ডিজিটেল ডেস্ক:- দেশৰ অন্যতম বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্চ-এ এইবাৰ গ্ৰাহকৰ বাবে লৈ আহিছে এক বিশেষ অফাৰ। যিসকল ব্যক্তিয়ে কোনো এখন চহৰত দীঘলীয়া সময়ৰ বাবে থাকিব বিচাৰে, সেইসকল ব্যক্তিৰ সুবিধাৰ বাবেই টাটাই মুকলি কৰিছে এই বিশেষ অফাৰ।

টাটা মটৰ্চৰ এই অফাৰৰ পিছত কোনো ব্যক্তিয়ে এতিয়া বাহন ক্ৰয় নকৰাকৈয়ে দীঘলীয়া সময়ৰ বাবে টাটাৰ দ্বাৰা নিৰ্মিত বিলাসী বাহন ভাড়ালৈ লব পাৰিব। টাটা মটৰ্চৰ বিলাসী বাহন ৰূপে পৰিচিত Nexon EV নামৰ ইলেক্ট্রিক বাহনখন গ্ৰাহকে ১৮, ২৪ বা ৩৬ মাহৰ বাবে ভাড়ালৈ লব পাৰিব।

যদি কোনো ব্যক্তিয়ে ১৮ মাহৰ বাবে বিলাসী বাহনখন ভাড়ালৈ লব বিচাৰে তেন্তে প্ৰতিমাহে প্ৰদান কৰিব লাগিব ৪৭,৯০০ টকা। কিন্তু যদি ২৪ মাহৰ বাবে ভাড়ালৈ লব বিচাৰে তেন্তে ৪৪,৯০০ আৰু ৩৬ মাহৰ বাবে ৪১,৯০০ টকাকৈ প্ৰতিমাহে প্ৰদান কৰিব লাগিব।

উল্লেখ্য যে টাটা মটৰ্চৰ দ্বাৰা নিৰ্মিত Nexon EV নামৰ ইলেক্ট্রিক বাহনখনৰ অন ৰোড মূল্য হৈছে ১৫,৬৩,৯৯৭ টকা। এই বাহনখন এবাৰ ফুল চার্জ কৰি ৩১২ কিলোমিটাৰ চলাব পাৰি। বাহনখন ফুল চার্জ হবলৈ সময় লাগে প্ৰায় ৮ ঘণ্টা।