অসম

চিৰাঙত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

চিৰাঙত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

চিৰাঙৰ ঢালিগাঁৱত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে শনিবাৰে নিশা কাজলগাঁও এলেকাত গোপন খবৰৰ ভিত্তিত অভিযান চলাই আব্বাছ আলী (২৭) নামৰ এজন ড্ৰাগছ সৰবৰাহীক আটক কৰে। ইফালে ধৃত সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে ৩০ টা প্লাষ্টিকৰ কন্টেইনাৰত ৪.৩৯ গ্ৰাম নিষিদ্ধ হেৰোইন আৰু এটা মোবাইল ফোন জব্দ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ ঘৰ ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানা এলেকাত। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনক সোধপোছ অব্যাহত ৰাখিছে।
Read More
শিক্ষামন্ত্ৰীৰ ঘোষণা: এইবাৰ অনুষ্ঠিত হব মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী পৰীক্ষা

শিক্ষামন্ত্ৰীৰ ঘোষণা: এইবাৰ অনুষ্ঠিত হব মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী পৰীক্ষা

এইবাৰ নিশ্চিতভাৱে অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা ৷ এই মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ৷ শিক্ষা বিভাগে পৰীক্ষা আনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ লখিমপুৰত ঠেঙাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত অংশ ল'বলৈ আহি এই গুৰুত্বপুৰ্ণ মন্তব্য কৰে মন্ত্ৰী ৰনোজ পেগুৱে।
Read More