Piyali Poddar

117 Posts
ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন

ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন

ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন।চামগুৰি ৰাজহচক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাওঁ কিচামতৰ ৩নং দাগৰ ৩৮০বিঘাৰো অধিক ভূমিত চলিব এই উচ্ছেদ।চামগুৰি ৰাজহচক্ৰৰ প্ৰায় ৩৮০বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ অভিযান । প্ৰায় ২০০ টা পৰিয়াললৈ জাননী প্ৰেৰণ জিলা প্ৰশাসনৰ। লগতে বৈধ নথি পত্ৰ থকা সকলক১২ ডিচেম্বৰত কাৰ্যালয়ত শুনানিত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
Read More
পোষ্ট মেলনে মঞ্চৰ পৰাই জুবিন গাৰ্গলৈ জনালে সন্মান

পোষ্ট মেলনে মঞ্চৰ পৰাই জুবিন গাৰ্গলৈ জনালে সন্মান

খানাপাৰাত যোৱা নিশা ইটোৰ পিছত সিটোকৈ গীত পৰিৱেশনেৰে শীতৰ সেমেকাক উষ্ম কৰি তুলিলে প্ৰসিদ্ধ প’পষ্টাৰ পোষ্ট মেলনে। অনুষ্ঠান পৰিৱেশনৰ মাজতে মেলনৰ মুখত শুনা গ’ল অসম তথা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ কৰিলে বিশেষ মন্তব্য।অসমৰ ভিন্ন প্ৰান্তৰ অনুৰাগীৰ লগতে দেশৰ আন ৰাজ্য তথা বিদেশৰ বহু অনুৰাগীয়েও খানাপাৰাত স্বচক্ষুৰে প্ৰত্যক্ষ কৰে প্ৰিয় শিল্পীগৰাকীৰ অনুষ্ঠান। গানৰ লগতে তেওঁৰ এক বিশেষ কাৰ্যই বিশেষকৈ অসমৰ অনুৰাগীসকলৰ মন জয় কৰে।হিয়াৰ আমঠু যিগৰাকী শিল্পীৰ অকাল মৃত্যুৱে সমগ্ৰ ৰাজ্যক শোকাহত কৰি ৰাখিছে সেই শিল্পীগৰাকীক ‘মহান কিংবদন্তি শিল্পী’ আখ্যা দিয়ে পোষ্ট মেলনে। তেওঁৰ এই বাক্যটিৰ লগে লগে অনুৰাগীৰ ধ্বনিৰে আন্দোলিত হৈ উঠে…
Read More
পৰ্বতঝোৰাৰ ৰূপসী সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসযজ্ঞ

পৰ্বতঝোৰাৰ ৰূপসী সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসযজ্ঞ

পৰ্বতঝোৰাৰ ৰূপসী সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসযজ্ঞ ।বনাঞ্চলৰ মূল্যবান গছ সমূহ কাটি তহলিং কৰাৰ পাছতো নিৰূপ ভূমিকাত পৰ্বতঝোৰা বন বিভাগ।প্ৰকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ পৰ্বতঝোৰাত এনেকৈ বন ধ্বংসযজ্ঞ চলি থাকিলে এদিন বনাঞ্চল মৰুভূমিত পৰিণত হোৱা প্ৰায় নিশ্চিত বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে।পৰ্বতঝোৰাৰ ৰূপসী-বাসবাৰী সংযোগী পথৰ কাষতে সংৰক্ষিত বনাঞ্চলৰ মূল্যবান শাল গছ সমূহ বন্যদস্যুৱে এফালৰ পৰা অবাধে কাটি তহলিং কৰাৰ পিছতো ৰূপসী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বন কৰ্মীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা ঘটনাই প্ৰকৃতি প্ৰেমী সচেতন লোকসকলক হতভম্ব কৰি তুলিছে।বনাঞ্চল ৰক্ষাৰ ক্ষেত্ৰত BTCৰ বন বিভাগৰ নৱ নিযুক্ত কার্যবাহী সদস্য পানীৰাম ব্ৰহ্মই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।
Read More
পুটিনক ৰাছিয়ান ভাষাত অনুদিত ‘গীতা’ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

পুটিনক ৰাছিয়ান ভাষাত অনুদিত ‘গীতা’ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

বৃহস্পতিবাৰে সন্ধিয়া ভাৰতত পদাৰ্পণ কৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ৰাছিয়ান ভাষাত অনুদিত এখন 'গীতা' উপহাৰ দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । পৱিত্ৰ গ্ৰন্থখন পুটিনক উপহাৰ হিচাপে প্ৰদান কৰি মোদীয়ে কয় যে গীতাৰ শিক্ষাই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক প্ৰেৰণা দিয়ে ।দুদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বৃহস্পতিবাৰে নিশা প্ৰধানমন্ত্ৰী মোদীৰ ৭, লোক কল্যাণ মাৰ্গৰ বাসগৃহত ব্যক্তিগতভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰে । তাতেই তেওঁক 'গীতা' উপহাৰ দিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
Read More
ভয়ংকৰ গতি লৈছে মন্থাই

ভয়ংকৰ গতি লৈছে মন্থাই

ভয়ংকৰ গতি লৈছে মন্থাই।অন্ধ্রপ্রদেশত ধাৰাষাৰ বৰষুণ হোৱাৰ লগতে ৰাজ্যখনৰ ৪৩ হাজাৰ হেক্টৰ কৃষি ভূমি বিনষ্ট কৰে। অন্ধ্রপ্ৰদেশ আৰু য়ানামৰ ঠায়ে ঠায়ে আজি পাতলিয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো ঠাইত প্রবল বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে। ঘূৰ্ণীবতাহ মন্থাই যোৱা নিশা ঘণ্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰ বেগেৰে অন্ধ্রপ্রদেশ আৰু য়ানম উপকূলৰ মাজৰ মছিলিপটনম আৰু কলিংগপট্রনমৰ ওপৰেৰে পাৰ হৈ যায়।
Read More
দিল্লীত উৰুৱা হ’ল বিমান,দিল্লীত কৃত্ৰিম বৰষুণৰ চেষ্টা বিফল

দিল্লীত উৰুৱা হ’ল বিমান,দিল্লীত কৃত্ৰিম বৰষুণৰ চেষ্টা বিফল

প্ৰাকৃতিক বৰষুণ দিল্লীবাসীৰ বাবে সপোন।সেয়েহে কৃত্ৰিমভাৱে এজাক বৰষুণ দিয়াৰ চেষ্টা চলোৱা হৈছিল দিল্লীত।দিল্লীত উৰুৱা হ’ল বিমান।কৃত্ৰিম বৰষুণৰ বাবে আকাশত ৰৈ সেই বিমানৰ পৰাই চলোৱা হৈছিল প্ৰচেষ্টা। বৰষুণৰ বাবে বায়ুমণ্ডলত যি পৰিমাণৰ আৰ্দ্ৰতা লাগে সেয়া সৃষ্টি কৰাত বিফল হ’ল মঙলবাৰে।ডাৱৰত আৰ্দ্ৰতাৰ পৰিমাণ কম আছিল বাবে সেয়া সম্ভৱপৰ হৈ নুঠিল। বিজ্ঞানীসকলৰ মতে কৃত্ৰিম বৰষুণৰ বাবে ডাৱৰত ৫০% আৰ্দ্ৰতাৰ প্ৰয়োজন কিন্তু মঙলবাৰৰ দিনটোত ডাৱৰত আৰ্দ্ৰতা মাত্ৰ ২০% পোৱা গৈছিল।উল্লেখযোগ্য যে, এই প্ৰক্ৰিয়া কোনো নতুন প্ৰক্ৰিয়া নহয়। প্ৰায় ৮০ বছৰৰ পুৰ্বেই প্ৰক্ৰিয়াৰ আৱিষ্কাৰ হৈছিল। বৈজ্ঞানিক সকলে পৰীক্ষাগাৰৰ ডাৱৰ কেনেকৈ সৃষ্টি কৰিব পাৰি তাকে লৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি থকা সময়ত অত্যাধুনিক প্ৰক্ৰিয়াৰ দ্বাৰাই ডাৱৰৰ…
Read More
এগৰাকী কিশোৰীৰ লগত জঘন্য কাণ্ড

এগৰাকী কিশোৰীৰ লগত জঘন্য কাণ্ড

বকোৰ পৰা পোহৰলৈ আহিছে এক জঘন্য কাণ্ড। এগৰাকী কিশোৰীৰ লগতে জঘন্য কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাজনক।এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত আটক হৈছে ৩জনকৈ যুৱক। বকোত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।
Read More
বিহাৰত মুখ থেকেচা খাব নেকি আনন্দ মিশ্ৰই?

বিহাৰত মুখ থেকেচা খাব নেকি আনন্দ মিশ্ৰই?

বিহাৰৰ বাক্সাৰ বিধানসভা সমষ্টিত এইবাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থাী আনন্দ মিশ্ৰ। বহুদিনৰ জল্পনা-কল্পনাৰ অন্ত পেলাই চাকৰি জীৱন আধাতে এৰি যোৱা আনন্দ মিশ্ৰই অৱশেষত গেৰুৱা বসন পিন্ধিছিল। আনন্দ মিশ্ৰই নিৰ্বাচনক লৈ বাক্সাৰ অলি-গলিয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। কিন্তু তাৰ মাজতে শেহতীয়াকৈ খবৰ আহিছে যে, দলৰ ভিতৰতে সৃষ্টি হোৱা বিসম্বাদৰ বাবে আনন্দ মিশ্ৰই বিধায়ক হোৱা আনন্দ হয়তো লাভ নকৰিব। কিয়নো অইন দলৰ পৰা আহি বিজেপিত যোগদান কৰিয়েই টিকট লাভ কৰাৰ বাবে সমষ্টিটোত পুৰণি বিজেপি কাৰ্যকতাসকল যথেষ্ট ক্ষোভিত হৈ আছে।ইতিমধ্যে কেইবাটাও ভাগত বিভক্ত হৈছে বাক্সাৰ বিজেপি। ন-পুৰণি কৰ্মকতা সকলৰ মাজত চলিছে এখন শীতল যুদ্ধ। এনে পৰিস্থিতিত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাত যথেষ্ট প্ৰত্যাহ্বান আহিছে আনন্দ…
Read More
আহি আছে সাগৰীয় ধুমুহা মন্থা

আহি আছে সাগৰীয় ধুমুহা মন্থা

হাই এলাৰ্ট জাৰি কৰা হৈছে অন্ধ্ৰপ্ৰদেশ-ওড়িশাত ৷ মঙলবাৰে নিশা কাকিনাদাৰ সমীপৰ মচলীপট্টনম আৰু কলিংগপট্টনমৰ মাজেৰে অন্ধ্ৰপ্ৰদেশৰ উপকূল অতিক্ৰমৰ সম্ভাৱনা আছে মন্থাৰ ৷ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই মন্থাৰ আগমনক কেন্দ্ৰ কৰি জাৰি কৰিছে সতৰ্কতাবাণী ৷ মঙলবাৰে নিশা এই সাগৰীয় ধুমুহাই কোবাই যাব বংগোপসাগৰৰ সমীপৱৰ্তী অঞ্চলসমূহ ৷ বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়াৰ সমীপৰ মচলীপট্টনম আৰু কলিংগপট্টনমৰ মাজত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে এই ঘূৰ্ণীবতাহজাকে ৷ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, সোমবাৰে পুৱা ৫.৩০ বজাত দক্ষিণ-পশ্চিম আৰু সমীপৱৰ্তী দক্ষিণ-পূব উপসাগৰৰ ওপৰৰে ঘূৰ্ণীবতাহজাকে প্ৰতি ঘণ্টাত ১৫ কিলোমিটাৰ বেগেৰে পশ্চিম-উত্তৰ-পশ্চিম দিশ অভিমুখে গতি কৰে ৷ আনহাতে, একেটা অঞ্চলকে কেন্দ্ৰ কৰি চেন্নাই(তামিলনাডু)ৰ পৰা প্ৰায় ৫৬০ কিলোমিটাৰ পূব-দক্ষিণ-পূব, কাকিনাড়া(অন্ধ্ৰপ্ৰদেশ) ৰ…
Read More
শীঘ্ৰেই অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা!

শীঘ্ৰেই অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা!

বীৰ লাচিত সেনা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে লাচিত সেনাৰ শেহতীয়া কাৰ্যকলাপ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, “লাচিত সেনাৰ কাৰ্য-কলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্য-কলাপক আমি গভীৰ উদ্বেগৰ সৈতে লক্ষ্য কৰি আছো।” আলফা(স্বাধীন)-ৰ দৰে বীৰ লাচিত সেনাকো হয়তো নিষিদ্ধ কৰিবলগা এটা দিন আহিব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Read More