অসম

মিছ নৰ্থ ইষ্ট ২০২২ত খিতাপ দখল মেঘালয়ৰ সুন্দৰী আইৰিন ডখাৰৰ…

মিছ নৰ্থ ইষ্ট ২০২২ত খিতাপ দখল মেঘালয়ৰ সুন্দৰী আইৰিন ডখাৰৰ…

বৃহস্পতিবাৰে নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হোৱা মিছ নৰ্থ ইষ্ট ২০২২ৰ খিতাপ দখল কৰিছে মেঘালয়ৰ আইৰিন ডখাৰে। উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ মুঠ ১৪ গৰাকী প্ৰতিযোগীয়ে খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে। নৰ্থ ইষ্ট বিউটি পেজেণ্ট অৰ্গেনাইজেশ্যনৰ উদ্যোগত আৰু বিউটি এণ্ড এষ্টেটিক ছ’চাইটি অৱ নাগালেণ্ড (BASN)ৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই মিছ নৰ্থ ইষ্ট প্ৰতিযোগিতাখন। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে মিছ নৰ্থ-ইষ্ট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নাগালেণ্ড চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা। প্রতিযোগিতাত বিজয়ী ঘোষণা কৰা ডখাৰে উপহাৰৰ টোপোলাৰ লগতে ১.৫ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে। এই প্ৰতিযোগিতাৰ পৰৱৰ্তী সংস্কৰণ ছিকিমত অনুষ্ঠিত হোৱাৰ কথা। ইফালে, প্ৰথম ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপ হৈছে অসমৰ…
Read More
নিবনুৱাৰ বাবে ভাল খবৰঃ গুৱাহাটীত কেবিন ক্ৰুৰ বাবে আবেদন আহ্বান এয়াৰ এছিয়া ইণ্ডিয়াৰ

নিবনুৱাৰ বাবে ভাল খবৰঃ গুৱাহাটীত কেবিন ক্ৰুৰ বাবে আবেদন আহ্বান এয়াৰ এছিয়া ইণ্ডিয়াৰ

গুৱাহাটীঃ নিবনুৱাৰ বাবে এক সুখবৰ। গুৱাহাটীত কেবিন ক্ৰুৰ বাবে নিযুক্তি ঘোষণা কৰিছে এয়াৰ এছিয়া ইণ্ডিয়াই। ব্যতিক্ৰমী গ্ৰাহক সেৱা প্ৰদানৰ প্ৰতি ইচ্ছুক আবেদনকাৰীক বিমান সংস্থাটোৱে airasia.co.in/jointhecrew অথবা ছচিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। ৬ অক্টোবৰ ২০২২, শনিবাৰে কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি অভিযানত স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰমাণ পত্ৰ (HSC) বা প্ৰাক-বিশ্ববিদ্যালয় পাঠ্যক্ৰম (PUC) প্ৰমাণপত্ৰ (১০+২) থকা প্ৰাৰ্থী বা লিখিত আৰু কথিত ভাষা, ইংৰাজী আৰু হিন্দীৰ বিষয়ে ভালদৰে জ্ঞান থকা, আৰু বৈধ-ভাৰতীয় পাছপ'ৰ্ট থকা বিশ্ববিদ্যালয়ৰ প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব। লগতে প্ৰাৰ্থীসকলে নিৰ্ধাৰিত উচ্চতা আৰু বডি মাছ ইনডেক্স (BMI) মাপকাঠী পূৰণ কৰিব লাগিব। নিযুক্তি প্ৰক্ৰিয়াৰ সবিশেষ তলত…
Read More
হিমাংশু প্ৰসাদ দাসৰ চিনেমা ‘হিৰো’ মুক্তিৰ বাবে সাজু, OTT প্লেটফৰ্মতো কৰিব পাৰিব দৰ্শন

হিমাংশু প্ৰসাদ দাসৰ চিনেমা ‘হিৰো’ মুক্তিৰ বাবে সাজু, OTT প্লেটফৰ্মতো কৰিব পাৰিব দৰ্শন

গুৱেৰ্নিকাৰ বেনাৰত ২০১০ চনত হিমাংশু প্ৰসাদ দাসৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ নাটক ‘মই শ্বাহৰুখ খান হ'ব খোজো’ৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে নতুন অসমীয়া কথাছবি ‘হিৰো’। অহা ২৬ ফেব্ৰুৱাৰী শনিবাৰে জ্যোতি চিত্ৰবনত তিনিটা বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে 'হিৰো'ৰ। ইয়াৰ উপৰি কথাছবিখন জনপ্ৰিয় ওটিটি প্লেটফৰ্ম ৰীলড্ৰামাৰ জৰিয়তে দৰ্শকৰ বাবে মুকলি কৰি দিব বুলি জানিবলৈ দিছে কথাছবিখনৰ পৰিচালক হিমাংশুপ্ৰসাদ দাসে। এই চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা চন্দন দাস আৰু অভিনেত্ৰী সন্ধ্যা হাজৰিকাই। ইয়াৰ লগতে অতি গুৰুত্বপূৰ্ণ কেইবাটাও চৰিত্ৰত অভিনয় কৰিছে অসমৰ অভিনয় জগতৰ খ্যাতনামা অভিনেতা অৰুণ হাজৰিকা, জ্যোতি নাৰায়ন নাথ, অসীম কৃষ্ণ বৰুৱা, সিদ্ধাৰ্থ মুখাৰ্জী, আৰু প্ৰনামী…
Read More
বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়… বিধায়ক ৰমাকান্ত দেউৰীৰ PSOৰ সপক্ষে যুক্তি

বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়… বিধায়ক ৰমাকান্ত দেউৰীৰ PSOৰ সপক্ষে যুক্তি

"বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়…" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক, ভিআইপিৰ পিএছঅ' উঠাই লোৱাৰ ঘোষণা কৰাৰ পিছত ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাধাৰণ লোকে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ সমৰ্থন কৰিছে ঠিকেই, কিন্তু পিএছঅ'ৰ মাজত ঘূৰি নিজকে ভিআইপি-ভিভিআইপি অনুভৱ কৰা আন বহুতেই অসন্তুষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তত। তেনে ধৰণেই অসন্তুষ্টি ব্যক্ত কৰিছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। বিতৰ্কিত মন্তব্যৰে প্ৰায়ে চৰ্চাত থকা বিধায়কজনে যুক্তি দিলে পিএছঅ'ৰ প্ৰয়োজনীয়তাৰ। বিধায়ক ৰমাকান্ত দেউৰীয়ে পিএছঅ'ৰ সপক্ষে যুক্তি দি ক'লে- "যদি পিএছঅ' নাথাকে তেন্তে সাধাৰণ জনতা আৰু জনপ্ৰতিনিধিৰ মাজত পাৰ্থক্য ক'ত থাকিব?" বিধায়কজনৰ মতে, বাইচান্সৰ লাইচেন্স নাই। গতিকে যদি কিবা এটা হৈ যায়, তেন্তে…
Read More
ভাগি পৰিল চেপন চূণপোৰা সংযোগী পথৰ দিচাং নৈৰ ওপৰৰ পকী দলং

ভাগি পৰিল চেপন চূণপোৰা সংযোগী পথৰ দিচাং নৈৰ ওপৰৰ পকী দলং

ভাগি পৰিল শিৱসাগৰ জিলাৰ চেপন চূণপোৰা সংযোগী পথৰ এখন দলং। পথটোৰ বকতা অঞ্চলত দিচাং নৈৰ ওপৰত থকা পকী এখন দলং মাজতে ভাঙি পৰাত ব্যাহত হৈ পৰিছে অঞ্চল দুটাৰ যাতায়াত। দেওবাৰে পুৱা ৯ বজাত এখন শিলভৰ্তি ডাম্পাৰ দলং খনেদি পাৰ হওঁতেই আকস্মিকভাৱে মাজতে ভাগি পৰে দলংখন। সম্প্ৰতি বৃহত্তৰ বকতা অঞ্চলৰ ৰাইজৰ শিৱসাগৰ, নাজিৰা, শিমলুগুৰি অঞ্চলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ১৯৭১ চনৰ পৰা নিৰ্মাণ আৰম্ভ কৰা দলংখনৰ ১৯৭৭ চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল আৰু বিগত এক দশকজুৰি দলংখন অতি দুৰ্বল হৈ পৰিছিল। দলংখন মেৰামতিৰ বাবে ৰাইজে বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো কাণসাৰ দিয়া নাছিল কৰ্তৃপক্ষই। এতিয়া আকস্মিকভাৱে দলংখন ভাঙি পৰাত ক্ষোভিত হৈ…
Read More
লখৰাত ২.৪৪ গ্ৰাম হেৰোইন আৰু ২.৪৫৪ কিলোগ্ৰাম গাঞ্জাসহ এজনক আটক

লখৰাত ২.৪৪ গ্ৰাম হেৰোইন আৰু ২.৪৫৪ কিলোগ্ৰাম গাঞ্জাসহ এজনক আটক

গড়চুক আৰক্ষী থানাৰ পশ্চিম গুৱাহাটী আৰক্ষী বিভাগৰ (ডব্লিউজিপিডি) এটা দলে দেওবাৰে লখৰা অঞ্চলৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আটকাধীন সৰবৰাহকাৰীজনক কলাইগাঁৱৰ বাসিন্দা ৰাহুল পাল ওৰফে বিশ্ব বুলি চিনাক্ত কৰা হৈছে। দেওবাৰে সন্ধিয়া আৰক্ষীয়ে চলোৱা অভিযানত সৰবৰাহকাৰী জনক আটক কৰা হয়। গুৱাহাটী আৰক্ষীৰ টুইটাৰ হেণ্ডেলে জনাইছে যে সৰবৰাহকাৰীজনৰ পৰা মুঠ ২.৪৪ গ্ৰাম হেৰোইন আৰু ২.৪৫৪ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত সৰবৰাহকাৰীজনে দীৰ্ঘদিন ধৰি গুৱাহাটীৰ লখৰা অঞ্চলত ড্ৰাগছ আৰু গাঞ্জাৰ অবৈধ ব্যৱসায় চলাই আহিছিল। প্ৰাপ্ত তথ্যৰ ওপৰত আধাৰিত কৰি, গড়চুক আৰক্ষীয়ে অভিযান চলাই পেডলাৰজনক ধৰিবলৈ সক্ষম হয়।
Read More
আজি শিল্পী দিৱস…

আজি শিল্পী দিৱস…

আজি শিল্পী দিৱস। ৰাজ্যজুৰি আজি পালন হৈছে শিল্পী দিৱস। ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্ম আৰু সাধনাৰ থলী ঐতিহ্যমণ্ডিত তেজপুৰ শিল্পী গৰাকীৰ কালজয়ী গীত-মাত আৰু কবিতাৰে মুখৰিত হৈ পৰে। সেই অনুসৰি পুৱাতেই তেজপুৰ চহৰৰ কমলানগৰস্থিত সমাধিস্থলীত উপস্থিত হৈ বিভিন্ন দল-সংগঠন, শিল্পী, সাহিত্যিক আৰু ৰাইজে কোভিড প্ৰট'কল মানি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতেদি জ্যোতি ভাৰতীতো শিল্পী দিৱসৰ উদযাপন কৰা হয়।
Read More
এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহ! নগাঁৱত আটক মহিলাসহ ৩ জন

এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহ! নগাঁৱত আটক মহিলাসহ ৩ জন

ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰীৰ বিক্ৰী, সৰবৰাহৰ বিৰুদ্ধে যিমানেই আৰক্ষী কঠোৰ হৈছে সিমানেই ন ন কৌশলেৰে সৰবৰাহ অব্যাহত ৰখাৰ চেষ্টা চলাইছে একাংশই। এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰা তিনি সৰবৰাহকাৰীক দেওবাৰে আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে। আৰক্ষীয়ে অভিযান চলাই ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত ম’হখুলিত এ এছ ১২ এ চি ৪৮৬২ নম্বৰৰ এখন এম্বুলেন্সসহ তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এম্বুলেন্সৰ চালক ৰফিকুল ইছলামৰ লগতে চহিদুল হক আৰু মামনি বেগম নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
Read More
মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

পুনৰ বহি:ৰাজ্যত আক্ৰমণৰ বলি হল অসমীয়া যুৱক। এইবাৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হল বোকাখাতৰ সজন কুমাৰ শইকীয়া নামৰ এজন যুৱক। মিজোৰামত ফকলেন কোম্পানিত কৰ্মৰত বোকাখাত ৰজাবাৰীৰ সজন কুমাৰ শইকীয়া। মিজোৰামৰ আইজলত কৰ্মস্থলীৰ পৰা উভতাৰ পথত ধন দাবী কৰি মিজো দুৰ্বৃত্তই মাৰপিত কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনক। ইফালে মিজো দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক জন সম্প্ৰতি আইজলৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে পুত্ৰৰ কাষলৈ ৰাওনা হৈছে পিতৃ-মাতৃ।
Read More
নগাঁৱৰ কলঙৰ পাৰত ভোগালী বিহু উৎযাপন, গীতে-মাতে মুখৰ পৰিৱেশ

নগাঁৱৰ কলঙৰ পাৰত ভোগালী বিহু উৎযাপন, গীতে-মাতে মুখৰ পৰিৱেশ

ঋতু পৰ্ণ শৰ্মা, নগাঁও: ভোগৰ উৎসৱ ভোগালী বিহুৰ মাঘৰ পহিলা দিনটোতে শনিবাৰে নগাঁও জিলাৰ জাগীয়ালৰ কলঙৰ পাৰত উজ্বলি উঠিল ভোগালী বিহুৰ বিভিন্ন কাৰ্যসূচী। কলং নদীৰ পাৰৰ বিনন্দীয়া নৈসৰ্গিক পৰিবেশৰ মাজত জাগীয়াল ৰাজহুৱা ভৱন প্ৰাংগণত পুৱা পৰিবেশ নিকাকৰণৰ পিছত পুৱা ৯ বজাত ভোগালীৰ পতাকা উত্তোলন কৰে বিশিষ্ট শিক্ষাবিদ প্ৰফুল্ল চন্দ্ৰ বৰাই। ইয়াৰ পিছতেই নাম প্ৰসঙ্গ, ভোগালীক আদৰণি অনুষ্ঠান, জলযোগ আপ্যায়নৰ ভোগালীৰ আড্ডা-অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই সঞ্চালনা কৰি ভাষণ প্ৰসংগত কয় যে সম্প্ৰীতি-সমন্বয়ৰ প্ৰাচীন চানেকীৰে উজ্জিৱীত শ্ৰীমন্ত শংকৰদেৱ, গুৰুনানক আৰু আজান ফকীৰে তেতিয়াই দেখুৱাই যোৱা সম্প্ৰীতিৰ এনাজৰীডালত আজিও সুদৃঢ় ভাৱে বান্ধ খাই…
Read More