বাজাজ এলিয়ানজ জেনেৰেল ইশ্বুৰেন্সে আৰম্ভ কৰিছে প্ৰাইভ, যি হৈছে গ্ৰাহক সেৱাৰ অতুলনীয় উৎকৃষ্টতা প্ৰদান কৰা এক একচেটিয়া গ্ৰাহক অভিজ্ঞতা পদক্ষেপ। এই পদক্ষেপৰ লক্ষ্য হৈছে বৰ্ধিত কভাৰেজ সীমা প্ৰদান কৰি বীমা সমাধানৰ প্ৰয়োজন হোৱা গ্ৰাহকৰ এটা বিশেষ অংশক যোগান ধৰা।

প্ৰাইভে পৰম্পৰাগত বীমা অফাৰৰ বাহিৰলৈ গৈ গ্ৰাহকসকলক একচেটিয়া আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত বীমা সেৱাৰ এক শৃংখলৰ প্ৰৱেশৰ সুযোগ প্ৰদান কৰে, লগতে তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ নিখুঁতভাৱে পূৰণ কৰাটো নিশ্চিত কৰে। প্ৰাইভ হৈছে নিৰ্দিষ্ট পলিচিধাৰকৰ বাবে ডিজাইন কৰা এক অনন্য গ্ৰাহক অভিজ্ঞতা পদক্ষেপ, যিয়ে প্ৰতিটো টাচ্চপইণ্টতে ব্যতিক্ৰমী সেৱা আগবঢ়ায়। গ্ৰাহকসকলে স্বাস্থ্য, মটৰ, বা ঘৰৰ ভিত্তিত যোগ্য সামগ্ৰী নিৰ্বাচন কৰি কিছুমান যোগ্যতাৰ মাপকাঠী পূৰণ কৰি প্ৰাইভৰ সুযোগ গ্ৰহণ কৰিব পাৰে।

এই ক্ষেত্ৰখনত এক অনন্য প্ৰথম পদক্ষেপ ৰূপে পুনেত আৰম্ভ কৰা হৈছিল প্ৰাইভ। এই পদক্ষেপৰ উন্মোচনী অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে বাজাজ ফিনচাৰ্ভ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জীৱ বাজাজে। উন্মোচনী অনুষ্ঠানত ভাৰতৰ প্ৰখ্যাত সংগীত সুৰকাৰ যুটি বিশাল শেখৰে এক হৃদয়স্পৰ্শী সংগীত পৰিবেশনেৰে উপস্থিতসকলক মোহিত কৰে। ফেশ্বন ডিজাইনাৰ ৰকি এছেও নিজৰ অনন্য সংগ্ৰহ প্ৰদৰ্শন কৰি অনুষ্ঠানটোত গ্লেমাৰেৰে নতুন মাত্ৰা প্ৰদান কৰে। কেইজনমান নিৰ্বাচিত অংশীদাৰ আৰু কৰ্মচাৰীয়েও ৰেম্পত খোজ কাঢ়ি শোভা বঢ়াইছিল। এই অনুষ্ঠানত বাজাজ ফিনচাৰ্ভ লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সঞ্জীৱ বাজাজ, ৰকি ষ্টাৰ, ফেশ্বন ডিজাইনাৰ আৰু তপনচিংগেলে প্ৰাইভৰ ল’গ’টো উন্মোচন কৰে। বিক্ৰম ভায়ানা, মুৰব্বী – বিপণন, বাজাজ এলিয়ানজ জেনেৰেল ইনশ্বুৰেন্সৰ এমডি এণ্ড চিইঅ’ তপন সিংগেলে কয় যে, “প্ৰাইভৰ জৰিয়তে আমি গ্ৰাহকৰ আশাক ধাৰাবাহিকভাৱে পূৰণ কৰি গ’-টু বীমা কোম্পানী হোৱাৰ আকাংক্ষা কৰিছো আৰু এই প্ৰচেষ্টা অব্যাহত থাকিব।”