা ঘৰ সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। এই ঘটনাত ঘৰৰ ভিতৰত থকা সকলো সামগ্ৰী, গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু নগদ ধন ধ্বংস হয়। ক্ষতিৰ পৰিমাণ ৫ লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে। অৱশ্যে স্থানীয় ৰাইজৰ চেষ্টাৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ পূৰ্বে জুই নিৰ্বাপিত হয়।
Read More
ধেমাজিত মেট্ৰিক পৰীক্ষাৰ্থীৰ আত্মহত্যাক লৈ চাঞ্চল্য…

ধেমাজিত মেট্ৰিক পৰীক্ষাৰ্থীৰ আত্মহত্যাক লৈ চাঞ্চল্য…

ধেমাজিত আত্মহত্যা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা এজন পৰীক্ষাৰ্থী। জানিব পৰা মতে, ধেমাজিৰ নগাখেকীয়া গাঁৱৰ এটা অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। নিহত ছাত্ৰজনৰ নাম বিৰাজ দত্ত। আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অধিক তদন্ত অব্যাহত আছে।
Read More