Sonakshi Sarkar

1908 Posts
ডিব্ৰুগড় ৰাইজক মুখ্যমন্ত্ৰীয়ে উপহাৰ দিলে চাৰিখনকৈ উৰণ সেতু

ডিব্ৰুগড় ৰাইজক মুখ্যমন্ত্ৰীয়ে উপহাৰ দিলে চাৰিখনকৈ উৰণ সেতু

পৰম্পৰা ভংগ কৰি প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত উত্তোলন কৰি গণৰাজ্য দিৱসৰ পতাকা। পুৱাৰ ভাগত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত চাৰিটা গুৰুত্বপূৰ্ণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে।গণৰাজ্য দিৱসতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ ৰাইজক উপহাৰ দিলে চাৰিখনকৈ উৰণ সেতু। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ অতি গুৰুত্বপূৰ্ণ চাৰিখন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে। ডিব্ৰুগড়ৰ মানকটা পথৰ দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত মুখ্যমন্ত্রীয়ে চাৰিখনকৈ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্রীয়ে আমোলাপট্টি চাৰিআলি উৰণ সেতু, মানকটা পথৰ উৰণ সেতু, পুৰণি ৩৭ নং ঘাইপথৰ সংযোগস্থলৰ উৰণ সেতু আৰু লেজাই কলাখোৱা পথৰ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে।
Read More
ভাৰতত ভোটাৰৰ সংখ্যা ৯৯.১ কোটিলৈ বৃদ্ধি

ভাৰতত ভোটাৰৰ সংখ্যা ৯৯.১ কোটিলৈ বৃদ্ধি

ভাৰতত এতিয়া ভোটাৰৰ সংখ্যা ৯৯.১ কোটি লৈ বৃদ্ধি পাইছে। যি যোৱা বছৰ লোকসভা নিৰ্বাচনৰ সময়ত ৯৬.৮৮ কোটি আছিল। নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ পূৰ্বে জাৰি কৰা এক বিবৃতিত নিৰ্বাচন আয়োগে কয় যে ভোটাৰ তালিকাসমূহ যুৱ আৰু লিংগ সন্তুলিত দেখা গৈছে। ১৮-২৯ বছৰ বয়সৰ ২১.৭ কোটি যুৱ ভোটাৰ আৰু ভোটাৰ লিংগ অনুপাত ২০২৪ চনৰ ৯৪৮ ৰ পৰা ২০২৫ চনত ৯৫৪ লৈ ছয় পইণ্ট বৃদ্ধি পাইছে। উল্লেখ্য যে ১৯৫০ চনৰ ২৫ জানুৱাৰীত স্থাপিত নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতি বছৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰি অহা হৈছে। দিল্লী বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিবলৈ ৭ জানুৱাৰীত ইয়াত এক সংবাদমেলত মুখ্য…
Read More
দেশত ১০০ খন নতুন সৈনিক বিদ্যালয় স্থাপন কৰিব চৰকাৰে

দেশত ১০০ খন নতুন সৈনিক বিদ্যালয় স্থাপন কৰিব চৰকাৰে

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ শিক্ষাৰ মৌলিক মানদণ্ড উন্নত কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। ইয়াৰ অধীনত, চৰকাৰে সমগ্ৰ দেশতে ১০০ খন নতুন সৈনিক বিদ্যালয় স্থাপন কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে কয় যে সমগ্ৰ দেশতে ১০০ খন নতুন সৈনিক বিদ্যালয় স্থাপন কৰা হ'ব। তেওঁ কয় যে ভাৰতত মৌলিক শিক্ষাৰ মানদণ্ড উন্নত কৰা আৰু দেশৰ সামগ্ৰিক বিকাশত অৰিহণা যোগোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হৈছে এই সিদ্ধান্ত। সিঙে কয় যে কেন্দ্ৰীয় চৰকাৰে সৈনিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ পথো সহজ কৰিছে। চৰকাৰে দেশৰ দূৰৱৰ্তী অঞ্চলৰ আৰু বিভিন্ন সাংস্কৃতিক পৃষ্ঠভূমিৰ কৰ্মচাৰীসকলক অন্তৰ্ভুক্ত কৰিবলৈ দেশৰ প্ৰতিখন জিলাতে সৈনিক বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ গুৰুত্ব আৰোপ…
Read More
১২ বছৰৰ পিছত ৰঞ্জী ট্ৰফী খেলিবলৈ সাজু বিৰাট কোহলী

১২ বছৰৰ পিছত ৰঞ্জী ট্ৰফী খেলিবলৈ সাজু বিৰাট কোহলী

ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ২০১২ চনৰ পিছত ৰঞ্জী ট্ৰফীত প্ৰথমখন খেল খেলিবলৈ সাজু হৈছে। তেওঁ ৩০ জানুৱাৰীৰ পৰা ইয়াত ৰেলৱেৰ বিৰুদ্ধে হ'বলগীয়া দিল্লীৰ খেলৰ বাবে নিজকে উপলব্ধ কৰিছে। ডিঙিৰ বিষৰ বাবে ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া সৌৰাষ্ট্ৰৰ বিৰুদ্ধে দিল্লীৰ আগন্তুক মেচখন কোহলীয়ে নেখেলে কিন্তু দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাক (ডিডিচিএ) জনাইছে যে তেওঁ দলটোৰ ৰঞ্জী ট্ৰফীৰ অন্তিমখন লীগ মেচত খেলিবলৈ উপলব্ধ হ'ব। দিল্লীৰ মুখ্য প্ৰশিক্ষক চৰণদীপ সিঙে কয় যে বিৰাটে ডিডিচিএৰ সভাপতি (ৰোহন জেটলী) আৰু দল পৰিচালনাক জনাইছে যে তেওঁ ৰে'লৱেৰ বিৰুদ্ধে খেলখনৰ বাবে উপলব্ধ হ'ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) তেঁওলোকৰ চুক্তিবদ্ধ ক্ৰিকেটাৰসকলৰ বাবে অষ্ট্ৰেলিয়াত শৃংখলাত পৰাজিত হোৱাৰ…
Read More
গণৰাজ্য দিৱস উপলক্ষে মালিগাঁৱত আৰক্ষী – নাগৰিক কমিটিৰ চাফাই অভিযান

গণৰাজ্য দিৱস উপলক্ষে মালিগাঁৱত আৰক্ষী – নাগৰিক কমিটিৰ চাফাই অভিযান

জালুকবাৰী ,২২ জানুৱাৰী : আগন্তুক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি গু টিভিৱাহাটী মহানগৰীৰ জালুকবাৰী আৰক্ষী থানা আৰু জালুকবাৰী  থানাৰ কেন্দ্ৰীয় নাগৰিক কমিটিৰ যৌথ উদ্যোগত ১৯ জানুৱাৰীত মালিগাঁও অঞ্চলত এক চাফাই অভিযান চলোৱা হয়। জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কংকিন মহন্ত আৰু জালুকবাৰী কেন্দ্ৰীয় নাগৰিক কমিটিৰ অধ্যক্ষ দ্বিজেন লহকৰৰ নেতৃত্বত চলোৱা চাফাই অভিযানত ভাগ লোৱা সকলোৱে হাতে হাতে ঝাৰু লৈ জালুকবাৰী থানাৰ সন্মূখত থকা তথা আগন্তক গণৰাজ্য দিৱসৰ কাৰ্যসূচী পালন কৰিবলগীয়া পিয়লি ফুকন চকৰ বাকৰিকে ধৰি দাঁতি কাষৰীয়া স্থানখিনী চাফ - চিকুণ কৰে। চাফাই অভিযানত নিতাই চন্দ্ৰ দে, কাৰ্তিক কলিতা, চেলিমউদ্দিন আহমেদকে ধৰি নাগৰিক কমিটিৰ কেবাজনো কৰ্মকৰ্তা আৰু কেবাজনো আৰক্ষী বিষয়া -…
Read More
গণৰাজ্য দিৱসত ৫০০০ শিল্পীয়ে প্ৰদৰ্শন কৰিব ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য

গণৰাজ্য দিৱসত ৫০০০ শিল্পীয়ে প্ৰদৰ্শন কৰিব ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য

গণৰাজ্য দিৱসত ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰিব ৪৫ টাতকৈও অধিক নৃত্য শৈলী প্ৰতিনিধিত্ব কৰা ৫০০০ ৰো অধিক শিল্পীৰ এটা দলে। 'জয়তী জয় মম ভাৰতম' শীৰ্ষক এই কাৰ্যসূচীটো সংস্কৃতি মন্ত্ৰালয় আৰু সংগীত নাটক একাডেমীয়ে ধাৰণা কৰিছে আৰু গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ সময়ত কৰ্তব্য পথত উপস্থাপন কৰা হ'ব। সংস্কৃতি মন্ত্ৰালয়ে কয় যে এই উল্লেখযোগ্য প্ৰদৰ্শনত ভাৰতৰ ৪৫ টাতকৈও অধিক পৰম্পৰাগত আৰু লোক নৃত্য শৈলীক প্ৰতিনিধিত্ব কৰা ৫,০০০ তকৈও অধিক শিল্পী উপস্থিত থাকিব। প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰা নৃত্য শৈলীবোৰৰ ভিতৰত আছে ঝিঝিয়া (বিহাৰ), ময়ুৰ ৰাস (উত্তৰ প্ৰদেশ), দাংগী (গুজৰাট), লাম্বাদি (তেলেংগানা) আৰু পুৰুলিয়া চাউ (পশ্চিম বংগ)।
Read More
২০২৪ত তিনিগুণলৈ বৃদ্ধি বিশ্বজুৰি বিলিয়নেয়াৰৰ সম্পত্তি

২০২৪ত তিনিগুণলৈ বৃদ্ধি বিশ্বজুৰি বিলিয়নেয়াৰৰ সম্পত্তি

বিশ্বব্যাপী বিলিয়নেয়াৰৰ সম্পত্তি ২০২৪ চনত ২০০০ আমেৰিকান ডলাৰ বৃদ্ধিৰে ১৫,০০০ আমেৰিকান ডলাৰ হৈছে, যি ২০২৩ চনৰ তুলনাত তিনিগুণ অধিক। এই কথা 'অক্সফাম ইণ্টাৰনেচনেল'ৰ দ্বাৰা বিশ্বব্যাপী বৈষম্যৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে। বিশ্ব অৰ্থনৈতিক মঞ্চৰ (ডব্লিউইএফ) বাৰ্ষিক সভাৰ কেইঘণ্টামান আগতে সোমবাৰে 'টেকাৰছ, নট মেকাৰছ' শীৰ্ষক প্ৰতিবেদনখন ৰাজহুৱা কৰা হয়। অক্সফাম ইণ্টাৰনেচনেলে বিলিয়নেয়াৰৰ সম্পদৰ বৃদ্ধিক ১৯৯০ চনৰ পৰা বিশেষ পৰিৱৰ্তন নোহোৱা দৰিদ্ৰতাত বাস কৰা লোকৰ সংখ্যাৰ সৈতে তুলনা কৰিছিল। অক্সফামে কয় যে ২০২৪ চনত, এছিয়াত বিলিয়নেয়াৰৰ সম্পদ ২৯৯ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি হৈছে। ২০২৪ চনত, ২০৪ জন নতুন লোকে বিলিয়নেয়াৰৰ তালিকাত যোগদান কৰে। এই বছৰ এছিয়াৰ পৰা মাত্ৰ ৪১ জন নতুন বিলিয়নেয়াৰ তালিকাত…
Read More
৭ দিনৰ ভিতৰত অবৈধ কয়লা খনি বন্ধৰ নিৰ্দেশ জি পি সিঙৰ

৭ দিনৰ ভিতৰত অবৈধ কয়লা খনি বন্ধৰ নিৰ্দেশ জি পি সিঙৰ

গণৰাজ্য দিৱসকলৈ সষ্টম হৈছে অসম আৰক্ষী। গণৰাজ্য দিৱসৰ প্রাকক্ষণত যিকোনো ধৰণৰ হিংসাত্মক ঘটনা প্রতিহত কৰাৰ লক্ষ্যৰে সষ্টম হৈছে অসম আৰক্ষী। শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপক তালাচি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। ইয়াৰ মাজতে উজনিত বিগত কেইবাদিনো ধৰি বাহৰ পাতি আইন-শৃংখলাৰ পৰিস্থিতি পর্যালোচনা কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে। কিয়নো প্রথমবাৰলৈ ৰাজধানীৰ বাহিৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰা হ'ব। এইবাৰ ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰা হ'ব। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্রহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে। সেয়ে ডিব্ৰুগড়ৰ লগতে উজনিৰ জিলাসমূহত আইন-শৃংখলা পৰিস্থিতিক লৈ তৎপৰ হৈছে অসম আৰক্ষী। আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে বহু বিষয়াৰ সৈতে…
Read More
ছিকিম, গোৱাৰ পিছত দিল্লীৰ জনমূৰি আয় সৰ্বাধিক

ছিকিম, গোৱাৰ পিছত দিল্লীৰ জনমূৰি আয় সৰ্বাধিক

২০২৩-২৪ বিত্তীয় বৰ্ষত দিল্লীৰ জনমূৰি আয় আছিল ৪,৬১,৯১০ টকা। এই ক্ষেত্ৰত, গোৱা আৰু ছিকিমৰ পিছত দেশৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানী তৃতীয় স্থানত আছে। এই তথ্য শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে। তথ্য অনুসৰি, দিল্লীৰ জনমূৰি উপাৰ্জন ৰাষ্ট্ৰীয় গড় ১,৮৪,২০৫ টকাৰ দুগুণতকৈও অধিক আছিল। দিল্লী চৰকাৰে প্ৰকাশ কৰা বাৰ্ষিক পুস্তিকাত ৰাষ্ট্ৰীয় ৰাজধানীৰ বিভিন্ন আৰ্থ-সামাজিক, জনগাঁথনি আৰু আন্তঃগাঁথনি সম্পৰ্কীয় পৰিসংখ্যাৰ বিৱৰণ দিয়া হৈছে। দিল্লী চহৰখনৰ জনমূৰি উপাৰ্জনত বাৰ্ষিক ৭.৪ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছে। পুস্তিকাখনৰ মতে, ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাস্তাত বাহনৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। ২০২০-২১ বৰ্ষত, সংখ্যাটো আছিল ১.২২ কোটি, যি ২০২২-২৩বৰ্ষত ৭৯.৮৫ লাখলৈ হ্ৰাস পাইছে। ইয়াৰ মতে, দিল্লীত বিদ্যালয়ৰ সংখ্যা ২০২০-২১ বৰ্ষত ৫,৬৬৬ ৰ পৰা…
Read More
৩ দিনীয়াকৈ জাগীৰোডৰ জোনবিলৰ পাৰত জোনবিল মেলা

৩ দিনীয়াকৈ জাগীৰোডৰ জোনবিলৰ পাৰত জোনবিল মেলা

পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ১৬, ১৭ আৰু ১৮ জানুৱাৰীত ৩ দিনীয়াকৈ  জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত কৰিব ওলাইছে ঐতিহাসিক জোনবিল মেলা। পুনৰ বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। ইতিহাস প্রসিদ্ধ জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে। পাহাৰৰ মামা- মামীসকল পুনৰ এবছৰৰ পিছত ভৈয়ামলৈ নামি বিনিময় প্ৰথাৰ কৰিবলৈ সাজু হৈছে। পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা মেলালৈ আহিব মামা- মামী। বিনিময় প্ৰথাৰ সমান্তৰালকৈ জোনবিলত চলিব কুকুৰা যুঁজ আৰু সমূহীয়া মাছধৰা পৰ্ব। ১৭ জানুৱাৰীত মেলাত অনুষ্ঠিত হ'বলগীয়া ৰাজ দৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই। মধ্য অসমৰ ২২ গৰাকীকৈ তিৱা ৰজাক…
Read More