মাংসৰ আঞ্জা বা মাছৰ আঞ্জা, অসমীয়া খাদ্যত প্ৰায়ে বিহালী ব্যৱহাৰ কৰা হয়। বিলাহীয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ই স্বাস্থ্যৰ বাবেও উপকাৰী। ইফালে চাটনি বা চালাদত বিলাহী ব্যৱহাৰ কৰা হয়। এন্টিঅক্সিডেন্টেৰে ভৰপূৰ বিলাহী অত্যধিক খোৱাৰ ফলত স্বাস্থ্যৰ অপকাৰ কৰিব পাৰে। আপুনি জানেনে যে, অত্যধিক পৰিমাণৰ বিলাহী খোৱাটো কিছুমান মানুহৰ বাবেও বিপদজনক হ’ব পাৰে?অতিমাত্ৰা বিলাহী খোৱাৰ ফলত অম্লতা, গেছ, আৰু ডিঙি বা বুকুৰ বিষৰ দৰে সমস্যা দেখা দিব পাৰে। বিলাহীত থকা মেলিক এচিড আৰু চাইট্ৰিক এচিডৰ বাবে পেটৰ এচিডিটি বাঢ়ি যাব পাৰে। তদুপৰি, যিসকলে গেছৰ সমস্যাত ভোগে, তেওঁলোকে অতিমাত্ৰা বিলাহী খোৱাৰ পৰা বিৰত থকা উচিত। অতিমাত্ৰা বিলাহী খোৱাৰ ফলত হোৱা কিছুমান সমস্যা:
এচিডিটি বৃদ্ধি: বিলাহীত থকা মেলিক এচিড আৰু চাইট্ৰিক এচিডৰ বাবে পেটত এচিডৰ পৰিমাণ বাঢ়ি যাব পাৰে, যাৰ ফলত ডিঙি আৰু বুকুৰ বিষ হ’ব পাৰে।
গেছৰ সমস্যা: যিসকলে গেছৰ সমস্যাত ভোগে, তেওঁলোকে অতিমাত্ৰা বিলাহী খালে গেছৰ সমস্যা বাঢ়িব পাৰে।
এলাৰ্জিৰ সম্ভাৱনা: কিছুমান লোকৰ বিলাহীৰ বীজৰ প্ৰতি এলাৰ্জি থাকিব পাৰে, যাৰ ফলত ছালৰ দাগ, খজুৱতি, ফুলা বা উশাহ লোৱাত অসুবিধা হ’ব পাৰে।
যকৃতৰ সমস্যা: অতিমাত্ৰা বিলাহীৰ দৰে উষ্ণ, অম্লীয় বা গৰম আহাৰ খোৱাৰ অভ্যাসে পাচন শক্তিৰ বিকাৰ ঘটাৰ সম্ভাৱনা থাকে, যাৰ ফলত যকৃতৰ সমস্যাও হ’ব পাৰে।
অতিমাত্ৰা বিলাহী খোৱাৰ ফলত হোৱা কিছুমান সমস্যা
