অসম

বন্দে ভাৰত এক্সপ্ৰেছৰ সৈতে গৰুৰ সংঘৰ্ষ, ৰে’লৱে আৰক্ষীয়ে আটক কৰিলে গো-পালকক

বন্দে ভাৰত এক্সপ্ৰেছৰ সৈতে গৰুৰ সংঘৰ্ষ, ৰে’লৱে আৰক্ষীয়ে আটক কৰিলে গো-পালকক

গৰুৰ সৈতে বন্দে ভাৰত এক্সপ্ৰেছৰ সংঘৰ্ষৰ পিছতে আটক কৰা হ’ল গৰুৰ মালিকক। এই আজৱ কাণ্ড সংঘটিত হৈছে বঙাইগাঁও জিলাত। বৃহস্পতিবাৰে ভাৰতৰ দ্ৰুততম ৰে’ল আৰু গৰুৰ সংঘৰ্ষ ঘটাৰ পিছতে বঙাইগাঁও ৰে’লৱে সুৰক্ষা বাহিনীয়ে আটক কৰে উমেশ ব্ৰহ্ম নামৰ গো পালকজনক। সূত্ৰ অনুসৰি উমেশ ব্ৰহ্মৰ গৰুটোৱে অজানিতে তীব্ৰবেগী বন্দে ভাৰত এক্সপ্ৰেছৰ পথত বাধা আৰোপ কৰাৰ ফলত সংঘৰ্ষ হয়। সৌভাগ্যক্ৰমে এই কাণ্ডৰ সময়ত কোনো যাত্ৰী আহত হোৱা নাছিল যদিও ইয়াৰ ফলত ৰে’ল সেৱাত ব্যাঘাত জন্মিছিল। ৰেল কৰ্তৃপক্ষ আৰু আৰ পি এফে এই পৰিস্থিতিৰ প্ৰতি ক্ষিপ্ৰ সঁহাৰি জনাই উমেশ ব্ৰহ্মক অধিক তদন্তৰ বাবে আটক কৰে। ৰে’লপথত গৰুটোৰ উপস্থিতি কি পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেই কথা…
Read More
ছেপ্টেম্বৰৰ পৰা পুনৰ ৰাজ্যজুৰি চলিব আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযানঃ ঘোষণা মুখ্যমন্ত্ৰীৰ

ছেপ্টেম্বৰৰ পৰা পুনৰ ৰাজ্যজুৰি চলিব আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযানঃ ঘোষণা মুখ্যমন্ত্ৰীৰ

পুনৰ অসম চৰকাৰে আৰম্ভ কৰিব বাল্যবিবাহ বিৰোধী অভিযান। চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা পুনৰ ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে ব্যাপক ৰূপত অভিযান চলোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফেব্ৰুৱাৰী মাহত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ৰাজ্যখনৰ আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে এই অভিযান পুনৰ আৰম্ভ কৰিবলৈ সাজু হৈছে। ২৮ জুলাইত পশ্চিম অসমৰ বঙাইগাঁৱত অনুষ্ঠিত চতুৰ্থখন আৰক্ষী অধীক্ষক সন্মিলনত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বাল্য বিবাহৰ সৈতে জড়িত অভিযুক্ত ব্যক্তিৰ বিষয়ে জানিবলৈ ৰাজ্য চৰকাৰে ছেপ্টেম্বৰ মাহত আন এক অভিযান আৰম্ভ কৰিব। গৃহ বিভাগৰো দায়িত্বত থকা শৰ্মাই আৰক্ষী বাহিনীক শেষৰ ড্ৰাইভৰ পৰা ৩১ আগষ্ট, ২০২৩ৰ ভিতৰত বাল্য…
Read More
ঘৰুৱা সহায়িকাৰ ওপৰত শাৰীৰিক নিৰ্যাতন! মহিলা আৰক্ষী বিষয়াক নিলম্বন

ঘৰুৱা সহায়িকাৰ ওপৰত শাৰীৰিক নিৰ্যাতন! মহিলা আৰক্ষী বিষয়াক নিলম্বন

নাজিৰাত নিজৰ ঘৰুৱা সহায়কিকাক শাৰীৰিক অত্যাচাৰৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) শুভলক্ষ্মী দত্তক। বুধবাৰে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙৰ নিৰ্দেশত নিলম্বন কৰা হয় আৰক্ষী বিষয়াগৰাকীক। ইয়াৰ পূৰ্বে অভিযোগৰ এজাহাৰ দাখিলৰ পিছত শুভলক্ষ্মী দত্তক ৰিজাৰ্ভ ক্ল’জ কৰিছিল বিভাগে। উল্লেখ্য যে, যোৱা ২৬ আগষ্টত সংঘটিত হৈছিল এই ঘটনা। শিৱসাগৰ জিলাৰ নাজিৰাত অনিমা প্ৰজা নামৰ ঘৰুৱা সহায়িকাগৰাকীৰ ওপৰত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। নাজিৰাৰ আদৰ্শ থানাত ঘৰুৱা সহায়িকাগৰাকীয়ে দাখিল কৰা এজাহাৰ অনুসৰি, তেওঁৰ গাত উতলা গৰম পানী ঢালি বাথৰুমৰ ভিতৰত বন্ধ কৰি শাস্তি প্ৰদান কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে।
Read More
লুৰিণজ্যোতি গগৈৰ কোনো ৰাজনৈতিক ভৱিষ্যত নাইঃ পীযুষ হাজৰিকা

লুৰিণজ্যোতি গগৈৰ কোনো ৰাজনৈতিক ভৱিষ্যত নাইঃ পীযুষ হাজৰিকা

ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই মঙলবাৰে কয় যে অসম জাতীয় পৰিষদে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (কা) প্ৰতিবাদৰ নামত ৰাজনৈতিক ক্ষমতা অৰ্জন কৰিবলৈ চেষ্টা কৰিছিল। সংবাদ মাধ্যমক সম্বোধন কৰি পীযুষ হাজৰিকাই কয় যে, ‘অসমৰ জনসাধাৰণৰ অনুভূতি বিক্ৰী কৰি ৰাজনৈতিক ক্ষমতা অৰ্জন কৰিবলৈ অজাপই চেষ্টা কৰিছিল, অৱশ্যে ভালকৈয়ে মুখ থেকেচা খাইছে। সামগ্ৰিকভাৱে এজেপিৰ হৈ জুবিন গাৰ্গৰ বক্তব্যৰ সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰি হাজৰিকাই কয় যে বৰ্তমান আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে কমেও ১১খন আসন লাভ কৰিবলৈ সাজু হোৱাৰ বাবে লুৰিণ জ্যোতি গগৈৰ ৰাজনৈতিক ভৱিষ্যত অনিশ্চয়তাৰ মাজত দেখা গৈছে। ইয়াৰ পূৰ্বে সোমবাৰে শিল্পী জুবিন গাৰ্গে অসম জাতীয় পৰিষদক ফটুৱা ৰাজনৈতিক দল হ’ব বুলি…
Read More
ৰাজ্যত ভাদমহীয়া বানৰ সংহাৰ! ১৭ জিলাৰ ১.৯০ লাখ লোক বানৰ কবলত, এতিয়ালৈকে ১৫ জনৰ মৃত্যু

ৰাজ্যত ভাদমহীয়া বানৰ সংহাৰ! ১৭ জিলাৰ ১.৯০ লাখ লোক বানৰ কবলত, এতিয়ালৈকে ১৫ জনৰ মৃত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাদমহীয়া বানে সৃষ্টি কৰা বিভীষিকাত পুনৰ আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক। চৰকাৰী তথ্য অনুসৰি বানৰ নতুন প্ৰকোপত ১.৯০ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এজন লোকৰ মৃত্যু ঘটিছে। বিগত কিছুদিন ধৰি ৰাজ্যত দি থকা ধাৰাসাৰ বৰষুণৰ পিছতে নৈ সমূহৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পাই নৈপৰীয়া বহু অঞ্চল প্লাৱিত কৰিছে। ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু যোৰহাটৰ নিমাতিঘাটত ফেৰী সেৱা বন্ধ হৈ পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, শিৱসাগৰ জিলাৰ ডিমৌত বানৰ কবলত পৰি শেহতীয়াকৈ এজন লোকৰ মৃত্যু ঘটে। যাৰ পিছতে এইবাৰৰ বানত মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পায়। বৰ্তমান ১৭খন জিলা বানত বুৰ গৈছে। যাৰ…
Read More
AJP এটা ফটুৱা দল! জুবিন গাৰ্গৰ এই মন্তব্যক লৈ সৃষ্টি বিতৰ্কৰ…

AJP এটা ফটুৱা দল! জুবিন গাৰ্গৰ এই মন্তব্যক লৈ সৃষ্টি বিতৰ্কৰ…

অসমীয়া যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ এটা মন্তব্যই শেহতীয়াকৈ সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ। দুটা ভাগত বিভক্ত হোৱা সামাজিক মাধ্যমত একাংশই জুবিন গাৰ্গৰ পক্ষত থিয় দিয়াৰ বিপৰীতে আন একাংশই তীব্ৰ সমালোচনাৰে থকা সৰকা কৰিছে কণ্ঠশিল্পীগৰাকীক। দৰাচলতে জুবিন গাৰ্গে আঞ্চলিকতাবাদী দল অসম জাতীয় পৰিষদক ফটুৱা পাৰ্টী বুলি অভিহিত কৰাৰ পিছতে সূত্ৰপাত ঘটে এই বিতৰ্কৰ। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে এক মত বিনিময় অনুষ্ঠানত জুবিন গাৰ্গে ৰাজনৈতিক দলটোক লৈ এইদৰে মন্তব্য কৰে। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ মুখামুখি হৈ জুবিন গাৰ্গে কয় যে তেওঁৰ সৈতে একেলগে কা আন্দোলন কৰাৰ পিছত অসম জাতীয় পৰিষদ গঠন কৰা হৈছিল। তেওঁ কয়, "মই তেওঁলোকক (এজেপি) আক্ৰমণ কৰা নাই…
Read More
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথমগৰাকী মহিলা ক্ষেত্ৰ সঞ্চালক হ’ব ড০ সোণালী ঘোষ, ১ ছেপ্টেম্বৰত গ্ৰহণ কৰিব কাৰ্যভাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথমগৰাকী মহিলা ক্ষেত্ৰ সঞ্চালক হ’ব ড০ সোণালী ঘোষ, ১ ছেপ্টেম্বৰত গ্ৰহণ কৰিব কাৰ্যভাৰ

ৰাজ্যৰ মুখ্য বন সংৰক্ষক ড০ সোণালী ঘোষে অহা মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (কেএনপি) প্ৰথমগৰাকী মহিলা ক্ষেত্ৰ সঞ্চালকৰ ভূমিকা গ্ৰহণ কৰি এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰিব। পিটিআইৰ এক প্ৰতিবেদন অনুসৰি অসম চৰকাৰৰ শেহতীয়া নিৰ্দেশে ইতিমধ্যে এই যুগান্তকাৰী পৰিৱৰ্তনৰ বিষয়ে স্পষ্ট কৰিছে। ১ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব ড০ ঘোষে। ভাৰতীয় বন সেৱাৰ বিশিষ্ট বিষয়া ড০ ঘোষে ৩১ আগষ্টত অৱসৰ ল’বলগীয়া বৰ্তমানৰ ক্ষেত্ৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। বৰ্তমান গুৱাহাটীৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনী মুৰব্বীৰ কাৰ্যালয়ত গৱেষণা শিক্ষা আৰু কৰ্ম পৰিকল্পনা বিভাগৰ মুখ্য বন সংৰক্ষকৰ পদত অধিষ্ঠিত হৈ আছে ঘোষ। প্ৰতিবেদন অনুসৰি…
Read More
ফ্ৰান্সত অনুষ্ঠিত PBP চাইকেলিং ইভেণ্টত কৃতিত্ব অসমৰ যুৱ অভিযন্তা ৰিপুঞ্জয় গগৈৰ…

ফ্ৰান্সত অনুষ্ঠিত PBP চাইকেলিং ইভেণ্টত কৃতিত্ব অসমৰ যুৱ অভিযন্তা ৰিপুঞ্জয় গগৈৰ…

গুৱাহাটীৰ যুৱ কম্পিউটাৰ অভিযন্তা ৰিপুঞ্জয় গগৈয়ে শেহতীয়াকৈ ২০-২৪ আগষ্টত ফ্ৰান্সত অনুষ্ঠিত হোৱা অন্যতম কঠিন চাইকেল ইভেণ্ট পেৰিছ-ব্ৰেষ্ট-পেৰিছ (পিবিপি) সফলতাৰে সম্পূৰ্ণ কৰি এক মাইলৰ খুঁটি অৰ্জন কৰে। প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা পেৰিছ-ব্ৰেষ্ট-পেৰিছ (পিবিপি) হৈছে বিশ্বৰ আটাইতকৈ পুৰণি চাইকেলিং ইভেণ্ট যাৰ পথ ফ্ৰান্সৰ ৰাজধানীৰ পৰা বন্দৰ চহৰ ব্ৰেষ্টলৈকে। কেৱল এয়াই নহয়, অসমৰ আন চাৰিজন আৰু মিজোৰামৰ এজনে কাৰিকৰী সমস্যা আৰু সময়সীমাৰ বাবে পিছুৱাই যোৱাৰ পাছত ক্লান্তিকৰ পেৰিছ-ব্ৰেষ্ট-পেৰিছ (পিবিপি)ত এই কৃতিত্ব অৰ্জন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ব্যক্তি হৈ পৰিল ৰিপুঞ্জয় গগৈ। ফিনিচাৰ্ছৰ পদক লাভ কৰিবলৈ এজন অংশগ্ৰহণকাৰীয়ে ৯০ ঘণ্টাত পথটো সম্পূৰ্ণ কৰিব লাগিব। কেইবাটাও অভিলেখ ভংগকাৰী চাইকেল ইভেণ্টৰ হাতৰ আঁচল আৰু…
Read More
ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি! অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী ফেৰী সেৱা

ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি! অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী ফেৰী সেৱা

ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধিৰ পিছতে মাজুলী আৰু নিমাতী ঘাটৰ মাজৰ ফেৰীসেৱা অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ ঘোষণা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। অঞ্চলটোত প্ৰচণ্ড বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ ফলত নদী পাৰ হোৱা পথসমূহ ব্যাহত হৈ পৰিছে। নদীৰ পানী বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা আগতীয়া বিপদৰ প্ৰতি সতৰ্ক হৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। হঠাৎ ফেৰীসেৱা বাতিল কৰাৰ ফলত দৈনিক অহা-যোৱা আৰু সামগ্ৰী পৰিবহণৰ বাবে এই ফেৰী সেৱাৰ ওপৰত নিৰ্ভৰশীল যাত্ৰীসকলৰ মাজত অনিশ্চয়তাৰ ঢৌৰ সৃষ্টি হৈছে। কেতিয়া সেৱা পুনৰ আৰম্ভ হ’ব পাৰে তাৰ কোনো স্পষ্ট…
Read More
ধেমাজি কাণ্ড সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰায় অধ্যয়ন কৰিবলৈ DGPক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

ধেমাজি কাণ্ড সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰায় অধ্যয়ন কৰিবলৈ DGPক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ধেমাজি কাণ্ড সন্দৰ্ভত প্ৰদান কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অধ্যয়ন কৰিবলৈ কয়। মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘মই ডিজিপিক উচ্চ ন্যায়ালয়ৰ ৰায় অধ্যয়ন কৰিবলৈ কৈছো, আৰু যদি আমি আইনী পৰামৰ্শ পাওঁ তেন্তে আমি ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিম। সন্মানীয় বিচাৰকসকলে কেনেকৈ এই সিদ্ধান্তত উপনীত হৈছে চোৱাৰ প্ৰয়োজন। ৰায়দানৰ কপি কালিলৈকে উপলব্ধ নাছিল।” উল্লেখ্য যে, ২০০৪ চনৰ ধেমাজি বোমা বিস্ফোৰণৰ ঘটনাৰ সকলো অভিযোগৰ পৰা গৌহাটী উচ্চ ন্যায়ালয়ে ২৪ আগষ্টত অভিযুক্তক দোষমুক্ত কৰাৰ পিছতে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। গৌহাটী উচ্চ ন্যায়ালয়ত নিম্ন আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ পিছতে অভিযুক্তসকলে সকলো অভিযোগৰ পৰা…
Read More