অসম

পলাতক ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ পৰা সুৰক্ষা দিয়াৰ বাবদ ধন লৈ গ্ৰেপ্তাৰ এজন…

পলাতক ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ পৰা সুৰক্ষা দিয়াৰ বাবদ ধন লৈ গ্ৰেপ্তাৰ এজন…

নগাঁৱৰ পলাতক ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ বাবদ পৰিয়ালৰ পৰা ধন লৈ গ্ৰেপ্তাৰ এজন লোক। ধৃত লোকজনৰ নাম শংকুমণি গোস্বামী। আৰক্ষীয়ে খুটিকাটীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক। এই প্ৰৱঞ্চনা শংকুমনিয়ে নগাঁও আৰক্ষীৰ আঁৰত কৰিছিল। পলাতক ড্ৰাগছ ব্যৱসায়ীজনৰ পৰিয়ালক ১ লাখ টকাৰ ধন দাবী কৰিছিল শংকুমণিয়ে। তাৰে ৬০ হাজাৰ টকা ইতিমধ্যে গ্ৰহণ কৰিছিল অভিযুক্তজনে। কিন্তু সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এছআই জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে শংকুমণি গোস্বামীক। আৰক্ষীয়ে অভিযুক্তৰ বাসগৃহৰ পৰা ৬০ হাজাৰ টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Read More
পলাশবাৰীত বোৱাৰীক নিৰ্যাতনৰ অভিযোগত আটক স্বামীসহ ৩জনক…

পলাশবাৰীত বোৱাৰীক নিৰ্যাতনৰ অভিযোগত আটক স্বামীসহ ৩জনক…

মঙলবাৰে পলাশবাৰীত এগৰাকী বোৱাৰীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰা হয় তিনিজনকৈ লোকক। খবৰ অনুসৰি কামৰূপ জিলাৰ পলাশবাৰীত এগৰাকী মহিলাক যৌতুক বিচাৰি স্বামী আৰু শহুৰেকে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। তদন্তৰ অন্তত আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীৰ স্বামী সমীন দাস, শহুৰেক শুক্লেশ্বৰ দাস আৰু শাহুৱেক ৰাণু দাসক। এই হাৰাশাস্তিৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত এই ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে, মাত্ৰ ৬ দিন পূৰ্বে ভুক্তভোগী মহিলাগৰাকীয়ে এটি সন্তান প্ৰসৱ কৰিছিল।
Read More
মহানগৰীত পত্নীৰ হাততে হত্যাৰ বলি হোৱা অমৰজ্যোতি দে’ৰ মৃতদেহ মেঘালয়ৰ খাৱৈত উদ্ধাৰ…

মহানগৰীত পত্নীৰ হাততে হত্যাৰ বলি হোৱা অমৰজ্যোতি দে’ৰ মৃতদেহ মেঘালয়ৰ খাৱৈত উদ্ধাৰ…

গুৱাহাটীত পত্নী বন্দনা কলিতাই হত্যা কৰি টুকুৰা টুকুৰ কৰি পেলোৱা অমৰজ্যোতি দেৰ মৃতদেহটো মঙলবাৰে মেঘালয়ৰ ডাউকী পথৰ সমীপত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। খবৰ অনুসৰি মৃতদেহটো এটা প্লাষ্টিকৰ বেগত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে। মৃত অমৰজ্যোতিক বিগত বৰ্ষৰ ১৭ আগষ্টত হত্যা কৰা হৈছিল। খবৰ অনুসৰি বন্দনা কলিতাই স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টুকুৰ কৰি পেলাইছিল। পিছত তাই মেঘালয়ৰ বিভিন্ন ঠাইত শৰীৰৰ সকলো অংগ পেলাই দিয়ে। এদিন পূৰ্বে মেঘালয়ৰ খাৱৈৰ পৰা উদ্ধাৰ কৰা হৈছিল বন্দনাৰ শাহুৱেক শংকৰী দে’ৰ মৃতদেহৰ অংগ। বন্দনাক এই অপৰাধ সংঘটিত কৰাত সহায় কৰা ধনটি ডেকা আৰু অৰূপ ডেকা নামৰ আৰু দুজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ…
Read More
মৰিয়নীত থাই মাগুৰভৰ্তি ট্ৰাক জব্দ, ৩ জনক আটক

মৰিয়নীত থাই মাগুৰভৰ্তি ট্ৰাক জব্দ, ৩ জনক আটক

দেওবাৰে মৰিয়নী আৰক্ষীয়ে থাই মাগুৰ বা আফ্ৰিকান কেটফিছ ভৰ্তি এখন ট্ৰাক জব্দ কৰি এই গোচৰৰ সৈতে জড়িত তিনিজন লোকক আটক কৰে। আটক কৰা লোককেইজন হৈছে ধনঞ্জয় বৰুৱা, প্ৰাণ কৃষ্ণ আৰু মিন্টু তালুকদাৰ। আৰক্ষীয়ে জনোৱা মতে, থাই মাগুৰ কঢ়িয়াই অনা ট্ৰাকখন মৰিয়নী হৈ নাগালেণ্ডলৈ লৈ যোৱা হৈছিল। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (এন জি টি) ২০০০ চনত থাই মাগুৰ খেতি নিষিদ্ধ কৰিছিল, কাৰণ ই পৰিৱেশ তন্ত্ৰৰ অন্যান্য মাছৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। কিন্তু নিষেধাজ্ঞাৰ পিছতো দেশৰ বিভিন্ন ৰাজ্যত থাই মাগুৰ পালন অব্যাহত আছে। এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে শত্ৰুতাপূৰ্ণ পৰিৱেশত জীয়াই থকাৰ ক্ষমতাৰ বাবে সমগ্ৰ ভাৰতৰ বহু মাছৰ বজাৰত…
Read More
ৰাজনীতিয়ে বিভাজন আনে, সংস্কৃতিয়ে একত্ৰিত কৰেঃ মাজুলীৰ পৰা এই বাৰ্তা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

ৰাজনীতিয়ে বিভাজন আনে, সংস্কৃতিয়ে একত্ৰিত কৰেঃ মাজুলীৰ পৰা এই বাৰ্তা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে দেওবাৰে দাবী কৰে যে সমাজৰ বাহিৰে জীৱনত সকলো অনিশ্চিত হোৱাৰ বাবে তেওঁলোকৰ চৰকাৰী স্থিতিৰ বাবে গৌৰৱ কৰিব নালাগে৷ মাজুলীত এক সভাত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘সমাজক ওপৰত আৰু ক্ষমতাক ভৰিৰ তলত ৰাখিব লাগে। মোৰ ৰাজনৈতিক যাত্ৰাত অসমৰ সমাজ আৰু ৰাইজে কি অৰিহণা যোগাইছে মই কেতিয়াও পাহৰিব নোৱাৰো। অসমৰ মানুহৰ কাৰণে যাৰ বাবে মই এসময়ত কেন্দ্রীয় মন্ত্রী তাৰ পাছত মুখ্যমন্ত্রী আৰু তাৰ পাছত আকৌ কেন্দ্রীয় মন্ত্রী আছিলোঁ৷ মই বানপানীৰ প্ৰৱণ অঞ্চলৰ পৰা অহা কৃষক পৰিয়ালৰ। এইবোৰ কথা মই কেনেকৈ পাহৰি যাম? আজি হয়তো চৰকাৰী সুবিধা উপভোগ কৰি আছো, কিন্তু অভাৱ, দুৰ্দশা, দুখ-কষ্টৰ মাজত সোমাই পৰিছো। এইদৰে…
Read More
চাঞ্চল্যকৰ! সম্পত্তিৰ বাবেই স্বামী আৰু শাহুৱেকক মহানগৰীত হত্যা কৰিলে মহিলাই…

চাঞ্চল্যকৰ! সম্পত্তিৰ বাবেই স্বামী আৰু শাহুৱেকক মহানগৰীত হত্যা কৰিলে মহিলাই…

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামী আৰু শাহুৱেকক হত্যা কৰাৰ অভিযোগ বোৱাৰীৰ বিৰুদ্ধে। দুয়োৰে মৃতদেহ টুকুৰা টুকুৰকৈ কাটি মেঘালয়ৰ কোনো ঠাইত পেলাই দিয়াৰ অভিযোগ বন্দনা কলিতা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে। নিহত মাতৃ-পুত্ৰ হালৰ পৰিচয় শংকৰী দে আৰু অমৰজ্যোতি দে। খবৰ অনুসৰি বিগত বৰ্ষৰ আগষ্ট মাহত মৃত অমৰজ্যোতি দে’ৰ ককায়েকে নিৰুদ্দেশৰ গোচৰ ৰুজু কৰাত অসম আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল। অৱশ্যে বন্দনা কলিতাক হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই গোচৰৰ সন্দৰ্ভত অৰূপ ডেকা আৰু ধনজিৎ ডেকা নামৰ আৰু দুজন লোকক আটক কৰা হৈছে। আৰক্ষী বিষয়াসকলৰ মতে, এই অপৰাধৰ আঁৰৰ কাৰণ হৈছে বিবাহ বহিৰ্ভূত প্ৰেম আৰু সম্পত্তি।
Read More
সোণাৰিত আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ গাড়ী চোৰ সন্তোষ জয়ছোৱাল…

সোণাৰিত আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ গাড়ী চোৰ সন্তোষ জয়ছোৱাল…

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ সোণাৰিত আৰক্ষীৰ গুলীত নিহত এটা দুৰ্ধৰ্ষ গাড়ী চোৰ। নিহত চোৰটোৰ নাম সন্তোষ জয়ছোৱাল ওৰফে দুলু। দীৰ্ঘদিনৰ পৰা চৰাইদেউ আৰক্ষীয়ে সন্ধান চলাই আছিল দুৰ্ধৰ্ষ গাড়ী চোৰটোৰ। সোণাৰিৰ শহুৰেকৰ ঘৰত আত্মগোপন কৰি আছিল চোৰটোৱে। কিন্তু গোপন খবৰ লাভ কৰি দেওবাৰে চোৰটোক বিচাৰি অভিযান চলায় চৰাইদেউ আৰক্ষীয়ে। আৰক্ষীক দেখি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰাত নিহত হয় সন্তোষ জয়ছোৱালৰ। জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ কেইবাখনো থানাত ৫০টাৰো অধিক গোচৰ ৰুজু হৈ আছে দুৰ্ধৰ্ষ চোৰটোৰ বিৰুদ্ধে।
Read More
কৰিমগঞ্জত প্ৰায় ৫৩ লাখ টকা মূল্যৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

কৰিমগঞ্জত প্ৰায় ৫৩ লাখ টকা মূল্যৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

কৰিমগঞ্জৰ বাজাৰিচেৰা আৰক্ষীয়ে শনিবাৰে চাহ বাগিচাৰ এটা ঘৰৰ সন্মুখত ৰখাই থোৱা এখন বাহনৰ পৰা ৫৩টা পেকেট গাঞ্জা উদ্ধাৰ কৰে। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই হাতীখিৰা চাহ বাগিচাৰ অভিযান চলাই ৫৩টা পেকেটত লুকুৱাই ৰখা ৫৩০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য ৫৩ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Read More
ভূমিকেন্দ্ৰিক বিবাদৰ ভয়াবহ ৰূপ! দুটা ফৈদৰ সংঘৰ্ষত আহত ৮জনকৈ লোক…

ভূমিকেন্দ্ৰিক বিবাদৰ ভয়াবহ ৰূপ! দুটা ফৈদৰ সংঘৰ্ষত আহত ৮জনকৈ লোক…

বকোৰ কলহীৰ ওচৰত দুটা ফৈদৰ মাজত সংঘৰ্ষৰ সময়ত এগৰাকী মহিলাকে ধৰি ৮ জন লোক গুৰুতৰভাৱে আহত হয়। হুকছান আলী আৰু লালচান আলী নামৰ দুজন লোকৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ। ভূমি কেন্দ্ৰিক বিবাদে ধাৰণ কৰা উত্তপ্ত পৰিস্থিতিত দুয়োজন ব্যক্তিৰ আত্মীয়ও কাজিয়াত লিপ্ত হোৱাত আহত হয় ৮ জনকৈ লোক। আহতসকলক বকো হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কিছুমানকহে অধিক চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে।
Read More
অসম তথা উত্তৰ-পূবত অব্যাহত থকা অবৈধ কয়লা খনন সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ AJPৰ…

অসম তথা উত্তৰ-পূবত অব্যাহত থকা অবৈধ কয়লা খনন সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ AJPৰ…

ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত আৰু চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশত অবৈধ কয়লা খনন বিশেষকৈ ৰাট-হোল খননে পৰিৱেশৰ ব্যাপক ক্ষতিসাধন কৰা বুলি অভিযোগ উত্থাপন কৰি অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। স্মাৰক পত্ৰখনত দলটোৱে উল্লেখ কৰিছে যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত দশক দশক ধৰি অবিৰতভাৱে চলি থকা আৰু উত্তৰ-পূব অঞ্চলত অৱস্থিত দেশৰ অন্যতম উন্নত বৰ্ষাৰণ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অবৈধ কয়লা খনন যে ৰাজ্য চৰকাৰে ইতিমধ্যে জানে। ভাৰতৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৪ চনত কয়লা খনন নিষিদ্ধ কৰিছিল যদিও অসমৰ তিনিচুকীয়া আৰু কাৰ্বি-আংলং জিলাত এই খনন অবিৰতভাৱে অব্যাহত আছে। ৰাজ্য চৰকাৰে গঠন কৰিছিল একজনীয়া আয়োগ, ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি কে…
Read More