09
Jun
মহানগৰীৰ গণেশগুৰিত পথৰ ওপৰত খান্দি থোৱা গাঁতৰ বাবে এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটাৰ পিছতে তৎপৰ হৈ পৰিছে মহানগৰ প্ৰশাসন। গুৱাহাটী আৰক্ষীয়ে এ কে কনষ্ট্ৰাকশ্যন কোম্পানীৰ সঞ্চালকগৰাকীৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰাৰ কেইঘণ্টামান পিছতে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে। বি বালাজী নামৰ সঞ্চালকজনক নাৰেংগীৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ মতে, বালাজীক জেৰা কৰাৰ অন্তত তেওঁক আদালতত হাজিৰ কৰা হৈছে। উল্লেখযোগ্য যে এ কে কনষ্ট্ৰাকশ্যন কোম্পানী এম ভেংকটেশ্বৰ ৰাওৰ। ইয়াক গুৱাহাটীত ব’ৰৱেল ঠিকাদাৰৰ অধীনত তালিকাভুক্ত কৰা হৈছে পানী যোগান প্ৰকল্পৰ বাবে ঠিকাদাৰী হৈ মহানগৰীৰ ১২টা স্থানত কাম কৰি আছে। অৱশ্যে জল ব’ৰ্ডে তেওঁলোকৰ কাম-কাজত কেইবাটাও অমিল লক্ষ্য কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। তদুপৰি…
