অসম

৪ বছৰত ইউএপিএৰ অধীনত ৫,০২৩ টা গোচৰ ৰুজু

৪ বছৰত ইউএপিএৰ অধীনত ৫,০২৩ টা গোচৰ ৰুজু

কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে মঙলবাৰে লোকসভাত কয় যে ৰাষ্ট্ৰদ্ৰোহ আৰু দেশৰ বিৰুদ্ধে অপৰাধৰ বাবে ২০১৮ চনৰ পৰা ২০২২ চনলৈ  ৭০১ টা গোচৰ ৰুজু কৰা হয় আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত ৫,০২৩ টা গোচৰ ৰুজু কৰা হয়। তেওঁ এক লিখিত উত্তৰত কয় যে ৰাজদ্ৰোহ আৰু দেশৰ বিৰুদ্ধে অপৰাধৰ অধীনত পঞ্জীয়ন কৰা গোচৰৰ সংখ্যা ২০২১ চনত ১৪৯ ৰ পৰা ২০২২ চনত ৬৮ লৈ হ্ৰাস পাইছে। একেদৰে, ইউএপিএৰ অধীনত পঞ্জীয়ন কৰা গোচৰৰ সংখ্যা ২০২১ চনত ৮১৪ ৰ পৰা ২০২২ চনত ১০০৫ লৈ বৃদ্ধি পাইছে। তেওঁ কয় যে এই সময়ছোৱাত ৭৮৮ জন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু ৫০০ জন লোকক…
Read More
লক্ষীমপুৰত আন্তঃজিলা জুনিয়ৰ-চিনিয়ৰ এথলেটিকছৰ সামৰণি শ্ৰেষ্ঠ দল ডিব্ৰুগড় জিলা ,দ্বিতীয় শ্ৰেষ্ঠ শিৱসাগৰ জিলা

লক্ষীমপুৰত আন্তঃজিলা জুনিয়ৰ-চিনিয়ৰ এথলেটিকছৰ সামৰণি শ্ৰেষ্ঠ দল ডিব্ৰুগড় জিলা ,দ্বিতীয় শ্ৰেষ্ঠ শিৱসাগৰ জিলা

গুৱাহাটী-অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত ৩দিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৫ সংখ্যক জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে। ৰাজ্যৰ ১২২০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহন কৰা এই বৰ্ষৰ প্ৰতিযোগিতাখনক এথলীট সকলে সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতা বুলিও‌ অভিহিত কৰে। আনহাতে প্ৰতিযোগিতাখনত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ডিব্ৰুগড়ে  শ্ৰেষ্ঠ দল আৰু শিৱসাগৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে। ইপিনে  প্ৰতিযোগিতা‌ত ভিন্ন ইভেন্টত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়াই প্ৰতিটো শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা খেলুৱৈসকল ক্ৰমে-  ১৪ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ দ্ৰোণ পেগু(ধেমাজি), ছোৱালী শাখাত প্ৰতিক্ষা চেতিয়া(শিৱসাগৰ),১৬ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ স্নিগ্ধ প্ৰতীম কোঁৱৰ (শিৱসাগৰ),ছোৱালী শাখাত জেচমিন বৰা (ধেমাজি) ,১৮ বছৰ অনুৰ্ধ্ব লৰা…
Read More
সমাপ্ত হল ড° শাসনবংশ মহাথেৰাৰ ‘পয় লেং’ উৎসৱ

সমাপ্ত হল ড° শাসনবংশ মহাথেৰাৰ ‘পয় লেং’ উৎসৱ

সোণাৰি, চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত বিগত বৰ্ষৰ ২৩ আগষ্টৰ নিশা ৯৮ বছৰ বয়সত নির্বাণগামী হোৱা ড° শাসনবংশ মহাথেৰা ভান্তেৰ 'পয় লেং' উৎসৱ তিনি ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে নির্বাণগামী হোৱা ভান্তেগৰাকীৰ শৱদেহ গাঁওখনত নিয়মানুসৰি ড° শাসনবংশ মহাথেৰাৰ 'পয় লেং' উৎসৱ পৰম্পৰাগত আৰু বিজ্ঞানসম্মতভাৱে এটি কফিনত ভৰাই 'নিক গান ক্যা' নামেৰেএটি গৃহত সংৰক্ষণ কৰা অৱস্থাত আছে। এনে প্রেক্ষাপটত 'ভান্তেগৰাকীৰ শৱদেহ 'পয় লেং' উৎসব উদযাপন কৰিবলৈ গাঁওখনত ব্যাপক প্রস্তুতি চলোৱা হয়।উল্লেখ্য যে 'পয় লেং' টাই ভাষাৰ দুটা শব্দৰ সমষ্টি 'পয়' মানে উৎসৱ আৰু 'লেং' মানে বথ, অর্থাৎ বথোৎসৱ। উল্লেখযোগ্য যে গুণবান বৌদ্ধ ভিক্ষুৰ মৃত্যুৰ…
Read More
লক্ষীমপুৰত আন্তঃজিলা এথলেটিকছৰ শুভাৰম্ভ

লক্ষীমপুৰত আন্তঃজিলা এথলেটিকছৰ শুভাৰম্ভ

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত  আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ৪৫সংখ্যক আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা। ৰাজ্যৰ সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনৰ আজি লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলনেৰে শুভ উদ্বোধন কৰে লখিমপুৰ সমষ্টিৰ বিধায়ক তথা লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি মানৱ ডেকাই। মাৰ্চ পাৰ্চেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত অসম এথলেটিকছ সন্থাৰ পতাকা উত্তোলন কৰে অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে। আনহাতে উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা লখিমপুৰ জিলাৰ ৫গৰাকী উদীয়মান এথলীটে অলিম্পিক শিখা প্ৰজ্বলন কৰি সকলোৰে অভিবাদন গ্ৰহন কৰে। আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া আৰু…
Read More
বকোৰ বেলপাৰাত বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক বাৰ্ষিক অধিবেশন সমাপন।

বকোৰ বেলপাৰাত বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক বাৰ্ষিক অধিবেশন সমাপন।

বকো - ৰাজ্যৰ থলুৱা জনগোষ্ঠী সমূহৰ অন্যতম ৰাভা সকলোৰ সামগ্ৰীক বিকাশৰ বাবে কাম কৰি থকা জাতীয় সংগঠন ৰাভা জাতীয় পৰিষদৰ অধিবেশন বকোৰ বেলপাৰাত অনুষ্ঠিত হয়। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বকো - বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক অধিবেশন খন আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বেলপাৰা নৱজ্যোতি সংঘৰ প্ৰাংগনত আয়োজন কৰা হয়। উল্লেখ্য যে ; বকো - বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ সভাপতি উপেন চন্দ্ৰ ৰাভা আৰু ভাৰপ্ৰাপ্ত সম্পাদক কৰ্ণধৰ ৰাভাই জনোৱা মতে ; বেলপাৰা অঞ্চলৰ সমাজ কৰ্মী অনিল ৰাভাক সভাপতি আৰু যুৱ কৰ্মী বুলু ৰাভাক সম্পাদক হিচাপে লৈ ইতিমধ্যে গঠন কৰা অভ্যৰ্থনা সমিতিয়ে অধিবেশন খন সৰ্বাঙ্গসুন্দৰ ৰূপত পৰিচালনা…
Read More
বামুণীগাওঁৰ “জান” প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু “জান- জীৱন জোৰা সাধনা বঁটা” – ২০২৩ প্ৰদান কবিতা – গীত – মাত – নৃত্যৰ বিচিত্ৰানুস্থান

বামুণীগাওঁৰ “জান” প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু “জান- জীৱন জোৰা সাধনা বঁটা” – ২০২৩ প্ৰদান কবিতা – গীত – মাত – নৃত্যৰ বিচিত্ৰানুস্থান

বৌদ্ধিক সমাজৰ অন্তৰংগ আলাপ আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰা এক মনোজ্ঞ অনুস্থানেৰে আজি আয়োজন কৰা হয় গ্ৰন্থ উন্মোচনী সভা। কামৰূপ জিলাৰ বকো বামুণী গাওঁৰ পৰা প্ৰকাশিত "জান" আলোচনী খনৰ সম্পাদক ৰঞ্জন কলিতাৰ তৎপৰতাত আয়োজন কৰা হৈছে এক বিশেষ গ্ৰন্থ উন্মোচনী সভা। উল্লেখ্য যে ; বামুণীগাওঁৰ ইম্পেৰিয়েল কলেজৰ বাকৰিত আয়োজন কৰা বৌদ্ধিক তথা কলাত্মক গুণৰ অধিকাৰী সকলোক লৈ আয়োজন কৰা হৈছে বিচিত্ৰানুস্থানৰ। জান প্ৰকাশনৰ সচিব ৰঞ্জন কলিতাই জনোৱা মতে ; প্ৰতি বছৰৰ দৰে এই বৰ্ষও  আজি "জান - জীৱন জোৰা সাধনা বঁটা" - ২০২৩ প্ৰদান কৰা হয়। জান প্ৰকাশনৰ উদ্যোগত আয়োজন কৰা অনুস্থানৰ কাৰ্য্যসুচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বিশিষ্ট সাহিত্যিক ;…
Read More
মোৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ এক কলা অধ্যায়: হেমন্ত চোৰেন

মোৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ এক কলা অধ্যায়: হেমন্ত চোৰেন

ঝাৰখণ্ডৰ বিদায়ী মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে সোমবাৰে ৰাজ্যিক বিধানসভাত ৰাজভৱন আৰু কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় - ৩১ জানুৱাৰীৰ নিশা মোৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ এক কলা অধ্যায়। এইটো এটা পৰিকল্পিত ষড়যন্ত্ৰৰ অধীনত কাৰ্যকৰী কৰা হৈছে আৰু ৰাজভৱনও এই ষড়যন্ত্ৰত জড়িত হৈ আছে। সদনত মুখ্যমন্ত্ৰী চম্পাই চোৰেনে উপস্থাপন কৰা আস্থা ভোট প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কৰ সময়ত হেমন্ত চোৰেনে কয় যে তেওঁ মোক আঠ একৰ ভূমি কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে, কিন্তু মই প্ৰত্যাহ্বান জনাইছো যে যদি তেওঁ ইয়াৰ সৈতে সম্পৰ্কিত এখন কাকত উপস্থাপন কৰে, তেন্তে মই ৰাজনীতিৰ পৰা অৱসৰ লম। তেওঁ কাৰো নাম নোলোৱাকৈ কয়, 'এই লোকসকলে বহু বছৰ…
Read More
ঝাৰখণ্ড বিধানসভাত আস্থা ভোট প্ৰদৰ্শন মুখ্যমন্ত্ৰী চম্পাই চোৰেনৰ

ঝাৰখণ্ড বিধানসভাত আস্থা ভোট প্ৰদৰ্শন মুখ্যমন্ত্ৰী চম্পাই চোৰেনৰ

ঝাৰখণ্ডত বিধানসভাৰ বিশেষ অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ পিছত নৱ নিযুক্ত মুখ্যমন্ত্ৰী চম্পাই চোৰেনে বিধানসভাত আস্থা ভোট প্ৰদৰ্শন কৰে। এই সময়ছোৱাত মুখ্যমন্ত্ৰী চম্পাই চোৰেনে কয়, 'আমাৰ চৰকাৰক অস্থিৰ কৰাৰ চেষ্টা কৰা হৈছিল। কোৰোনাৰ লকডাউনৰ সময়ত, আমি সমগ্ৰ দেশত বাস কৰা ঝাৰখণ্ডৰ শ্ৰমিকসকলক বিমানেৰে লৈ আহিছিলো। তেওঁ কয় যে যদি হেমন্ত আছে , তেন্তে সাহস আছে।' ঝাৰখণ্ড বিধানসভাত নৱ নিযুক্ত মুখ্যমন্ত্ৰী চম্পাই চোৰেনে কয়, 'হেমন্ত চোৰেনৰ নেতৃত্বত চৰকাৰখন ৪ বছৰ ধৰি চলিছিল। মানুহে ঝাৰখণ্ডক সোণৰ পক্ষীৰূপে চায়, কিন্তু ইয়াত থকা খনিজ পদাৰ্থবোৰ মুম্বাই আৰু গুজৰাটলৈ গৈছে। ইয়াত থকা জনজাতীয় লোকসকল স্থানচ্যুত হৈছে। চৰকাৰ গঠন হোৱাৰ পিছত, মৌলিক সমস্যাটো দূৰ কৰাৰ চেষ্টা কৰা হৈছে…
Read More
দুই শতাধিক শিশুৰ অংশগ্ৰহণেৰে জীপাল বৰদোঙা পথাৰ : গ্ৰন্থ উন্মোচন

দুই শতাধিক শিশুৰ অংশগ্ৰহণেৰে জীপাল বৰদোঙা পথাৰ : গ্ৰন্থ উন্মোচন

নগাঁও _ নগাঁও চহৰৰ সমীপৱৰ্তী কৰৈয়নিৰ কলংপৰীয়া বাৰগঞা মন্দিৰ প্ৰাংগণত "জ্যোতিষ্ক"ৰ উদ্যোগত আৰু কৰৈয়নি চলাপৰীয়া শাখা সাহিত্য সভাৰ সহযোগত আজি প্ৰথম বাৰ্ষিক শিশু সমাৰোহখনি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সভাপতি সোণাৰাম বৰাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা এই সমাৰোহখনি উদ্বোধন কৰে ননৈ কলেজৰ সহযোগী অধ্যাপক, বিশিষ্ট লেখক, সাংস্কৃতিক কৰ্মী ড° বসন্ত বৰাই। উক্ত অনুষ্ঠানতে "জ্যোতিষ্ক" নামৰ শিশু আলোচনীখনৰ দ্বিতীয় সংখ্যাটো উন্মোচন কৰে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট লেখক ড° ইন্দ্ৰজিৎ বেজবৰুৱাই। এই অনুষ্ঠানতে শিশু সাহিত্যিক তথা কৰৈয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰিণ্টু দাসৰ "এলেহুৱা সুন্দৰী আৰু অন্যান্য সাধু" নামৰ এখন গ্ৰন্থ উন্মোচিত হয়। উন্মোচন কৰে লেখক ড°…
Read More
খানাপাৰাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰণডংকা, ক’লে- অসমৰ বিস্ফোৰণ মই নিজ চকুৰে দেখিছো

খানাপাৰাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰণডংকা, ক’লে- অসমৰ বিস্ফোৰণ মই নিজ চকুৰে দেখিছো

খানাপাৰাত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে প্ৰধানমন্ত্ৰী মোদীয়ে। ডেৰ লাখ জনতাক সম্বোধন কৰি অসমীয়াতে ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনোৱাৰ বাবে অসমবাসীক ধন্যবাদ জনায় মোদীয়ে। তেওঁ কয়, ‘‘এসময়ত একাংশই ৰাজনীতিৰ বাবে নিজৰ সংস্কৃতি ধ্বংস কৰিলে। বিগত ১০ বছৰত ভাৰতত স্থিতি সলনি হৈছে। বিজেপি ডাবল ইঞ্জিন চৰকাৰে সকলো সলনি কৰিছে। বিকাশৰ অভিযান বিগত ১০ বছৰত বৃদ্ধি হৈছে। আমি ১০ বছৰত অভিলেখ সংখ্যক কলেজ, বিশ্ববিদ্যালয়, আইআইটি, আইএমএছ নিৰ্মাণ কৰিছো। ১০ বছৰত মেডিকেল কলেজৰ সংখ্যা দুগুণ হৈছে। অসমতো বৃ্দ্ধি পাইছে মেডিকেল কলেজৰ সংখ্যা।’’ ‘‘দেশবাসীৰ জীৱন সহজ কৰাটো আমাৰ লক্ষ্য। আমি ৪ কোটি পকীঘৰ, ঘৰে-ঘৰে গেছ আৰু পানী যোগানৰ ব্যৱস্থা কৰিছো। স্বচ্ছ…
Read More