অৱশেষত বলীউডৰ কিং শ্বাহৰুখ খানে লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি। তিনি দশকৰো অধিক সময় হিন্দী চিনেমা জগতত শাসন কৰাৰ পাছত “জৱান” ছবিখনে কিং খানক এই সন্মান উপহাৰ দিয়ে। এই ছবিখনত কৰা অভিনয়ৰ বাবে কিঙে ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে।এই বঁটা শ্বাহৰুখ খানৰ কেৰিয়াৰৰ এক নতুন সংযোজন। ইয়াৰ পূৰ্বে পদ্মশ্ৰী, ফ্ৰান্সৰ ‘অৰ্ডৰ ডেছ আৰ্টছ এট ডেছ লেট্ৰেছ’ আৰু ‘লেজিয়ন ডি অ’ৰ’কে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে। কিন্তু ইমান বছৰত ইমান আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰাৰ পিছতো ভাৰতৰ সৰ্বোচ্চ চলচ্চিত্ৰ বঁটা এয়াই প্ৰথম।
অৱশেষত বলীউডৰ কিং শ্বাহৰুখ খানে লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি
