অসম

৩ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৩ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৩ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খবৰ অনুসৰি ৰাজ্যখনৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু বৃদ্ধিৰ পোষকতাৰ লক্ষ্যৰে কেইবা কোটি মূল্যৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব মোদীয়ে। ৩ ফেব্ৰুৱাৰীত যোৰহাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। য’ত তেওঁ ১২৫ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। পিছদিনা ৪ ফেব্ৰুৱাৰীত খানাপাৰাত এখন বিশেষ ৰাজহুৱা সভা অনুষ্ঠিত হ’ব, য’ত ৰাজ্য চৰকাৰৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰা হ’ব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কামাখ্যা মন্দিৰৰ কৰিড’ৰ আৰু আলাবৈৰ বেটেলৰ স্মৃতিত নিৰ্মাণ কৰা এখন উদ্যানো উদ্বোধন কৰিব।
Read More
ধুবুৰীৰ মোজেৰ আলী হত্যাকাণ্ড! ৯ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

ধুবুৰীৰ মোজেৰ আলী হত্যাকাণ্ড! ৯ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

এজন ব্যক্তিৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৯ জন লোকক আদালতে আজি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ লগতে ১০ হাজাৰ টকাকৈ জৰিমণা বিহে। ২০০৯ চনৰ ১১ নৱেম্বৰত ধুবুৰী জিলাৰ নোটাপাৰাত সংঘটিত মোজেৰ আলী নামৰ ব্যক্তিজনৰ নৃশংস হত্যাকাণ্ডৰ ৰায় প্ৰদান কৰি দোষীক এই শাস্তি বিহে আদালতে। উল্লেখ্য যে, শিলৰ কুঁৱেৰীক লৈ সূত্ৰপাত ঘটা সংঘাতৰ পিছতে মোজেৰ আলীক নৃশংসভাৱে হত্যা কৰিছিল আজাদ আলী, চাহিদুল হোক, জাহানুদ্দিন, জামালুদ্দিন, মজিবৰ ৰহমান, ওছমান আলী, নুৰতাজ আলী, আজিবৰ ৰহমান আৰু কাছেৰ আলীয়ে। মোজেৰ আলীৰ ভাতৃ মেহেৰ জামালে এই হত্যাকাণ্ড সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰিছিল ৯ অভিযুক্তক। ইফালে আজি আদালতে…
Read More
আলফাৰ শিৱিৰত বন্দী অসম আৰক্ষীৰ SI! মানস বৰগোঁহাইৰ দ্বিতীয়টো ভিডিঅ’ প্ৰকাশ নিষিদ্ধ সংগঠনৰ

আলফাৰ শিৱিৰত বন্দী অসম আৰক্ষীৰ SI! মানস বৰগোঁহাইৰ দ্বিতীয়টো ভিডিঅ’ প্ৰকাশ নিষিদ্ধ সংগঠনৰ

নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে প্ৰকাশ কৰে আৰক্ষীৰ চোৰাংচোৱাৰ অভিযোগত আলফাৰ শিৱিৰত বন্দী কৰি ৰখা মানস বৰগোঁহাই ওৰফে মুকুট অসমৰ দ্বিতীয়টো ভিডিঅ’। গ্ৰেপ্তাৰ আলফা কেডাৰজনে ভিডিঅ’টোত কয়, ‘মই মিছা কোৱা নাই, কেৱল মোৰ প্ৰকৃত পৰিচয়হে প্ৰকাশ কৰিছো… মই বিশেষ শাখাৰ এছ আই আৰু একেটা কথাই হাজাৰবাৰ ক’ম যে মই মিছা কথা কোৱা নাই। অসম আৰক্ষীত নিযুক্তি পোৱাৰ সময়ত মই দেউতাক এই বিষয়ে অৱগত কৰিছিলো আৰু লগতে মোৰ ইউনিফৰ্ম কিনিবলৈ দেউতাৰ পৰা টকা বিচাৰিছিলো।’’ ইয়াৰ উপৰিও মানস বৰগোহাঁইয়ে গুৱাহাটীৰ বেলতলা অঞ্চলৰ ৰয়েল এনক্লেভত প্ৰশিক্ষণ গ্ৰহণ কৰা বুলি স্বীকাৰোক্তি প্ৰদান কৰে আৰু নিষিদ্ধ সংগঠনটোৰ বিৰুদ্ধে যুঁজিবলৈ আণ্ডাৰ কভাৰ এজেণ্ট হিচাপে প্ৰশিক্ষণ লোৱা…
Read More
চৰকাৰৰ শূণ্য সহনশীলতা নীতি ধোঁৱাচাঙত তুলিছে বকোৰ স্থানীয় প্ৰশাসনে বাংলা ইটাভাটা মালিকক মুকলি সমৰ্থন

চৰকাৰৰ শূণ্য সহনশীলতা নীতি ধোঁৱাচাঙত তুলিছে বকোৰ স্থানীয় প্ৰশাসনে বাংলা ইটাভাটা মালিকক মুকলি সমৰ্থন

কামৰূপ জিলা প্ৰশাসনৰ বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰেই পূৰ্ণদ্যমে চলিছে অবৈধ বাংলা ইটাভাটা। প্ৰত্যক্ষ কৰা মতে ; তাৰাবাৰী ; টুলুপাৰা ; ১ নং বৰুৱা পথাৰ ; ঘিলাবাৰী ; বালিঝাৰ ; হাৰিভাংগা ; পদ্মপুৰকে ধৰি বহু অঞ্চলত একাংশ  অসাধু লোকে অবাধ গতিত অবৈধ ভাবে চলাই গৈছে বাংলা ইটা ভাটাৰ ব্যৱসায়। এই ইটা ভাটা স্থাপন কৰাৰ বাবে দাঁতি-কাষৰীয়া লোক তথা পৰিয়ালৰ সাংঘাটিক সমস্যা সৃষ্টি হৈছে বুলি অভিযোগ কৰিছে স্থানীয় লোকে। এই লৈ ভূক্তভোগী পৰিয়ালৰ তৰফৰ পৰা বাৰাম্বাৰ অভিযোগ দিয়া হৈছে কিন্তু সংশ্লিষ্ট  বিভাগৰ নিৰৱ ভূমিকাত সচেতন মহল চিন্তিত হৈ পৰিছে। ইফালে বহু স্থানত বিদ্যালয় ; পৰিয়ালৰ গৃহ…
Read More
৭৫ তম গণতন্ত্ৰ দিৱস পেৰেডত সংস্কৃতি মন্ত্ৰালয়ৰ প্ৰতিকীয়ে জিকিলে প্ৰথম পুৰস্কাৰ

৭৫ তম গণতন্ত্ৰ দিৱস পেৰেডত সংস্কৃতি মন্ত্ৰালয়ৰ প্ৰতিকীয়ে জিকিলে প্ৰথম পুৰস্কাৰ

সংস্কৃতি মন্ত্ৰালয়ৰ 'ইণ্ডিয়া: মাদাৰ অফ ডেমক্ৰেচী' শীৰ্ষক প্ৰতিকীয়ে ৭৫ তম গণতন্ত্ৰ দিৱস পেৰেডত অন্তৰ্ভুক্ত প্ৰতিকীৰ ভিতৰত প্ৰথম পুৰস্কাৰ লাভ কৰিছে। সোমবাৰে এই ঘোষণা কৰা হয়। সংস্কৃতি মন্ত্ৰালয়ে এক বিবৃতিত কয় যে প্ৰতিকী পৰম্পৰা আৰু উদ্ভাৱনৰ এক মিশ্ৰণ আছিল আৰু "ভাৰতৰ সাংস্কৃতিক ঐতিহ্য – যাক প্ৰায়ে গণতন্ত্ৰৰ মাতৃ বুলি কোৱা হয়" প্ৰদৰ্শন কৰিবলৈ 'অৰূপিক' প্ৰযুক্তিৰ উৎকৃষ্ট ব্যৱহাৰে দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰিছিল। আমাৰ উপস্থাপনত এনামৰ্ফিক কৌশল দক্ষতাৰে গ্ৰহণ কৰা হৈছিল। এই প্ৰযুক্তিয়ে ইয়াক সমসাময়িক কৰি তুলিছিল, যিয়ে আমাৰ সংস্কৃতিৰ গতিশীলতা প্ৰতিফলিত কৰে। ইয়াত আধুনিকতাৰ সংমিশ্ৰণে পৰম্পৰাগত উপাদানবোৰক অনায়াসে আকৰ্ষণ কৰিছিল। আমি এটা প্ৰতিকী সৃষ্টি কৰিছিলো যিয়ে শৈল্পিক দক্ষতা আৰু সাংস্কৃতিক আভাস আনিছিল।
Read More
ব্যৱসায়ীৰ পৰা মুক্তিপণৰ দাবী গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ নিষিদ্ধ সংগঠন KLO-KNৰ কেডাৰ

ব্যৱসায়ীৰ পৰা মুক্তিপণৰ দাবী গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ নিষিদ্ধ সংগঠন KLO-KNৰ কেডাৰ

নিষিদ্ধ সশস্ত্ৰ সংগঠন কামতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ কোচ জাতীয়তাবাদ ফৈদৰ সদস্য কনক অধিকাৰীক দেওবাৰে সন্ধিয়া গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, কোকৰাঝাৰ জিলাৰ ৰামফলবিল গাঁৱৰ নিবাসী কনক অধিকাৰীক গৌৰীপুৰৰ এজন ব্যৱসায়ীৰ পৰা মুক্তিপণৰ ধন গ্ৰহণ কৰি থকা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰা হয়। বাতৰি অনুসৰি কে এল অ’-কে এন উগ্ৰপন্থীৰ এটা দলে কিছুদিনৰ পৰা গৌৰীপুৰৰ পৰা বিভিন্ন ব্যৱসায়ীৰ পৰা ধন দাবী কৰি আহিছে আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন (বি টি আৰ)ৰ অন্তৰ্গত গৌৰীপুৰৰ কাষৰীয়া বনাঞ্চলৰ পৰাই কাম কৰি আহিছে। অসম আৰু পশ্চিমবংগৰ কিছু অংশকে ধৰি সুকীয়া কামতাপুৰ ৰাজ্যৰ বাবে যুঁজি থকা কে এল অ’ৰ বিচ্ছিন্ন ফৈদ হৈছে কে এল…
Read More
আলফালৈ প্ৰেৰণ কৰা হোৱা নাই মানস বৰগোঁহাই নামৰ কোনো লোককঃ দাবী অসম আৰক্ষীৰ…

আলফালৈ প্ৰেৰণ কৰা হোৱা নাই মানস বৰগোঁহাই নামৰ কোনো লোককঃ দাবী অসম আৰক্ষীৰ…

ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছম-ইণ্ডিপেণ্ডেণ্ট (আলফা-আই)ৰ এটা ভিডিঅ’ প্ৰকাশ কৰাৰ কেইঘণ্টামানৰ পাছতে দেওবাৰে অসম আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনটোৰ ভিতৰত আৰক্ষীৰ চোৰাংচোৱা থকাৰ অভিযোগ খণ্ডন কৰে। নিষিদ্ধ সংগঠনটোৱে কৰা দাবী খণ্ডন কৰি আৰক্ষীয়ে এক বিবৃতিত কয় যে মানস বৰগোহাঁই নামৰ কোনো ব্যক্তিক চোৰাংচোৱা হিচাপে আলফা স্বাধীনৰ শিবিৰলৈ প্ৰেৰণ কৰা হোৱা নাছিল। আৰক্ষীয়ে লগতে কয় যে অসম আৰক্ষীয়ে ২০২১চনৰ শাখাত আৰক্ষীৰ বিশেষ দলত কাকো নিযুক্তি দিয়া নাই। উল্লেখ্য যে, আলফা স্বাধীনে এটা ভিডিঅ’ৰ জৰিয়তে ‘সংগঠনৰ সংবিধান উলংঘা’ কৰাৰ অভিযোগত বৰগোহাঁই ওৰফে মুকুট অসমক বন্দী কৰা বুলি সদৰী কৰিছিল। পিছত এটা কথিত ভিডিঅ’ত বৰগোহাঁইয়ে অসম আৰক্ষীৰ বিশেষ শাখাত নিযুক্তি দিয়াৰ কথা স্বীকাৰ কৰে। যুৱকজনে…
Read More
বিজেপিমুখী কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈ, অংকিতা দত্তই; আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰো যোগদানৰ সম্ভাৱনা

বিজেপিমুখী কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈ, অংকিতা দত্তই; আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰো যোগদানৰ সম্ভাৱনা

লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত দল সলনিৰ ৰাজনীতি! কংগ্ৰেছ ত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে। লগতে কংগ্ৰেছ ত্যাগ কৰিব অংকিতা দত্তইও। খবৰ অনুসৰি, কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিবলৈ সাজু হৈছে দুই কংগ্ৰেছী নেত্ৰী। অহা ২৮ জানুৱাৰীত বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা দুয়োগৰাকী কংগ্ৰেছী নেত্ৰীৰ। উল্লেখযোগ্য যে, কংগ্ৰেছৰ এই দুয়োগৰাকী নেত্ৰীৰ লগতে বিজেপিত যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰা কেইবাগৰাকীও ছাত্ৰ নেতাই৷ এই মুহূৰ্তত আহি পৰা খবৰ অনুসৰি, বিজেপিত যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ আৰু প্ৰাক্তন আছু নেতা প্ৰকাশ দাসে।
Read More
অনা-অসমীয়াক আক্ৰমণ! গুৱাহাটীত গ্ৰেপ্তাৰ লাচিত সেনাৰ ৬ সদস্যক

অনা-অসমীয়াক আক্ৰমণ! গুৱাহাটীত গ্ৰেপ্তাৰ লাচিত সেনাৰ ৬ সদস্যক

অনা-অসমীয়া লোকক আক্ৰমণৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ ৬ সদস্যক। জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ সদস্য কেইজনক। অভিযোগ অনুসৰি, এজন বিহাৰী সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰিছিল লাচিত সেনাৰ সদস্য কেইজনে। ধৃত সদস্য কেইজন হ’ল কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ বৰুৱা, তপন কুমাৰ শৰ্মা, ৰবি দিহিঙীয়া, মতিউৰ ৰহমান, বিক্ৰান্ত কলিতা আৰু মনোজ ডেকা।
Read More
অৱশেষত অসম এৰিলে IPS আনন্দ মিশ্ৰই, আৰম্ভ কৰিব জীৱনৰ নতুন ইনিংছ

অৱশেষত অসম এৰিলে IPS আনন্দ মিশ্ৰই, আৰম্ভ কৰিব জীৱনৰ নতুন ইনিংছ

বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত অসম এৰি বিহাৰমুখী হ’ল ডাবাং আৰক্ষী বিষয়া আনন্দ মিশ্ৰ। ১২ বছৰীয়া প্ৰশাসনিক কেৰিয়াৰৰ অন্ত পেলাই বিহাৰত নতুনকৈ জীৱনৰ পাতনি মেলিব আনন্দ মিশ্ৰই। আজি পুৱা ৯ বাজি ১৫ মিনিটত ইণ্ডিগ’ বিমানযোগে নিজ মাতৃভূমিলৈ ৰাওনা হয় আনন্দ মিশ্ৰ। বিহাৰলৈ ৰাওনা হোৱাৰ এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সন্মুখত আনন্দ মিশ্ৰই কয় ‘‘মই সামাজিক কৰ্মী হিচাপে থাকিম। ভাল মানুহ হৈ থাকিম। এজন মানুহ যিয়ে দেশক ভাল পায় তেনেকুৱা মানুহ হৈ থাকিম। খাকী নিপিন্ধিলেও, যি কাপোৰ নিপিন্ধো কিয় তাত দাগ নাথাকিব।’’ অসম সন্দৰ্ভত আনন্দ মিশ্ৰই কয়, ‘‘অসমৰ পৰা মই বহুত কথা শিকিলো। অসমে মোক বহু কথা শিকালে। অসম মোৰ সদায় গুৰু…
Read More