asombatori

21 Posts
পুলিৎজাৰ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মূলৰ দুগৰাকী সাংবাদিক

পুলিৎজাৰ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মূলৰ দুগৰাকী সাংবাদিক

আমেৰিকাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৰ্বোচ্ছ সন্মান পুলিৎজাৰ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মূলৰ দুগৰাকী সাংবাদিক মেঘা ৰাজাগোপালন আৰু নীল বেদীয়ে। এই অনুসন্ধানমূলক প্ৰতিবেদনত তেওঁ মুছলমান উইগুৰ আৰু অনান্য সংখ্যালঘু জাতিৰ লোকসকলৰ বাবে চীনে নিৰ্মাণ কৰা গণ ডিটেনচন কেম্পৰ ওপৰত আলোকপাত কৰিছিল। পুলিৎজাৰ ব’ৰ্ডে ইণ্টাৰনেট মিডিয়া বাজফিড নিউজৰ দুজন সহযোগীৰ সৈতে আন্তৰ্জাতিক প্ৰতিবেদন শ্ৰেণীত মেঘা ৰাজাগোপালনলৈ এই বঁটা আগবঢ়াইছে।
Read More
আইএএছৰ বাবে প্ৰস্তুতি শিক্ষাৰ্থীসকলক সহায়ৰ বাবে আগবাঢ়িছে চনু সুদ।

আইএএছৰ বাবে প্ৰস্তুতি শিক্ষাৰ্থীসকলক সহায়ৰ বাবে আগবাঢ়িছে চনু সুদ।

আইএএছৰ বাবে প্ৰস্তুতি শিক্ষাৰ্থীসকলক সহায়ৰ বাবে আগবাঢ়িছে চনু সুদ। অসামৰিক সেৱা পৰীক্ষাৰ (ইউপিএছচি) বাবে প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে প্ৰশিক্ষণ বৃত্তি দিয়াৰ সিদ্ধান্ত লৈছে। অভিনেতাজনে নিজেই এই তথ্য তেওঁৰ সামাজিক মাধ্যম একাউণ্টত পোষ্ট কৰিছিল। এক টুইটযোগে তেওঁ কয় যে আইএএছ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ তেওঁ এক নতুন আঁচনি আৰম্ভ কৰিছে।
Read More
কেতিয়া বজাৰলৈ আহিব কোৰোনাৰ ভেকচিন? ৰাছিয়াৰ দাবী…

কেতিয়া বজাৰলৈ আহিব কোৰোনাৰ ভেকচিন? ৰাছিয়াৰ দাবী…

ডিজিটেল ডেস্ক:- কৰ'না ভাইৰাছৰ প্ৰথমটো ভেকচিন ১০ আগষ্টৰ ভিতৰত মুকলি হোৱাৰ সম্ভাৱনা আছে । আগন্তুক ১০-১২ আগষ্টৰ ভিতৰত কৰ'নাৰ ভেকচিন বজাৰত মুকলি কৰিব বুলি ৰাছিয়াই দাবী কৰিছে। উল্লেখ্য যে, ৰাছিয়াই মুকলি কৰিবলৈ আগবঢ়া এই ভেকচিনেই হ’ল বিশ্বৰ প্ৰথমটো কৰ'নাৰ ভেকচিন। এই ভেকচিনটো ‘গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অৱ এপীডেম’লজী এণ্ড মাইক্ৰবা’য়লজী’য়ে নিৰ্মাণ কৰিছে। ইতিমধ্যে ভেকচিন মুকলিৰ বাবে ৰাছিয়াই সকলো প্ৰাৰম্ভিক কাম শেষ কৰি সম্পূৰ্ণ কৰিছে ট্ৰাইল। উল্লেখ্য যে, কৰ'না ভাইৰাছৰ ভেকচিন ভাৰতৰ বজাৰত ওলালে ভাৰতৰ জনগণে কিছু পৰিমাণে সকাহ পাব।
Read More
কিনিব নালাগে: ৩৬ মাহ পৰ্যন্ত ভাড়ালৈ লৈ উভতাই দিয়ক টাটাৰ বিলাসী বাহন…

কিনিব নালাগে: ৩৬ মাহ পৰ্যন্ত ভাড়ালৈ লৈ উভতাই দিয়ক টাটাৰ বিলাসী বাহন…

ডিজিটেল ডেস্ক:- দেশৰ অন্যতম বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্চ-এ এইবাৰ গ্ৰাহকৰ বাবে লৈ আহিছে এক বিশেষ অফাৰ। যিসকল ব্যক্তিয়ে কোনো এখন চহৰত দীঘলীয়া সময়ৰ বাবে থাকিব বিচাৰে, সেইসকল ব্যক্তিৰ সুবিধাৰ বাবেই টাটাই মুকলি কৰিছে এই বিশেষ অফাৰ। টাটা মটৰ্চৰ এই অফাৰৰ পিছত কোনো ব্যক্তিয়ে এতিয়া বাহন ক্ৰয় নকৰাকৈয়ে দীঘলীয়া সময়ৰ বাবে টাটাৰ দ্বাৰা নিৰ্মিত বিলাসী বাহন ভাড়ালৈ লব পাৰিব। টাটা মটৰ্চৰ বিলাসী বাহন ৰূপে পৰিচিত Nexon EV নামৰ ইলেক্ট্রিক বাহনখন গ্ৰাহকে ১৮, ২৪ বা ৩৬ মাহৰ বাবে ভাড়ালৈ লব পাৰিব। যদি কোনো ব্যক্তিয়ে ১৮ মাহৰ বাবে বিলাসী বাহনখন ভাড়ালৈ লব বিচাৰে তেন্তে প্ৰতিমাহে প্ৰদান কৰিব লাগিব ৪৭,৯০০ টকা। কিন্তু যদি…
Read More

সমগ্ৰ দেশ কৰোনাত বিধ্বস্ত, ছিকিম এতিয়াও কৰোনামুক্ত

ষ্টাফৰিপোৰ্টাৰ, ২৩ মে' : সমগ্ৰ দেশ কৰ'নাত বিধ্বস্ত হৈ পৰিছে। কিন্তু ছিকিম এতিয়াও কৰ'নামুক্ত হৈ আছে। ছিকিমে কৰ'না প্ৰৱেশ কৰিব নোৱাৰাকৈ বান্ধি ৰাখিলে সীমান্ত। এতিয়া শিক্ষানুষ্ঠান খোলাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে চৰকাৰে।১৫ জুনৰ পৰা খুলিব ছিকিমৰ শিক্ষানুষ্ঠান। গেংটকত ঘোষণা কৰিলে শিক্ষামন্ত্ৰী কে এন লেপচাই। নৱম মানৰ পৰা শ্ৰেণীসমূহ আৰম্ভ কৰিব ছিকিম চৰকাৰে।বিশ্ববিদ্যালয় পৰ্যায়তো ছিকিমত আৰম্ভ হ’ব পাঠদান।প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত অব্যাহত থাকিব অনলাইন ক্লাছ।
Read More

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে সৰ্বানন্দ সোণোৱালৰ বাৰ্তালাপ

ষ্টাফৰিপোৰ্টাৰ, ২৩ মে' : নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ'ৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টেলিফোনযোগে বাৰ্তালাপ। ক'ভিড-১৯ সংক্ৰমণৰ আশংকাত নাগালেণ্ড চৰকাৰে ছীল কৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্ত মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক অনুৰোধ। মুখ্যমন্ত্ৰী সোণোৱালৰ অনুৰোধৰ প্ৰতি ইতিবাচক সঁহাৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ'ৰ। চাহ উদ্যোগৰ সৈতে জড়িত শ্ৰমিককে ধৰি নিৰ্মাণ কাৰ্যৰ সামগ্ৰীৰ সুচল যাতায়াতৰ ক্ষেত্ৰত এই পদক্ষেপে বিশেষভাৱে সহায় কৰিব ।
Read More

আকাশমাৰ্গৰ পৰা আমফানৰ ধ্বংসলীলা চালে মোদী-মমতাই

ষ্টাফৰিপোৰ্টাৰ, ২২ মে': আকাশমাৰ্গৰ পৰা আমফানৰ ধ্বংসলীলা চালে মোদী-মমতাই। একেখন হেলিকপ্টাৰত উঠি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ২৪ পৰগনাৰ বছিৰহাটত নামি প্ৰশাসনীয় বিষয়াৰে প্ৰধানমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীৰ ১০০০ কোটি টকাৰ সাহায্য ঘোষণা পশ্চিমবংগত।পশ্চিমবংগত ঘূৰ্ণী বতাহ আমফানত ৮০ জনৰ মৃত্যু হয়। বহু বছৰৰ পাছত হোৱা ভয়ংকৰ ঘূৰ্ণী সমীক্ষাৰ বাবে কেন্দ্ৰৰ দল পশ্চিমবংগলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াৰ স্বাভিমান ফুলাম গামোছা খন ডিভিত মেৰিয়াই লৈ আকাশ মাৰ্গৰ পৰা এই ধ্বংসলীলা পৰ্যবেক্ষণ কৰে।
Read More

ঘূৰ্ণীবতাহ ‘আমফান’ক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট

ষ্টাফৰিপোৰ্টাৰ, ১৬ মে' : ঘূৰ্ণীবতাহ ‘আমফান’ক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰৰ আশংকা মতে শনিবাৰে এই ঘূৰ্ণীবতাহে বংগোপসাগৰৰ ওপৰ এলেকা আৰু দক্ষিণ আন্দামান সাগৰৰ সমীপত নিম্ন চাপৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত ওড়িশা আৰু আশে–পাশে থকা এলেকাত শনিবাৰে সন্ধিয়া ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰ আশংকা আছে।বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই ঘূৰ্ণীবতাহজাক শক্তিৰে আগবাঢ়িলে ১৭মে’লৈকে উত্তৰ–পূৱলৈকে আগবাঢ়িব আৰু তাৰ পিছত উত্তৰ–পশ্চিমৰ দিশলৈ যাব। এই সময়ত বতাহৰ গতিবেগ ঘণ্টাত ৫৫–৬৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’ব পাৰে। এই গতিবেগ বৃদ্ধি পাই ৭৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’ব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰই ওড়িশাৰ উপকূলীয় এলেকাত এলাৰ্ট জাৰি কৰিছে, লগতে পশ্চিম বংগ, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰতো অৰেঞ্জ…
Read More
কভিদ-১৯: এব্বটে লাভ কৰিলে চি ই মাৰ্ক

কভিদ-১৯: এব্বটে লাভ কৰিলে চি ই মাৰ্ক

সোমবাৰে এব্বটেই আই ভি দি নিৰ্দেশ অনুসৰি চি ই মাৰ্ক লাভ কৰাৰ কথা ঘোষণা কৰে। এইটো এটা প্ৰৰীক্ষাগাৰ ভিত্তিক চেৰৌলজি তেজ পৰীক্ষা যিটোৱে এন্টিবডি, আই জি জি ৰ ধৰা পেলায়। ই যদি এজন ব্যক্তিৰ দেহত নভেল কৰোনা ভাইৰাছ (Covid-19) থাকে সেইটো চিনাক্ত কৰে। যদি কোনো এজন ব্যক্তি পূৰ্বেই সংক্ৰমিত হয় তেন্তে পিছৰ পৰ্যায়ত এন্টিবডি পৰীক্ষা কৰাতো প্ৰয়োজন। এইক্ষেত্ৰত যদি সিহঁতে ইমিউনিটি প্ৰদান কৰে তেতিয়া এইটোৱে ভাইৰাছৰ বিষয়ে অধিক জানিবলৈ সহায় কৰাৰ লগতে শৰীৰত এন্টিবডিবোৰ কিমান দেৰিলৈ থাকে জনাত সহায় কৰে।এইধৰণৰ জ্ঞানে চিকিৎসা আৰু ভেকচিন উন্নতি কৰনত সহায় কৰে। ভাৰতৰ এব্বট দাইগ্নষ্টিক ব্যবসায়ৰ দেশীয় মূৰব্বী আৰু জেনেৰেল মেনেজাৰ নৰেন্দ্ৰ ভাৰ্দে কয়…
Read More