অসম

পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল আৰু জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক…

পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল আৰু জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক…

একে দিনাই ঘোচ লৈ গ্ৰেপ্তাৰ দুজনকৈ চৰকাৰী কৰ্মচাৰী। নগাঁৱৰ কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক হাতে-লোটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ। ভূমি বিক্ৰীৰ অনুমতি প্ৰদানৰ নামত উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় লাট মণ্ডল প্ৰাঞ্জল বৰা। ইফালে একেদিনাই ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান চলিল খানাপাৰাস্থিত সমবায় ভৱনতো। পেঞ্চন ফাইল নিষ্পত্তিৰ বাবে উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক বিদ্যাধৰ দাস।
Read More
ঘোচ লৈ গ্ৰেপ্তাৰ গোৱালপাৰাৰ প্ৰাথমিক শিক্ষাখণ্ড বিষয়া…

ঘোচ লৈ গ্ৰেপ্তাৰ গোৱালপাৰাৰ প্ৰাথমিক শিক্ষাখণ্ড বিষয়া…

দিনটোৰ ভিতৰতে গ্ৰেপ্তাৰ তৃতীয়জন ঘোচখোৰ চৰকাৰী কৰ্মচাৰী। এইবাৰ গোৱালপাৰাত চলিত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ এগৰাকী প্ৰাথমিক শিক্ষা বিষয়া। ব্যক্তিগত বেংক লোনৰ বাবে নথিপত্ৰত স্বাক্ষৰ কৰাৰ বাবদ ধন লৈ গ্ৰেপ্তাৰ প্ৰাথমিক শিক্ষা বিষয়া বজৰুল বসিত সৰকাৰ। গোৱালপাৰাৰ মাটিয়া ব্লকৰ ব্লক প্ৰাথমিক শিক্ষা বিষয়া আছিল এইজন ঘোচখোৰ বজৰুল বসিত চৰকাৰ। উল্লেখ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰৰ দিনটোত কলিয়াবৰত এজন ঘোচখোৰ লাটমণ্ডল আৰু খানাপাৰাৰ সমবায় ভৱনত ঘোচখোৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়কক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল দুৰ্নীতি নিবাৰক শাখাই।
Read More
ঘোচ লৈ গ্ৰেপ্তাৰ চালকসহ সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল…

ঘোচ লৈ গ্ৰেপ্তাৰ চালকসহ সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল…

আকৌ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল। লগতে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডলৰ ব্যক্তিগত বাহন চালকো। সোণাপুৰ ৰাজ চক্ৰ বিষষাৰ কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল ৰাজেশ ৰয় আৰু তেওঁৰ ব্যক্তিগত বাহন চালক ৰণ্টু কলিতাক। ভূমি বিক্ৰীৰ অনুমতি প্ৰদানৰ নামত অভিযোগকাৰীৰ পৰা ১৮ হাজাৰ টকাৰ উৎকোচ দাবী কৰি গ্ৰেপ্তাৰ লাট মণ্ডল ৰাজেশ ৰয়। আনহাতে অভিযোগকাৰীৰ পৰা লাট মণ্ডলৰ হৈ ১৪ হাজাৰ টকাৰ উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ বাহন চালক ৰণ্টু কলিতা।
Read More
লখিমপুৰত ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই লুটি লৈ গ’ল আঢ়ৈ লাখ টকা…

লখিমপুৰত ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই লুটি লৈ গ’ল আঢ়ৈ লাখ টকা…

লখিমপুৰৰ বিহপুৰীয়াত বুধবাৰে নিশা প্ৰায় ৮ বজাত দুৰ্বৃত্তই ছুৰী দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি লৈ গ’ল ২.৫ লাখ টকা। গাড়ী আৰু চাইকেলেৰে আহি পাঁচজন দুৰ্বৃত্তই সংঘটিত কৰে এই অপৰাধ। বিহপুৰীয়াৰ আমগুৰি স্থানীয় ত্ৰিনয়ন মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। সূত্ৰ অনুসৰি সুজিত পল নামৰ যুৱকজনে প্ৰসাধন সামগ্ৰীৰ ব্যৱসায় চলাই আছে। লালুক আৰু বঙালমাৰা স্থানীয় অঞ্চলত সাপ্তাহিক সংগ্ৰহ কৰি বিহপুৰীয়ালৈ উভতি আহি থকা অৱস্থাত এখন গাড়ী আৰু দুচকীয়া বাহনে তেওঁক আগভেটি ধৰে। সংবাদ মাধ্যমৰ আগত ভুক্তভোগীয়ে জনোৱা মতে, ডকাইতৰ দলটোৱে আন এখন চাৰিচকীয়া বাহন পথৰ মাজত ৰখাই তেওঁৰ গাড়ীখন ৰখাই দিয়ে আৰু নগদ ২.৫ লাখ টকা লুটি লৈ গ’ল। ইফালে আৰক্ষীয়ে ঘটনাস্থলীত…
Read More
আৰক্ষীৰ জিম্মাৰ পিছত জে’ললৈ প্ৰেৰণ গুৱাহাটী ডাবল মাৰ্ডাৰ কাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাক…

আৰক্ষীৰ জিম্মাৰ পিছত জে’ললৈ প্ৰেৰণ গুৱাহাটী ডাবল মাৰ্ডাৰ কাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাক…

গুৱাহাটীৰ দ্বৈত হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত বন্দনা কলিতাক অৱশেষত কেইবাদিনো আৰক্ষীৰ জিম্মাত থকাৰ পাছত জেললৈ প্ৰেৰণ কৰা হ’ল। ইয়াৰ পূৰ্বে ২৭ ফেব্ৰুৱাৰীত ডাবল হত্যাকাণ্ডৰ গোচৰৰ তিনি অভিযুক্তক আৰু চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। অধিক প্ৰমাণ সংগ্ৰহৰ বাবে অভিযুক্ত বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনজিৎ ডেকাক আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হয়। এই পৰ্যন্ত আৰক্ষীয়ে মেঘালয়ত দুটাকৈ তালাচী অভিযান চলাই মৃতদেহৰ অৱশিষ্ট বিচাৰি উলিয়াইছে। অংশসমূহ উদ্ধাৰৰ বাবে ৰাজ্যত পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে। ২৬ ফেব্ৰুৱাৰীত বন্দনা কলিতাৰ গোচৰৰ সন্দৰ্ভত পানবজাৰৰ সদৌ মহিলা আৰক্ষী থানাত ঘণ্টাৰ পিছত ঘণ্টা জেৰা কৰা হৈছিল। এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত কৰি থকা নুনমাটি আৰক্ষীৰ এটা দলে আৰক্ষীক…
Read More
টোলগেটত যাত্ৰীক প্ৰহাৰৰ অভিযোগত ৰহাত ৩ কৰ্মচাৰীক আটক

টোলগেটত যাত্ৰীক প্ৰহাৰৰ অভিযোগত ৰহাত ৩ কৰ্মচাৰীক আটক

অসম আৰক্ষীয়ে যোৱা ২ মাৰ্চত ৰহা টোলগেটত যাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগত আটক কৰিছে ৩ জন কৰ্মচাৰীক। আটকাধীন যুৱককেইজনৰ নাম শংকৰ কুমাৰ, বিপুল বৰদলৈ, আৰু জয়ন্ত গগৈ বুলি জানিব পৰা গৈছে। অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘটনাৰ খবৰ লৈ নগাঁও আৰক্ষীক দোষীৰ বিৰুদ্ধে বৈধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে এই ঘটনা সংঘটিত হৈছে। অসমৰ ডিজিপিৰ নিৰ্দেশমৰ্মে কাম কৰি নগাঁও আৰক্ষীয়ে আটক কৰে তিনিজন অভিযুক্তক। যোৱা ২৮ ফেব্ৰুৱাৰীত সংঘটিত হোৱা এই ঘটনাত টোলগেটৰ কৰ্মচাৰীয়ে তেওঁলোকৰ মাজত হোৱা সামান্য কাজিয়াত প্ৰহাৰ কৰাৰ ফলত কমেও তিনিজন লোক আহত হৈছিল। সূত্ৰ অনুসৰি, তিনিজন ব্যক্তিয়ে ৰহা টোলগেট পাৰ হৈ যোৱাৰ সময়তে টোলগেটৰ কৰ্মচাৰীয়ে…
Read More
বোকাজানত ১৫ কোটি মূল্যৰ ড্ৰাগছসহ জব্দ সৰবৰাহকাৰী…

বোকাজানত ১৫ কোটি মূল্যৰ ড্ৰাগছসহ জব্দ সৰবৰাহকাৰী…

কাৰ্বি আংলং আৰক্ষীয়ে পুনৰবাৰ বোকাজানত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে এজন ব্যৱসায়ীক। বাছৰ পৰা নামি থকা অৱস্থাত আৰক্ষীয়ে বেপাৰীজনক আটক কৰি প্ৰায় ৫ কেজি ব্ৰাউন চুগাৰ জব্দ কৰে। প্ৰায় ১৫ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ হৈছে ব্যক্তিজনৰ বেগৰ ভিতৰত। ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই টুইটাৰৰ জৰিয়তে অসম আৰক্ষীৰ অতি সতর্কতা আৰু অধ্যৱসায়ৰ প্রচেষ্টাক শলাগ লয়৷
Read More
বোকাখাতত একেখন বাহনেই সংঘটিত কৰিলে দুটা দুৰ্ঘটনা, কণমানিৰ মৃত্যু…

বোকাখাতত একেখন বাহনেই সংঘটিত কৰিলে দুটা দুৰ্ঘটনা, কণমানিৰ মৃত্যু…

বোকাখাতৰ লখৌজান আৰু লতাবাৰীত পথ দুৰ্ঘটনা৷ একেখন গাড়ীয়েই দুৰ্ঘটনা সংঘটিত কৰিলে দুটা স্থানত৷ দুবছৰীয়া এগৰাকী কণমানি নিহত হোৱাৰ লগতে গাড়ীখনৰ চালকসহ চাৰিজন আহত হয়৷ নিহত কণমানিজনীৰ নাম আলিচা বেগম (২)। আহত হয় তচলিমা বেগম (২৫), আতিকুৰ ৰহমান (২০) চালক, পদ্মেশ্বৰ পেগু (২২) আৰু ৰঞ্জিত চাওতাল (৩০)। AS 01 BS 6888 গাড়ীখনে লখৌজানত দুজনক খুন্দিয়াই আহি লতাবাৰীত কণমানিজনীক খুন্দিয়াই নিহত কৰাৰ লগতে মাতৃক আহত কৰে৷
Read More
হাইলাকান্দিত ৩০০ গ্ৰাম হেৰ’ইনসহ ৩ জনক আটক, উদ্ধাৰ নগদ ধনো…

হাইলাকান্দিত ৩০০ গ্ৰাম হেৰ’ইনসহ ৩ জনক আটক, উদ্ধাৰ নগদ ধনো…

হাইলাকান্দি আৰক্ষীয়ে সোমবাৰে ৩০০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে। খবৰ অনুসৰি, ধলেশ্বৰী নদীত আৰক্ষীয়ে অভিযান চলাই ৰামনাথপুৰ থানাৰ অন্তৰ্গত ধলেশ্বৰী ফেৰী ঘাটৰ সীমান্তৱৰ্তী অসম-মিজোৰামত এখন নাওৰ পৰা ৪২টা কণ্টেইনাৰ জব্দ কৰে। হেৰ’ইনৰ লগতে আৰক্ষীয়ে নাওখনৰ পৰা চোকা অস্ত্ৰ-শস্ত্ৰ আৰু নগদ ১ লাখ নগদ ধনো জব্দ কৰে। ধৃত লোককেইজন হৈছে মনিৰ উদ্দিন লস্কৰ, আলতা হুছেইন তাপাদাৰ আৰু আহাদ উদ্দিন লস্কৰ। বিষয়টোক লৈ এতিয়াও তদন্ত অব্যাহত আছে। ইয়াৰ পূৰ্বে দেওবাৰে হাইলাকান্দি জিলাৰ বঙালপুৰ গাঁৱৰ পৰা ১ কোটি টকাৰ সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে যদিও বেপাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়।
Read More
যোৰহাটত খুলশালীয়েকক নৃশংসভাৱে হত্যা ভিনিহিয়েকৰ, গ্ৰেপ্তাৰ

যোৰহাটত খুলশালীয়েকক নৃশংসভাৱে হত্যা ভিনিহিয়েকৰ, গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে মঙলবাৰে যোৰহাটৰ বৰহোলা অঞ্চলত চোকা সঁজুলিৰে নিজৰ খুলশালীয়েকক হত্যা কৰাৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। খবৰ অনুসৰি, অভিযুক্তক সজ্জন পাল বুলি চিনাক্ত কৰা হৈছে যিয়ে নিজৰ পত্নীৰ ভগ্নীক নৃশংসভাৱে হত্যা কৰে। এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। এই হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
Read More