09
Apr
সঘনাই বন্যপ্ৰাণীৰ মুখামুখি হ’ব লগা হোৱা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰান্তীয় গাওঁবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) শনিবাৰে গাওঁবাসীক বিশটা টৰ্চলাইট প্ৰদান কৰে। গঁড়ৰ সৰ্বাধিক ঘনত্ব (৩৮.৮ বৰ্গ কিলোমিটাৰ এলেকাত ১০৭টা এশিঙীয়া গঁড়) আৰু বৃহৎ সংখ্যক এছীয় ম’হৰ বাবে জনাজাত অভয়াৰণ্যখনৰ আশে-পাশে ঘন জনবসতিপূৰ্ণ গাঁওসমূহ থকাৰ ফলত সঘনাই মানুহ আৰু বন্যপ্ৰাণী মুখামুখি হোৱাৰ পৰিস্থিতি সৃষ্টি হয় । বন্যপ্ৰাণীৰ বাসস্থানৰ কাষৰীয়া এলেকাৰ পৰা অহা গাঁওবাসীৰ মাজত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত কৰি আৰণ্যক দলে গাওঁবাসীক টৰ্চলাইটবোৰ বিতৰণ কৰে। বাৰ্লিন চিৰিয়াখানাৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।এই অনুষ্ঠানত পাঁচখন গাঁও ক্ৰমে…