20
Jun
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ধুবুৰী জিলাত গংগাধৰ নদীৰ ওপৰত বহু প্ৰত্যাশিত দলং উদ্বোধন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী শৰ্মাই কয় যে ৭০০ মিটাৰ দৈৰ্ঘ্যৰ দলংখনে যাত্ৰাৰ সময় হ্ৰাস কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে সমগ্ৰ ধুবুৰী জিলাকে ধৰি গোলকগঞ্জৰ ৰাইজৰ দীৰ্ঘদিনীয়া স্থানীয় দাবী অৱশেষত শাসকীয় চৰকাৰে পূৰণ কৰিবলৈ সক্ষম হৈছে। বতৰৰ অশুভ পৰিস্থিতিৰ বাবে মুখ্যমন্ত্রীয়ে ধুবুৰীৰ গোলকগঞ্জত উদ্বোধনী অনুষ্ঠানৰ স্থানত উপস্থিত হ’বলৈ হেলিকপ্টাৰৰ পৰিৱৰ্তে পথেৰে যাত্ৰা কৰাৰ সিদ্ধান্ত লয়। টুইটাৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্য চৰকাৰে বিভিন্ন নদীৰ ওপৰেৰে ৰাজ্যজুৰি ৯৫খন দলং নিৰ্মাণ কৰি আছে। গোলকগঞ্জ আৰু কানুৰীৰ মাজত গংগাধৰ নদীৰ ওপৰত ৭০০ মিটাৰ দৈৰ্ঘ্যৰ দলংখন…
