16
Oct
শুকুৰবাৰে ডুবাইত অনুষ্ঠিত আই পি এল ২০২১ ৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ (কে কে আৰ) বিৰুদ্ধে ২৭ ৰাণৰ জয় লাভ কৰাৰ লগে লগে চেন্নাই চুপাৰ কিংছে (চিএছকে) তেওঁলোকৰ চতুৰ্থ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) খিতাপ দখল কৰিবলৈ সক্ষম হয়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সভাপতি সৌৰভ গাংগুলীৰ লগতে ব'ৰ্ডৰ সচিব জয় শ্বাহে চিএছকেৰ অধিনায়ক এম এছ ধোনীক বিজয়ী ট্ৰফী প্ৰদান কৰাৰ পিছতে বিজয় উৎসৱ পালন কৰে খেলুৱৈ আৰু অনুৰাগীসকলে। উল্লেখ্য যে, আইপিএলৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে ট্ৰফী নিজ হাতলৈ নিবলৈ সক্ষম হয় অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। চিএছকে সৰ্বাধিক আইপিএল জিকাৰ তালিকাত কেৱল মুম্বাই ইণ্ডিয়ানছৰ (এমআই) পিছত দ্বিতীয় স্থানত আছে। গোটেই…
