Sonakshi Sarkar

425 Posts
সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য

সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য

ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত সপ্তম এম এম এ অৰ্থাৎ মিক্সড মাৰ্চিয়েল আৰ্টছ ইণ্ডিয়া নেচনেল চেম্পিয়নশ্বিপ ২০২৪ত টিম অসমে মুঠ  ১৭ টা পদক অৰ্জন কৰিছে। এই পদকৰ ভিতৰত আছে ৭ টা সোণ, ৫ টা ৰূপ আৰু ৪ টা  ব্ৰঞ্জৰ পদক। ৮-১২ মে'ত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত দেশৰ ২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেলুৱৈসকলক ভাৰতত সমাগত এছিয়ান এণ্ড ৱৰ্ল্ড চেম্পিয়নশ্বিপ ২০২৪ত প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচন কৰা হৈছে ।
Read More
“নিপুণ অসম” ৰ বিশেষ প্ৰশিক্ষণ

“নিপুণ অসম” ৰ বিশেষ প্ৰশিক্ষণ

৫২০ নং কেওঁটকুছি বালিকা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে "নিপুণ অসম" ৰ অধীনত "শ্ৰেণীকোঠা পৰ্যবেক্ষণ আহিলা" অ'ৰিয়েন্টেচন অনুষ্ঠিত হয়। উক্ত অ'ৰিয়েন্টেচনত সভাপতিত্ব বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি দ্বিজেন্দ্র কুমাৰ মিশ্ৰই। বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতা জিলা প্ৰালোচক মীনাক্ষী দাস, বৰপেটা ডায়েটৰ জেবিন চুলতানা আহমেদ আৰু বৰপেটা শিক্ষা খণ্ডৰ সমল ব্যক্তি চন্দন কুমাৰ দাসে পিপিটিৰ জৰিয়তে নিৰ্ধাৰিত বিষয় সন্দৰ্ভত নিজৰ বক্তব্য সুন্দৰকৈ উপস্থাপন কৰে৷ শ্ৰেণীকোঠা পৰ্যবেক্ষণৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়োৱা এপ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে কে,আৰ পি বাসৱ দত্ত দাসে। চেণ্ট্ৰেল স্কোৱেৰ ফাউণ্ডেচনৰ প্ৰ'জেক্ট মেনেজাৰ ছাবিনা লস্কৰে শ্ৰেণীকোঠা কেনেকৈ পৰ্যবেক্ষণ কৰিব লাগিব তাৰ বিষয়ে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলক বিতংকৈ…
Read More
বাঘমাৰাচৰত তিনিজন নিৰুদ্দেশ

বাঘমাৰাচৰত তিনিজন নিৰুদ্দেশ

চেঙা সমিষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাচৰত সোমবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে একেটা পৰিয়ালৰ তিনিজনকৈ লোক | গাঁওখনৰ কাদেৰ আলী,তেওঁৰ পত্নী জবেদা খাতুন আৰু তেওঁলোকৰ ১২ বছৰীয়া পুত্ৰ সন্তান জুবাইৰ আহমেদ নিৰুদ্দেশ হৈ আছে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আলোপতি চৰ আৰক্ষী থানাত অৱগত কৰোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷একেটা পৰিয়ালৰে তিনি জনকৈ লোক নিৰুদ্দেশ হোৱা ঘটনাই বৃহত্তৰ বাঘমাৰচৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কি কাৰণত এটা পৰিয়ালৰ তিনিজন ব্যক্তি নিৰুদ্দেশ হৈ আছে,সেয়া এতিয়াও পোহৰলৈ অহা সমগ্ৰ ঘটনাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷এতিয়া আৰক্ষীয়ে তদন্ত কৰি ঘটনাৰ প্ৰকৃত…
Read More
নেপালৰ ১০ পেছাদাৰী পৰ্বতাৰোহীয়ে আৰোহণ কৰিলে মাউণ্ট এভাৰেষ্ট

নেপালৰ ১০ পেছাদাৰী পৰ্বতাৰোহীয়ে আৰোহণ কৰিলে মাউণ্ট এভাৰেষ্ট

নেপালৰ দহজন পেছাদাৰী পৰ্বতাৰোহীয়ে অলপতে নিশা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাত সফল হয়। এইটো প্ৰথম অভিযান দল যিয়ে এই ঋতুত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰিছে। অভিযানটো আয়োজন কৰা ছেভেন ছামিট ট্ৰেকৰ কৰ্মচাৰী থানি গুৰগাইনে কয় যে ডাণ্ডি শ্বেৰ্পাৰ নেতৃত্বত দলটোৱে শুকুৰবাৰে নিশা ৮.১৫ বজাত ৮,৮৪৮.৮৬ মিটাৰত উপস্থিত হয়।পৰ্বতাৰোহীসকলে ৰছী লৈ পৰ্বত শৃংগত উপনীত হৈছিল। পৰ্যটন বিভাগৰ পৰ্বতাৰোহণ শাখাৰ এজন বিষয়া চুন বাহাদুৰ তামাঙে শুকুৰবাৰে নিশা এক বিবৃতি জাৰি কৰি কয় যে ৰছী লগোৱা সম্পূৰ্ণ হোৱাৰ পিছত মাউণ্ট এভাৰেষ্ট এতিয়া নেপাল আৰু বিদেশী পৰ্বতাৰোহীৰ দ্বাৰা আৰোহণৰ বাবে মুকলি হৈ আছে। ৰছী স্থাপনৰ কাম শুকুৰবাৰে ৰাতিপুৱা আৰম্ভ হৈছিল আৰু নিশা শেষ হৈছিল। বিভাগটোৱে…
Read More
আইপিএলৰ প্লে অফৰ পৰা বাহিৰ গুজৰাট টাইটানছ

আইপিএলৰ প্লে অফৰ পৰা বাহিৰ গুজৰাট টাইটানছ

গুজৰাট টাইটানছৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্লে অফৰ বাবে যোগ্যতা অৰ্জনৰ আশা সোমবাৰে অন্ত পৰে। যেতিয়া বৰষুণৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে তেওঁলোকৰ মৰণপণৰ মেচখন বাতিল কৰা হৈছিল। কেকেআৰৰ এতিয়া ১৩ খন খেলৰ পৰা ১৯ পইণ্ট আছে আৰু এই দুয়োটা শীৰ্ষ দুইত স্থান লাভ কৰাটো নিশ্চিত হৈছে। গুজৰাট ১৩ খন খেলৰ পৰা ১১ পইণ্টৰ সৈতে প্লে অফত স্থান লাভৰ পৰা বাহিৰত আছে। নিৰন্তৰ বজ্ৰপাত আৰু বৰষুণৰ বাবে সন্ধিয়া ৭ বজাত টছ কৰিব নোৱাৰিলে। প্ৰতিটো দলত পাঁচ অভাৰৰ খেলৰ বাবে কাট-অফ সময় আছিল ১০.৫৬ মিনিট কিন্তু বিষয়াসকলে ধাৰাবাহিক ধাৰাসাৰ বৰষুণ আৰু তিতা আউটফিল্ডৰ বাবে খেলখন বাতিল কৰাৰ সিদ্ধান্ত লয়, আই পি এলৰ…
Read More
তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ

তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা আসনৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে। এই সময়ছোৱাত তেওঁৰ লগত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ প্ৰস্তাৱক গণেশৱাৰ শাস্ত্ৰী দ্ৰাবিড় উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন দাখিল কৰাৰ পূৰ্বে কাল ভৈৰৱীৰ পূজা অৰ্চনা কৰে। গংগা সপ্তমী উপলক্ষে বাৰাণসীৰ দশশ্বমেধ ঘাটত গঙ্গা দেৱীক প্ৰাৰ্থনা কৰাৰ পিছত এখন ক্ৰুজৰে নমো ঘাটত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ পৰা ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত জয়ী হৈছিল। এইবাৰ আকৌ, তেওঁ বিজেপিৰ টিকটত বেনাৰসৰ পৰা নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিছে। মনোনয়ন দাখিলৰ সময়ছোৱাত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি কেইবাজনো মুখ্যমন্ত্ৰী উপস্থিত আছিল।…
Read More
সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ

সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ

শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনা আৰু সুপৰিচিত পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া বোলছবি 'জিয়া’ৰ প্ৰিমিয়াৰ দেওবাৰে প্ৰদৰ্শিত হয়। ছবিখনৰ মনোমহা বিষয়বস্তু আৰু উপস্থাপনশৈলীয়ে প্ৰিমিয়াৰত উপস্থিত থকা দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে। উল্লেখ্য যে, অহা ১৭ মে’ অৰ্থাৎ শুকুৰবাৰে অসমৰ ছবিগৃহত এই অনন্য ছবিখনে মুক্তিলাভ কৰিব।  উল্লেখ্য যে, ছবি সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত 'জিয়া’ই ইতিমধ্যে শেহতীয়া প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটাৰ লগতে আন তিনিটা শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ (কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী), শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী (অংগৰাগ পাপন মহন্ত) আৰু শ্ৰেষ্ঠ আৱহ সংগীত (অম্বৰ দাস) শিতানত বঁটা লাভ কৰি ইতিমধ্যে ছবিপ্ৰেমীৰ মাজত চৰ্চা লাভ…
Read More
হানী আৰু জিয়ানৰ স্বৰ্ণ পদক

হানী আৰু জিয়ানৰ স্বৰ্ণ পদক

সুখ্যাত কাৰাটে প্ৰশিক্ষক হাছমৎ আলীৰ কন্যা হানী আলীয়ে ২১ বছৰ অনুৰ্ধ্ব বয়সৰ ৬১ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰাৰ উপৰিও ৬১ কেজি ছিনিয়ৰ শাখাত এটা ৰূপৰ পদক সহ মুঠ ২ টা পদক অৰ্জন কৰে । আনহাতে জিয়ান চৌধুৰীয়ে ল'ৰাৰ ৬৩ কেজি কেডেট শাখাত দুৰ্দান্ত প্ৰদৰ্শনেৰে এটা স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। লক্ষনীয়ভাৱে এই দুয়ো গৰাকী খেলুৱৈয়ে হাছমৎ আলীৰ তত্বাৱধানত বৰপেটাৰ কিঅ কাৰাটে ইনষ্টিটিউটৰ প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ । এই দুৰ্দান্ত সফলতাৰ বাবে কিঅ কাৰাটে সভাপতি হান্স ভাৰত শৰ্মা, কিঅ কাৰাটে সাধাৰণ সম্পাদক সঞ্জীৱ কুমাৰ জাগ্ৰা, কিঅ কাৰাটে কোষাধক্ষ্য মুটুম বংকিমৰ লগতে কিঅ সাধাৰণ সম্পাদক তথা উকা জি এছ নগেন বংজিয়ামে…
Read More
অম্লানজ্যোতি’ৰ ৮ টা উইকেট দখল

অম্লানজ্যোতি’ৰ ৮ টা উইকেট দখল

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে নুৰুদ্দিন আহমেদ ছিনি‌য়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা । ধুবুৰীত অনুষ্ঠিত নামনি অসম মণ্ডলৰ দুদিনীয়া লীগ মেচত প্ৰথম দিনৰ প্ৰথম ইনিংছত ধুবুৰীৰ বিৰুদ্ধে বৰপেটাই অম্লানজ্যোতি দাসৰ বিধ্বসী বলিঙত তছনছ কৰে ধুবুৰীৰ বেটিং লাইন । মাত্ৰ ৭৬ ৰানতে প্ৰথম ইনিংছ সামৰিবলগীয়া হয় ধুবুৰী বেটিং । বৰপেটাৰ হিমাংশু শ্বেৰাৱতেও ২ টা উইকেট দখল কৰে। ডেনিছ দাস নেতৃত্বাধীন প্ৰতিপক্ষ বৰপেটাৰ বলাৰ অম্লানজ্যোতি দাসে ৮ টা উইকেট দখল কৰি এটা ইনিংছত ঈৰ্ষনীয় বলিং প্ৰদৰ্শনৰ এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয়।
Read More
দোহা ডায়মণ্ড লীগত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা

দোহা ডায়মণ্ড লীগত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা

অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই শুকুৰবাৰে ইয়াত অনুষ্ঠিত দোহা ডায়মণ্ড লীগ মীটৰ জেভলিন থ্ৰো ইভেণ্টত ৮৮.৩৬ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে দ্বিতীয় স্থান লাভ কৰে। তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনত চেক গণৰাজ্যৰ ৱালেশৰ পিছত থাকে। ৱালশে তৃতীয় প্ৰচেষ্টাত ৮৮.৩৮ মিটাৰ থ্ৰোৰে খিতাপ দখল কৰে। চোপ্ৰাই তেওঁৰ অন্তিম প্ৰচেষ্টাত তেওঁৰ সকলো প্ৰচেষ্টা কৰিছিল কিন্তু তেওঁ দুই চেণ্টিমিটাত পিছ পৰি খিতাপ দখলৰ পৰা ব্যৰ্থ হয়। দুবাৰৰ বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছে ৮৬.৬২ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাখনত প্ৰতিদ্বন্দিতা কৰা আনজন ভাৰতীয়, ২৮ বছৰীয়া কিশোৰ জেনাৰ ডায়মণ্ড লীগৰ অভিষেক হতাশাজনক ভাৱে সমাপ্ত হয়। তিনি ৰাউণ্ডৰ থ্ৰোৰ পিছত তেওঁ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।এই সময়ছোৱাত তেওঁৰ…
Read More