02
Jun
অসম চৰকাৰৰ ৰাজ্যিক যক্ষ্মা কোষ আৰু কে এইচ পি টিৰ যৌথ উদ্যোগত আয়োজন কৰা “যক্ষ্মাৰ বিৰুদ্ধে যুঁজত জয়ী: আচৰণ পৰিৱৰ্তনৰ বাবে সম্প্ৰদায় ভিত্তিক পদ্ধতি গ্ৰহণ কৰা” শীৰ্ষক বিষয়ৰ ওপৰত আলোচনাৰ বাবে আজি গুৱাহাটীত এখনি সংবাদ কর্মীৰ ঘূৰণীয়া মেজমেল আয়োজন কৰা হয়। য'ত যক্ষ্মা চিকিৎসা আৰু যত্নৰ ক্ষেত্ৰত বাধাসমূহ সমাধান কৰাৰ প্ৰয়োজনীয়তা আৰু সম্প্ৰদায়ভিত্তিক পদ্ধতিৰ ওপৰত বিস্তৃতভাৱে আলোচনা হয়।সভাত ভাষণ আগবঢ়াই অসম চৰকাৰৰ স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক তথা ৰাজ্যিক যক্ষ্মা বিষয়া ড০ অভিজিৎ বসু আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক কাৰিকৰী বিষয়া ডাঃ ধ্ৰুবজ্যোতি ডেকাই। উপস্থিত থাকে কে এইচ পি টিৰ বিষয়া, সম্প্ৰদায়ৰ প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ সদস্যসকল।কে এইচ পি টিয়ে…
