19
Mar
মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰে স্পেচএক্সৰ ড্ৰেগন কেপচুলৰ জৰিয়তে আন দুজন মহাকাশচাৰীৰ সৈতে পৃথিৱীলৈ উভতি আহিছে। যোৱা জুন মাহত মাত্ৰ আঠ দিনৰ বাবে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যোৱা এই দুজন মহাকাশচাৰী ন মাহৰ পিছত পৃথিৱীলৈ উভতি আহিবলৈ সক্ষম হৈছে। বোয়িংৰ ষ্টাৰলাইনাৰ মহাকাশযানখনে তেওঁলোকক পৃথিৱীলৈ উভতাই অনাৰ কথা আছিল, কিন্তু মহাকাশত বিকল হৈ পাৰৰ ফলত তেওঁলোকে ইমান দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল। অৱশেষত তেওঁলোকক এলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ড্ৰেগন কেপচুলে ফ্লৰিডাৰ উপকূলত সুৰক্ষিতভাৱে অৱতৰণ কৰে। ইয়াৰ সৈতে তেওঁলোকক লৈ চলি থকা জল্পনা-কল্পনা অন্ত পৰে। মহাকাশ আস্থানৰ পৰা পৃথিৱী পাবলৈ মহাকাশচাৰীসকলক দীঘলীয়া ১৭ ঘণ্টা সময় লাগিছিল। ভাৰতীয় সময় অনুসৰি পুৱতি নিশা…
