27
Jul
শেহতীয়াকৈ গোলাঘাটত সংঘটিত ত্ৰিপল মাৰ্ডাৰ 'লাভ জেহাদ'ৰ পৰিণতি বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ১৫ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰি দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি বিহাৰ প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য যে, ২৪ জুলাইত পৰিয়ালৰ সমস্যাক লৈ এজন ২৫ বছৰীয়া যুৱকে পত্নী আৰু পিতৃ-মাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত গোলাঘাট জিলা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল যুৱকজনে। মৃত পৰিয়ালটোৰ আত্মীয়ৰ ওচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে ত্ৰিপল মাৰ্ডাৰ গোচৰটোৱে ‘লাভ-জেহাদ’ এক “সত্য আৰু বাস্তৱিক ধাৰণা” বুলি প্ৰমানিত কৰিছে। ‘লাভ জেহাদ’ হৈছে সোঁপন্থী কৰ্মীসকলে মুছলমান পুৰুষে বিবাহৰ জৰিয়তে হিন্দু নাৰীক ধৰ্মান্তৰিত কৰিবলৈ প্ৰলোভিত কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিবলৈ…
