15
Mar
দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনী যুঁজৰ দিন দেওবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেষ কুমাৰৰ সংবাদমেলৰ তথ্য অনুযায়ী, অসমত ৯ এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অসম, কেৰালা আৰু পুডুচেৰীতো একে দিনতে ভোটগ্ৰহণ সম্পন্ন হ’ব, আৰু আটাইকেইখন ৰাজ্যৰ ফলাফল ৪ মে’ত ঘোষণা কৰা হ’ব। পশ্চিমবঙ্গত নিৰ্বাচন দুটা পৰ্যায়ত ক্ৰমে ২৩ আৰু ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব, আৰু তামিলনাডুত ২৩ এপ্ৰিলৰ ভোটগ্ৰহণৰ ফলাফল মে' মাহৰ ৪ তাৰিখে প্ৰকাশ পাব। সৰ্বমিলি, নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৭.৪ কোটি ভোটাৰ ভোটাধিকাৰ ব্যৱহাৰ কৰিব। নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ২.১৯ লাখ ভোটগ্ৰহণ কেন্দ্ৰ সৃজন আৰু ২৫ লাখ…
