সামাজিক মাধ্যমত ভাইৰেল হোৱা এক বিতৰ্কিত এআই ভিডিঅ’ক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ উত্তেজনাৰ মাজতে ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গুৰুত্বপূৰ্ণ গোচৰ। দলৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা ডিলিট কৰা এই ভিডিঅ’টোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ৰাজনৈতিক ধুমুহাৰ মাজতে বুধবাৰে এক সংবাদমেল যোগে এই আইনী প্ৰক্ৰিয়াৰ কথা নিজেই সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ১০ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ বিধায়কসকলে দিছপুৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।
উল্লেখ্য যে, ৰাজ্যিক বিজেপিয়ে শেহতীয়াকৈ এটা এআই প্ৰযুক্তিৰে নিৰ্মিত ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত মুখ্যমন্ত্ৰীক এজন দাড়ি থকা আৰু আন এজন টুপী পিন্ধা ব্যক্তিলৈ লক্ষ্য কৰি বন্দুক চলোৱা দেখা গৈছিল। “পইণ্ট ব্লেংক শ্বট” কেপচন থকা এই ভিডিঅ’টোক লৈ বিৰোধী দলসমূহ সৰৱ হৈ পৰাৰ পাছত বিজেপিয়ে সেয়া ডিলিট কৰে। এই সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে তেওঁ কেতিয়াও খিলঞ্জীয়া অসমীয়া মুছলমানৰ বিৰোধিতা নকৰে, বৰঞ্চ তেওঁৰ যুঁজ কেৱল বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধেহে।
নিজৰ স্থিতিত অটল থকাৰ হুংকাৰ দি তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “আমি অসমীয়া মুছলমানৰ বিৰোধী নহয়, আমি বাংলাদেশী মুছলমান বা মিঞা মুছলমানৰহে বিৰোধী।” ইফালে, বিৰোধী দলৰ নেতাসকলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ধৰ্মীয় মেৰুকৰণ আৰু ঘৃণা ভাষণৰ অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান জনাই কয় যে যদি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে, তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰক আৰু তেওঁ কাৰাগাৰলৈ যাবলৈও কুণ্ঠাবোধ নকৰে। আৰক্ষীৰ এই তদন্ত আৰু মুখ্যমন্ত্ৰীৰ বিস্ফোৰক ভাষ্যই এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত নতুন উত্তেজনাৰ সৃষ্টি কৰিছে। এজন বিজেপি কৰ্মীয়েও এই বিষয়ত পৃথককৈ এজাহাৰ দাখিল কৰা ঘটনাই বিষয়টোক অধিক ৰহস্যজনক কৰি তুলিছে।
