Sonakshi Sarkar

426 Posts
গাজাৰ জাবালিয়াৰ শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণত ৩৩ জন নিহত

গাজাৰ জাবালিয়াৰ শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণত ৩৩ জন নিহত

গাজাৰ জাবালিয়াৰ উত্তৰ অংশত এটা শৰণাৰ্থী শিবিৰত শেহতীয়াকৈ ইজৰাইলী আক্ৰমণত কমেও ৩৩ জন লোক নিহত হৈছে।গাজাৰ হামাছে এই আক্ৰমণৰ বিষয়ে প্ৰকাশ কৰিছে। তথ্য অনুসৰি, এই আক্ৰমণত ২১ গৰাকী মহিলাৰ মৃত্যু হৈছে। অৱশ্যে, ইজৰাইলে এতিয়ালৈকে জাবালিয়াৰ ওপৰত এই শেহতীয়া আক্ৰমণৰ অভিযোগ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ইজৰাইলী বাহিনীয়ে যোৱা কেইবা সপ্তাহ ধৰি ঘন বসতিপূৰ্ণ শিবিৰসমূহ ঘেৰাও কৰি আছিল। এই সপ্তাহত, হামাচৰ মুখ্য নেতা য়াহিয়া ছিনৱাৰো ইজৰাইলী আক্ৰমণত নিহত হয়। একে সময়তে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে যুদ্ধবিৰতি প্ৰচেষ্টা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। বাইডেনে কয় যে লেবাননৰ যুদ্ধ বিৰতিৰ দিশত কাম কৰাৰ অধিক সুযোগ আছে। লেবাননত, ইজৰাইলে হিজবুল্লাহৰ সৈতে যুদ্ধ কৰি আছে।…
Read More
মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকাই ছয়বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক আনেক বোছৰৰ (৭৪ নট আউট) দুৰ্দান্ত অৰ্ধশতকৰ সহায়ত আঠ উইকেটত পৰাস্ত কৰি বৃহস্পতিবাৰে ইয়াত আইচিচি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে। দক্ষিণ আফ্ৰিকাই টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছে। দুয়োটা দলে ২০২৩ চনৰ ফাইনেল খেলিছিল, যিটো অষ্ট্ৰেলিয়াই ১৯ ৰানত জিকিছিল। দক্ষিণ আফ্ৰিকাই এতিয়া দেওবাৰে নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'বলগা দ্বিতীয়খন ছেমি ফাইনেলৰ বিজয়ীৰে মুখামুখি হ'ব। দক্ষিণ আফ্ৰিকাৰ হৈ 'প্লেয়াৰ অফ দ্য মেচ' সন্মান লাভ কৰা বোছে অপৰাজিত ৪৮ বলৰ ইনিংছত আঠটা চাৰি আৰু এটা ছয় মাৰে। তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ সহায়ত দক্ষিণ আফ্ৰিকাই ১৭.২ অভাৰত দুটা উইকেটৰ বিনিময়ত ১৩৫ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াৰ…
Read More
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ৰ উত্তৰাধিকাৰী হ’ব সঞ্জীৱ খান্না

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ৰ উত্তৰাধিকাৰী হ’ব সঞ্জীৱ খান্না

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ৰ উত্তৰাধিকাৰী হ'ব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না। মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ে জ্যেষ্ঠতাৰ ভিত্তিত ন্যায়াধীশ সঞ্জীৱ খান্নাক তেওঁৰ উত্তৰাধিকাৰীৰূপে নিযুক্ত দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ আগবঢ়াইছে। সূত্ৰ অনুসৰি, মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে বুধবাৰে ন্যায়াধীশ খান্নালৈ তেওঁৰ পৰামৰ্শ পত্ৰ দাখিল কৰে। ন্যায়াধীশ খান্না ১১ নৱেম্বৰত ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হ'ব। ১৮ জানুৱাৰী, ২০১৯ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত হোৱা ন্যায়াধীশ খান্নাই ১৩ মে', ২০২৫ তাৰিখে অৱসৰ গ্ৰহণ কৰিব। যদি ন্যায়াধীশ খান্নাই ১১ নৱেম্বৰত ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে, তেন্তে তেওঁৰ কাৰ্যকাল ছয় মাহতকৈ অলপ বেছি হ'ব আৰু ১৩ মে', ২০২৫ তাৰিখে কাৰ্যকাল অন্ত পৰিব।…
Read More
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ ওমৰ আব্দুল্লাৰ

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ ওমৰ আব্দুল্লাৰ

জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কেন্দ্ৰীয় শাসিত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰা হৈছে। এনচিপিৰ সভাপতি ওমৰ আব্দুল্লাই বুধবাৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (এছকেআইচিচি) পুৱা ১১.৩০ বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। ইণ্ডিয়া এলায়েন্সৰ বহুনেতাই এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ ভিতৰত আছে মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, কেচি বেণুগোপাল, সুপ্ৰিয়া চুলে, সুখবীৰ সিং বাদল ইত্যাদি। সোমবাৰে জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰা হয়, যাৰ ফলত কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰথম চৰকাৰ গঠনৰ পথ প্ৰশস্ত হয়। জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই ওমৰ আব্দুল্লাৰ সৈতে তেওঁৰ মন্ত্ৰীসভাৰ সহকৰ্মীসকলক শপত গ্ৰহণ কৰোৱায়। কংগ্ৰেছ-নেচনেল কনফাৰেন্স…
Read More
জাতিগত হিংসাৰ মাজতে দিল্লীত কুকি- মেইটেই সম্প্ৰদায়ৰ প্ৰথম বৈঠক

জাতিগত হিংসাৰ মাজতে দিল্লীত কুকি- মেইটেই সম্প্ৰদায়ৰ প্ৰথম বৈঠক

যোৱা এবছৰ ধৰি মণিপুৰত চলি থকা জাতিগত হিংসাৰ মাজত মঙলবাৰে দিল্লীত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত প্ৰথম বাৰ্তালাপ অনুষ্ঠিত হয়। দুয়োটা সম্প্ৰদায়ৰ নেতা আৰু বিধায়কসকলে গৃহ মন্ত্ৰালয়ৰ বৈঠকত উপস্থিত আছিল। যাতে হিংসা শান্তিপূৰ্ণভাৱে সমাধান কৰিব পৰা যায়। মেইটাই সম্প্ৰদায়ৰ ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ থোকচোম সত্যব্ৰত সিং, টংব্ৰাম ৰবিন্দ্ৰো আৰু থাবসন্তকুমাৰ সিঙে বৈঠকত অংশগ্ৰহণ কৰে। কুকিৰ তৰফৰ পৰা, ৰাজ্যৰ মন্ত্ৰীসকল আছিল বিধায়ক লেটপাও হাওকিপ আৰু নেমচা কিপজেন। নাগা সম্প্ৰদায়ক বিধায়ক ৰাম মুইভা, আৱাংবো নিউমাই আৰু এল দিখোৱে প্ৰতিনিধিত্ব কৰে। গৃহ মন্ত্ৰালয়ৰ পৰা, এ কে মিশ্ৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলও বৈঠকত উপস্থিত থাকে। অৱশ্যে, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে…
Read More
অৱসৰ ঘোষণা অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলা জিমনাষ্ট দীপা কৰ্মকাৰৰ

অৱসৰ ঘোষণা অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলা জিমনাষ্ট দীপা কৰ্মকাৰৰ

অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা জিমনাষ্ট হৈ ইতিহাস সৃষ্টি কৰা কিংবদন্তি জিমনাষ্ট দীপা কৰ্মকাৰে সোমবাৰে অৱসৰ ঘোষণা কৰে। ৰিঅ' অলিম্পিকত চতুৰ্থ স্থানৰ দখল কৰা দিপাই তেওঁৰ কেৰিয়াৰৰ সমাপ্তি ঘটায়। ত্ৰিপুৰাৰ ৩১ বছৰীয়া জিমনাষ্টগৰাকীয়ে ২০১৬ চনৰ ৰিঅ' গেমছৰ ভল্ট ফাইনেলত চতুৰ্থ স্থান লাভ কৰি শিৰোনাম দখল কৰিছিল, য'ত তেওঁ মাত্ৰ ০.১৫ পইণ্টত অলিম্পিক পদকৰ পৰা বঞ্চিত হৈছিল। তেওঁ অৱসৰ ঘোষণা কৰি কয় -বহুচিন্তা আৰু প্ৰতিফলনৰ পিছত, মই প্ৰতিযোগিতামূলক জিমনাষ্টিকৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো। এইটো এটা সহজ সিদ্ধান্ত নহয় কিন্তু মই অনুভৱ কৰো যে এইটো সঠিক সময়। জিমনাষ্টিক মোৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ আছে। আগৰতলাৰ বাসিন্দা, দীপা হৈছে জিমনাষ্টিকৰ ইতিহাসত মাত্ৰ…
Read More
পাকিস্তানৰ এছচিঅ’ৰ বৈঠকত অংশ ল’ব মন্ত্ৰী এছ জয়শংকৰে

পাকিস্তানৰ এছচিঅ’ৰ বৈঠকত অংশ ল’ব মন্ত্ৰী এছ জয়শংকৰে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ১৫-১৬ অক্টোবৰত পাকিস্তান ভ্ৰমণ কৰিব। তেওঁ ইছলামাবাদত এছচিঅ'ৰ চৰকাৰৰ মুৰব্বীসকলৰ (চিএইচজি) বৈঠকত অংশগ্ৰহণ কৰিব। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই তথ্য প্ৰদান কৰে। ন বছৰৰ ভিতৰত এইটো প্ৰথমবাৰৰ বাবে হ'ব যে ভাৰতৰ এজন মন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণ কৰিব।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সংবাদমেলত জয়ছোৱালক যেতিয়া সাংবাদিকে প্ৰশ্ন কৰে যে জয়শংকৰৰ এই ভ্ৰমণ ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ এক প্ৰয়াস নেকি? ইয়াৰ উত্তৰত তেওঁ কয় যে ভাৰত এছচিঅ' চাৰ্টাৰৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ ভ্ৰমণৰ সেইটোৱেই কাৰণ। ইয়াক অন্যথা ব্যাখ্যা কৰিব নালাগে। প্ৰকৃততে, পাকিস্তানে ২৯ আগষ্টত এছচিঅ'ৰ বৈঠকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছিল। পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰ মুমতাজ…
Read More
মাউণ্ট এভাৰেষ্ট উচ্চতা ১৫ ৰ পৰা ৫০ মিটাৰ বৃদ্ধি

মাউণ্ট এভাৰেষ্ট উচ্চতা ১৫ ৰ পৰা ৫০ মিটাৰ বৃদ্ধি

এটা নতুন অধ্যয়নত পোহৰলৈ আহিছে যে এখন নদীৰ কাৰণে মাউণ্ট এভাৰেষ্ট ১৫ ৰ পৰা ৫০ মিটাৰ উচ্চতা বৃদ্ধি পাইছে। শেহতীয়া এক অধ্যয়ন অনুসৰি, এই নদীখনে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতৰ তলৰ পৰা শিল আৰু মাটি খহনীয়া কৰি আছে। ইয়াৰ বাবে, এভাৰেষ্টৰ উচ্চতা বৃদ্ধি পাইছে। মাউণ্ট এভাৰেষ্টৰ উচ্চতা প্ৰায় ৮৮৪৯ মিটাৰ। ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ (ইউচিএল) গৱেষকসকলে কৈছে যে পৃথিৱীৰ সৰ্বোচ্চ শৃংগৰ পৰা ৭৫ কিলোমিটাৰ দূৰত থকা অৰুণ নদীত ভূমি-স্তৰৰ পৰিৱৰ্তনৰ ফলত প্ৰতি বছৰে এভাৰেষ্ট দুই মিলিমিটাৰ বৃদ্ধি পাইছে। এই গৱেষণাৰ সৈতে জড়িত নোহোৱা ভূতাত্ত্বিকসকলে কৈছে যে এইটো তত্ত্বগতভাৱে এটা আকৰ্ষণীয় বস্তু, কিন্তু গৱেষণাত বহুতো আছে যাৰ বিষয়ে নিশ্চিতভাৱে একো ক'ব নোৱাৰি। এভাৰেষ্ট হৈছে…
Read More
বান প্ৰভাৱিত ৰাজ্য গুজৰাটলৈ ৬০০ কোটি, মণিপুৰলৈ ৫০ কোটি আৰু ত্ৰিপুৰালৈ ২৫ কোটি টকা আগবঢ়ালে কেন্দ্ৰই

বান প্ৰভাৱিত ৰাজ্য গুজৰাটলৈ ৬০০ কোটি, মণিপুৰলৈ ৫০ কোটি আৰু ত্ৰিপুৰালৈ ২৫ কোটি টকা আগবঢ়ালে কেন্দ্ৰই

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (এছডিআৰএফ) পৰা কেন্দ্ৰীয় অংশ হিচাপে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এনডিআৰএফ) পৰা গুজৰাটলৈ ৬০০ কোটি টকা, মণিপুৰলৈ ৫০ কোটি টকা আৰু ত্ৰিপুৰাক ২৫ কোটি টকা আগবঢ়োৱাৰ বাবে অনুমোদন জনাইছে। এই ৰাজ্যসমূহ এই বছৰ দক্ষিণ-পশ্চিম মৌচুমী বায়ুত অত্যাধিক ধাৰাসাৰ বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ দ্বাৰা প্ৰভাৱিত হৈছে। কেন্দ্ৰই শেহতীয়াকৈ বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা বিহাৰ আৰু পশ্চিম বংগলৈ অতি শীঘ্ৰে ইণ্টাৰ-মিনিষ্ট্ৰিয়েল চেণ্ট্ৰেল দল (আইএমচিটি) প্ৰেৰণ কৰিব আৰু ক্ষয়ক্ষতিৰ মূল্যায়ন কৰিব। কেন্দ্ৰীয় চৰকাৰে গুজৰাটলৈ ৬০০ কোটি টকা, মণিপুৰলৈ ৫০ কোটি টকা আৰু ত্ৰিপুৰাক এছডিআৰএফৰ পৰা কেন্দ্ৰীয় অংশ হিচাপে ২৫ কোটি টকা মুকলি কৰিবলৈ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ…
Read More
আই পি এলৰ প্ৰতিখন মেচত খেলুৱৈয়ে অতিৰিক্ত ভাৱে লাভ কৰিব ৭.৫ লাখ টকা

আই পি এলৰ প্ৰতিখন মেচত খেলুৱৈয়ে অতিৰিক্ত ভাৱে লাভ কৰিব ৭.৫ লাখ টকা

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫-ৰ পূৰ্বে  বৃহৎ নিলাম আয়োজনৰ প্ৰস্তুতিৰ সৈতে, বিচিচিআইয়ে শেহতীয়াকৈ এক নীতি ঘোষণা কৰিছে। এতিয়া প্ৰতিটো দলে ৬ জন খেলুৱৈক দলত ধৰি ৰাখিব পৰাৰ এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি বিচিচিআইৰ সচিব জয় শ্বাহে প্ৰকাশ কৰিছে যে এতিয়া খেলুৱৈসকলে তেওঁলোকৰ চুক্তি মাচুলৰ উপৰিও প্ৰতিখন মেচত ৭.৫ লাখ টকা লাভ কৰিব। খেলৰ মাচুল প্ৰৱৰ্তন কৰা হৈছে: প্ৰথমবাৰৰ বাবে, খেলুৱৈসকলে আই পি এলত খেলা প্ৰতিখন খেলৰ বাবে ৭.৫ লাখ টকা উপাৰ্জন কৰিব। সেই অনুসৰি এটা ছিজনত সকলো লীগ মেচত অংশগ্ৰহণ কৰা এজন ক্ৰিকেটাৰে তেওঁৰ চুক্তিবদ্ধ দৰমহাৰ উপৰিও ১.০৫ কোটি টকা উপাৰ্জন কৰিব পাৰিব। প্ৰতিটো ফ্ৰেঞ্চাইজীয়ে গোটেই ছিজনত মেচ মাচুলৰ…
Read More