09
Apr
১৭ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা ড্ৰিম স্পৰ্টছ চেম্পিয়নশ্বিপ [ডি এছ চি]ৰ শ্বিলং লেগৰ খেলসমুহ অহা আঠ এপ্ৰিলৰ পৰা শ্বিলঙত আৰম্ভ হ’ব৷ উল্লেখ্য যে ড্ৰিম স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু অল ইণ্ডিয়া ফুটবল ফেডাৰেচন [এআইএফএফ]ৰ সহযোগত অনুষ্ঠিত হ’বলগা এই প্ৰতিযোগিতাত মুঠ ছটা দলে অংশগ্ৰহণ কৰিব৷ অংশগ্ৰহণকাৰী দলসমূহ হ’ল ঃ শ্বিলং লাজং এফ চি, লাহ বেট এফ চি, গোল্ডেন লায়ন্স ফুটবল কোচিং চেণ্টাৰ, ৰংদাজীদ ইউনাইটেড এফ চি, ফুটবল ফ’ৰ চেঞ্জ আৰু এন আৰ এল ফুটবল একাডেমী৷ উল্লেখযোগ্য যে দলসমূহক দুটা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দলটোৱে অহা ১২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত অংশ লোৱাৰ বাবে যোগ্যতা অৰ্জন কৰিব৷ স্মৰ্তব্য…