বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফ, গুৱাহাটীয়ে পুৰুষ বন্ধ্যাত্বৰ এক অত্যন্ত জটিল ক্ষেত্ৰত এক বিৰল সফলতা অৰ্জন কৰিছে-অত্যন্ত কম অণ্ডকোষৰ সৈতে অ-অৱৰোধক এজোস্পাৰ্মিয়া অৱস্থাত পোৱা গৈছিল, যি হৈছে এনে এক অৱস্থা য‘ত শুক্ৰাণুৰ উৎপাদন প্ৰায় অনুপস্থিত বুলিয়ে ক‘ব পাৰি। এই বিৰল সাফল্য অৰ্জন কৰিবলৈ কেন্দ্ৰটোৱে নিজৰ উন্নত মাইক্ৰ’স্কপ প্ৰযুক্তি ব্যৱহাৰ কৰিছিল, যি অঞ্চলটোত সাধাৰণতে উপলব্ধ প্ৰযুক্তিৰ বহু উৰ্ধ্বলৈ গৈ নতুন যুগৰ সূচনা কৰিলে। গতানুগতিক অণ্ডকোষ নিষ্কাশন পদ্ধতিৰ পৰিৱৰ্তে বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফে হাই ৰিজল্যুচন অস্ত্ৰোপচাৰ মাইক্ৰ’স্কপ ব্যৱহাৰ কৰিছে, যাৰ ফলত চিকিৎসকসকলে অণ্ডকোষৰ কলাৰ ভিতৰত জীৱনমুখী শুক্ৰাণুৰ আটাইতকৈ বিৰল পৰিমাণ ধৰা পেলাবলৈ গভীৰভাৱে লক্ষ্য কৰিব পাৰে। এহাল দম্পতীয়ে ৬ বছৰ ধৰি সন্তান জন্ম দিবলৈ সংগ্ৰাম কৰাৰ পিছত গুৱাহাটী কেন্দ্ৰলৈ আহিছিল। যিহেতু পুৰুষ সংগীজনৰ অণ্ডকোষৰ গুৰুতৰ আঁসোৱাহ আৰু অতিৰিক্ত হৃদযন্ত্ৰৰ জটিলতা ধৰা পৰিছিল, সেয়েহে পূৰ্বে পৰামৰ্শ লোৱা সকলো স্থানতে তেওঁলোকক দাতাৰ বীৰ্য গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছিল। বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফত দম্পতীহালৰ ইচ্ছা আৰু ক্লিনিকত উপলব্ধ উন্নত প্ৰযুক্তিৰ কথা মনত ৰাখি ৩৯ বছৰীয়া স্বামীজনে সমন্বিত আৰু বহুবিষয়ক যত্নৰ সৈতে মাইক্ৰ’ টিইএছই (মাইক্ৰ’ চাৰ্জিকেল টেষ্টিকুলাৰ স্পাৰ্ম এক্সট্ৰেকচন) প্ৰক্ৰিয়া সম্পন্ন কৰিছিল-বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফ গুৱাহাটীৰ কেন্দ্ৰ মুৰব্বী আৰু বিশেষজ্ঞা ডাঃ কল্পনা জৈনৰ নেতৃত্বত এই প্ৰক্ৰিয়া সুকলমে সমাপন হয়।
তেওঁক পৰামৰ্শদাতা ডাঃ ৰিম্পীমণি বৰুৱাই সমৰ্থন কৰিছিল আৰু ইউৰ’লজিষ্ট ডাঃ চন্দন ফুকন আৰু ডাঃ শৌভিক দে’ই মাইক্ৰ’চাৰ্জিকেল সমৰ্থন আগবঢ়াইছিল। ইয়াৰ লগতে, ডাঃ বিপ্লৱ পালৰ দ্বাৰা হৃদযন্ত্ৰৰ নিৰীক্ষণ আৰু সমৰ্থন প্ৰদান কৰা হৈছিল, ডাঃ অভিশ্ৰান্ত গগৈৰ দ্বাৰা এনেস্থেচিঅ’লজি আৰু ভ্রূণবিজ্ঞান(এমব্ৰায়’লজী)ৰ ক্ষেত্ৰত আচল তিৱাৰী আৰু সমগ্ৰ দলটোৱে সহায় কৰিছিল। প্ৰথমতে অত্যন্ত দুৰ্বল পূৰ্বানুমানৰ স্বত্বেও মাইক্ৰ’স্ক’পে ১৫-২০টা জীৱন্ত শুক্ৰাণু পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল-এনে ৰোগীৰ ক্ষেত্ৰত এয়া এক অসাধাৰণ ফলাফল।
মহিলাগৰাকীক ভ্ৰূণ স্থানান্তৰৰ বাবে প্ৰস্তুত কৰাৰ পূৰ্বে এই শুক্ৰাণুবোৰক অত্যাধুনিক শুক্ৰাণু ভিট্ৰিফিকেচন ডিভাইচ (শুক্ৰাণু ভিডি) ব্যৱহাৰ কৰি সংৰক্ষণ কৰা হৈছিল যাতে সেইবোৰ ভৱিষ্যতে প্ৰয়োগৰ বাবে ব্যৱহাৰযোগ্য হৈ থাকে।
“এয়া এক অতি জটিল ঘটনা আছিল য‘ত শুক্ৰাণু পোৱাৰ সম্ভাৱনা প্ৰায় নগণ্য আছিল”, ডাঃ কল্পনাই এইদৰে কয়। তেওঁ লগতে কয় যে, “এই সফলতাই উন্নত প্ৰযুক্তিৰ শক্তিক শক্তিশালী কৰিছে-আমাৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এই মাইক্ৰ‘ টিইএছই প্ৰক্ৰিয়াই পৰম্পৰাগত পদ্ধতিৰ তুলনাত অধিক সঠিক অনুসন্ধানৰ সুযোগ দিয়ে। আমাৰ আধুনিক ভিট্ৰিফিকেচন চিষ্টেমৰ সৈতে একত্ৰিত কৰাৰ অৰ্থ হ‘ল আমি দম্পতীসকলক চেল্ফ-গেমেট থকা সন্তানৰ সম্ভাৱনা প্ৰদান কৰিব পাৰোঁ, আনকি অণ্ডকোষৰ বিফলতাৰ আটাইতকৈ গুৰুতৰ অৱস্থাতো সুফল লাভ কৰিব পাৰে।”
অ-অৱৰোধমূলক(নন-অবষ্ট্ৰাক্টিভ) এজ’স্পাৰ্মিয়াত শুক্ৰাণু পুনৰুদ্ধাৰৰ বাবে মাইক্ৰ’ টিইএছই বিশ্বজনীন স্বৰ্ণ মানদণ্ড হৈ আছে, কিন্তু ইয়াৰ সফলতা অস্ত্ৰোপচাৰৰ নিখুঁততা, দীৰ্ঘদিনীয়া অস্ত্ৰোপচাৰৰ সময় আৰু উন্নত ভ্রূণবিজ্ঞান সমৰ্থনৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফ গুৱাহাটীৰ অত্যাধুনিক অপটিক্স আৰু ক্ৰাইঅ’প্ৰিজাৰ্ভেচন প্ৰযুক্তিৰ বিনিয়োগে সমগ্ৰ উত্তৰ-পূবৰ দম্পতীসকলৰ বাবে এনে ফলাফল সম্ভৱ কৰি তুলিছে, অন্যথা এনে দম্পতীয়ে দেশৰ আন আন চহৰলৈ যাবলগীয়া হ’লহেঁতেন। পুৰুষ বন্ধ্যাত্বৰ সৈতে যুঁজি থকা পৰিয়ালসমূহৰ বাবে এয়া কেৱল চিকিৎসাৰ সফলতাৰ কাহিনী নহয় বৰঞ্চ গুৱাহাটীতে সুলভ বিশ্বমানৰ প্ৰযুক্তি আৰু বিশেষজ্ঞতাৰ এক অতি বাস্তৱিক উদাহৰণ। বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফে জটিল পুৰুষৰ বন্ধ্যাত্বৰ ক্ষেত্ৰত বিশেষজ্ঞতা আৰু কণী(এগ) আৰু শুক্ৰাণু সংৰক্ষণ(স্পাৰ্ম ফ্ৰীজিঙ)ৰ দৰে অন্যান্য উন্নত প্ৰযুক্তি চহৰখনলৈ কঢ়িয়াই আনিছে।
