অসম

আজি শিল্পী দিৱস…

আজি শিল্পী দিৱস…

আজি শিল্পী দিৱস। ৰাজ্যজুৰি আজি পালন হৈছে শিল্পী দিৱস। ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্ম আৰু সাধনাৰ থলী ঐতিহ্যমণ্ডিত তেজপুৰ শিল্পী গৰাকীৰ কালজয়ী গীত-মাত আৰু কবিতাৰে মুখৰিত হৈ পৰে। সেই অনুসৰি পুৱাতেই তেজপুৰ চহৰৰ কমলানগৰস্থিত সমাধিস্থলীত উপস্থিত হৈ বিভিন্ন দল-সংগঠন, শিল্পী, সাহিত্যিক আৰু ৰাইজে কোভিড প্ৰট'কল মানি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতেদি জ্যোতি ভাৰতীতো শিল্পী দিৱসৰ উদযাপন কৰা হয়।
Read More
এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহ! নগাঁৱত আটক মহিলাসহ ৩ জন

এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহ! নগাঁৱত আটক মহিলাসহ ৩ জন

ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰীৰ বিক্ৰী, সৰবৰাহৰ বিৰুদ্ধে যিমানেই আৰক্ষী কঠোৰ হৈছে সিমানেই ন ন কৌশলেৰে সৰবৰাহ অব্যাহত ৰখাৰ চেষ্টা চলাইছে একাংশই। এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰা তিনি সৰবৰাহকাৰীক দেওবাৰে আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে। আৰক্ষীয়ে অভিযান চলাই ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত ম’হখুলিত এ এছ ১২ এ চি ৪৮৬২ নম্বৰৰ এখন এম্বুলেন্সসহ তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এম্বুলেন্সৰ চালক ৰফিকুল ইছলামৰ লগতে চহিদুল হক আৰু মামনি বেগম নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
Read More
মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

পুনৰ বহি:ৰাজ্যত আক্ৰমণৰ বলি হল অসমীয়া যুৱক। এইবাৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হল বোকাখাতৰ সজন কুমাৰ শইকীয়া নামৰ এজন যুৱক। মিজোৰামত ফকলেন কোম্পানিত কৰ্মৰত বোকাখাত ৰজাবাৰীৰ সজন কুমাৰ শইকীয়া। মিজোৰামৰ আইজলত কৰ্মস্থলীৰ পৰা উভতাৰ পথত ধন দাবী কৰি মিজো দুৰ্বৃত্তই মাৰপিত কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনক। ইফালে মিজো দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক জন সম্প্ৰতি আইজলৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে পুত্ৰৰ কাষলৈ ৰাওনা হৈছে পিতৃ-মাতৃ।
Read More
নগাঁৱৰ কলঙৰ পাৰত ভোগালী বিহু উৎযাপন, গীতে-মাতে মুখৰ পৰিৱেশ

নগাঁৱৰ কলঙৰ পাৰত ভোগালী বিহু উৎযাপন, গীতে-মাতে মুখৰ পৰিৱেশ

ঋতু পৰ্ণ শৰ্মা, নগাঁও: ভোগৰ উৎসৱ ভোগালী বিহুৰ মাঘৰ পহিলা দিনটোতে শনিবাৰে নগাঁও জিলাৰ জাগীয়ালৰ কলঙৰ পাৰত উজ্বলি উঠিল ভোগালী বিহুৰ বিভিন্ন কাৰ্যসূচী। কলং নদীৰ পাৰৰ বিনন্দীয়া নৈসৰ্গিক পৰিবেশৰ মাজত জাগীয়াল ৰাজহুৱা ভৱন প্ৰাংগণত পুৱা পৰিবেশ নিকাকৰণৰ পিছত পুৱা ৯ বজাত ভোগালীৰ পতাকা উত্তোলন কৰে বিশিষ্ট শিক্ষাবিদ প্ৰফুল্ল চন্দ্ৰ বৰাই। ইয়াৰ পিছতেই নাম প্ৰসঙ্গ, ভোগালীক আদৰণি অনুষ্ঠান, জলযোগ আপ্যায়নৰ ভোগালীৰ আড্ডা-অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই সঞ্চালনা কৰি ভাষণ প্ৰসংগত কয় যে সম্প্ৰীতি-সমন্বয়ৰ প্ৰাচীন চানেকীৰে উজ্জিৱীত শ্ৰীমন্ত শংকৰদেৱ, গুৰুনানক আৰু আজান ফকীৰে তেতিয়াই দেখুৱাই যোৱা সম্প্ৰীতিৰ এনাজৰীডালত আজিও সুদৃঢ় ভাৱে বান্ধ খাই…
Read More
চিৰাঙত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

চিৰাঙত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

চিৰাঙৰ ঢালিগাঁৱত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে শনিবাৰে নিশা কাজলগাঁও এলেকাত গোপন খবৰৰ ভিত্তিত অভিযান চলাই আব্বাছ আলী (২৭) নামৰ এজন ড্ৰাগছ সৰবৰাহীক আটক কৰে। ইফালে ধৃত সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে ৩০ টা প্লাষ্টিকৰ কন্টেইনাৰত ৪.৩৯ গ্ৰাম নিষিদ্ধ হেৰোইন আৰু এটা মোবাইল ফোন জব্দ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ ঘৰ ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানা এলেকাত। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনক সোধপোছ অব্যাহত ৰাখিছে।
Read More
শিক্ষামন্ত্ৰীৰ ঘোষণা: এইবাৰ অনুষ্ঠিত হব মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী পৰীক্ষা

শিক্ষামন্ত্ৰীৰ ঘোষণা: এইবাৰ অনুষ্ঠিত হব মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী পৰীক্ষা

এইবাৰ নিশ্চিতভাৱে অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা ৷ এই মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ৷ শিক্ষা বিভাগে পৰীক্ষা আনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ লখিমপুৰত ঠেঙাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত অংশ ল'বলৈ আহি এই গুৰুত্বপুৰ্ণ মন্তব্য কৰে মন্ত্ৰী ৰনোজ পেগুৱে।
Read More