30
Mar
ডিব্ৰুগড় নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে। ডিব্রুগড় নিৰ্বাচনী জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ' ছাৰ্ভিলেন্স দলসমূহে ২৪ ঘণ্টাই নিয়মীয়া তালাচী অভিযান চলোৱাৰ লগতে আদৰ্শ আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি আছে। বুধবাৰে সন্ধিয়া ষ্টেটিক ছাৰ্ভিলেন্সৰ দলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জি'ৰ পইণ্টত শিৱসাগৰৰ পৰা তিনিচুকীয়ালৈ গৈ থকা এজন ব্যক্তিৰ পৰা নগদ ৬৯,৩১০ টকা জব্দ কৰাৰ লগতে উক্ত স্থানতেই ফ্লায়িং স্কোৱাডৰ দলে এ এচ০৬…
