27
Jul
ৰবিবাৰে পশ্চিম কামেং জিলাৰ ৰূপাত অনুষ্ঠিত কাৰ্গিল বিজয় দিৱসৰ উদযাপনত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) কে.টি. পাৰনাইকে অংশগ্ৰহণ কৰে। ৰাজ্যপালে ৫ মাউণ্টেন ডিভিজনৰ যুদ্ধ স্মৃতিসৌধত পুষ্পমাল্য অৰ্পণ কৰি কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰ জোৱানসকলৰ অতুলনীয় সাহস আৰু সৰ্বোচ্চ ত্যাগক শ্ৰদ্ধা জনায়।লগতে যুদ্ধত অংশগ্ৰহণ কৰা বিষয়া আৰু জুনিয়ৰ কমিছনড বিষয়াসকলৰ সৈতেও তেওঁ মত বিনিময় কৰে। সৈনিকসকলক উদ্দেশ্যি ভাষণত ৰাজ্যপালে কয় যে কাৰ্গিল বিজয় দিৱসে ১৯ চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ ঐতিহাসিক বিজয়ক স্মৰণ কৰে। এই যুদ্ধ ৮৩ দিন ধৰি বিশ্বৰ আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ উচ্চ-উচ্চতাৰ যুদ্ধক্ষেত্ৰত সংঘটিত হৈছিল।চৰম বতৰ, দুৰ্গম ভূ-প্ৰকৃতি আৰু শত্ৰুৰ কৌশলগত উচ্চ স্থান দখলৰ মাজতো ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে…
