Paromita

125 Posts
হাইলাকান্দিত ২৮০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ চলিল বুলড’জাৰ

হাইলাকান্দিত ২৮০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ চলিল বুলড’জাৰ

অসম-মিজোৰাম সীমান্তৰ সংৰক্ষিত বনাঞ্চলত চৰকাৰী ভূমিত চলি থকা দীৰ্ঘদিনীয়া বেদখল উচ্ছেদ কৰিবলৈ সোমবাৰে হাইলাকান্দি জিলা প্ৰশাসনে এক বৃহৎ অভিযান আৰম্ভ কৰিছে। ঘৰমুৰা বন সংমণ্ডলৰ অধীনস্থ দামচেৰা অঞ্চলৰ প্ৰায় ২৮০০ বিঘা বনভূমি উদ্ধাৰৰ লক্ষ্যৰে চলোৱা এই অভিযানে সমগ্ৰ জিলাখনতে এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিছে। মিজোৰাম সীমান্তৰ এই স্পৰ্শকাতৰ অঞ্চলটোত সোমবাৰে পুৱাৰে পৰা প্ৰায় ১৫০ খন বুলড’জাৰ আৰু ১৫০০ সশস্ত্ৰ বাহিনীৰ উপস্থিতিত উচ্ছেদ কাৰ্য আৰম্ভ হয়। জিলা প্ৰশাসনে জনোৱা অনুসৰি, এই উচ্ছেদ অভিযানে ৫১৬ টা পৰিয়ালক প্ৰভাৱিত কৰিছে যদিও বহু পৰিয়ালে অভিযানৰ পূৰ্বেই নিজৰ সা-সম্পত্তি লৈ স্থান ত্যাগ কৰে। প্ৰথম দিনৰ কাৰ্যসূচীত মূলতঃ বনভূমিত অবৈধভাৱে গঢ়ি তোলা তামোল বাগানসমূহ ধ্বংস কৰাত…
Read More
কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস! এইবাৰ বনৰীয়া হাতীৰ গছকত মহিলাৰ মৃত্যু

কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস! এইবাৰ বনৰীয়া হাতীৰ গছকত মহিলাৰ মৃত্যু

বন্য হস্তীৰ ধাৰাবাহিক আক্ৰমণে কলিয়াবৰত সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ। হাতী-মানুহৰ চৰম সংঘাতৰ বলি হৈ অঞ্চলটোত প্ৰতিদিনেই সাধাৰণ জনতাই নিজৰ প্ৰাণৰ সুৰক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। সোমবাৰে পুনৰ এটা উন্মত্ত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ উত্তেজনা আৰু ক্ষোভৰ সৃষ্টি কৰিছে। মৰ্মান্তিক ঘটনাটোত প্ৰাণ হেৰুওৱা মহিলাগৰাকীক মীনা বৰা বুলি চিনাক্ত কৰা হৈছে। নিজৰ ঘৰৰ চোতালত হঠাতে হাতীটো প্ৰত্যক্ষ কৰি মীনা বৰাই প্ৰাণৰ মমতাত পলাবলৈ চেষ্টা কৰিছিল যদিও বন্য হস্তীটোৱে তেওঁক খেদি খেদি গচকি হত্যা কৰে। এই শোকাৱহ কাণ্ডৰ পাছতে মন্ত্ৰী কেশৱ মহন্তই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক হাতীটোক…
Read More
গৌৰৱ গগৈৰ ‘পাকিস্তান সংযোগ’ক লৈ হিমন্তৰ বিস্ফোৰণঃ কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাক ‘ললিপপ’ আখ্যা মুখ্যমন্ত্ৰীৰ

গৌৰৱ গগৈৰ ‘পাকিস্তান সংযোগ’ক লৈ হিমন্তৰ বিস্ফোৰণঃ কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাক ‘ললিপপ’ আখ্যা মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ কথিত ‘পাকিস্তান সংযোগ’ৰ ৰহস্য ফাদিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত সময়ছোৱাত কেইবাটাও দিন নিজে নিৰ্ধাৰণ কৰি দি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ ফাদিল কৰাৰ হুংকাৰ দিছিল। এইবাৰ পুনৰ মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰিছে ৮ ফেব্ৰুৱাৰীৰ দিনটো। অহা ৮ ফেব্ৰুৱাৰীত হ’বলগীয়া এক বিস্ফোৰক সংবাদ মেলৰ সম্ভাব্য পৰিণতি চম্ভালিবলৈহে বিৰোধীয়ে এই জৰুৰীকালীন মিত্ৰতাৰ আশ্ৰয় লৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত গঢ়ি উঠা বুজাপৰাক এক সাময়িক ৰাজনৈতিক কৌশল বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে দেওবাৰে বিৰোধীৰ মিত্ৰতাক তীব্ৰ সমালোচনা কৰে। তেওঁ দাবী কৰে যে এই মিত্ৰতা কোনো আদৰ্শৰ ভেটিত…
Read More
বিজেপিৰ শক্তিশালী ভেটি নে বিৰোধীৰ পুনৰুত্থান? অসমৰ নিৰ্বাচনী যুঁজত কোন আগত, পোহৰলৈ আহিল চাঞ্চল্যকৰ সমীক্ষা

বিজেপিৰ শক্তিশালী ভেটি নে বিৰোধীৰ পুনৰুত্থান? অসমৰ নিৰ্বাচনী যুঁজত কোন আগত, পোহৰলৈ আহিল চাঞ্চল্যকৰ সমীক্ষা

আসন্ন বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক বতাহত তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ মাজতে এক ৰাষ্ট্ৰীয় সমীক্ষাই অসমৰ নিৰ্বাচনী সমীকৰণত সৃষ্টি কৰিছে এক নতুন জোৱাৰৰ। আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ হৃদস্পন্দন পৰীক্ষা কৰি 'ইণ্ডিয়া টুডে-চি ভোটাৰ মুড অফ দ্য নেচন' সমীক্ষাই যি ফলাফল দাঙি ধৰিছে, সি বিজেপি আৰু কংগ্ৰেছ- দুয়োটা শিবিৰৰে নিদ্ৰা হৰণ কৰিছে। এই সমীক্ষাৰ মতে, ৰাজ্যত আঞ্চলিক দলসমূহৰ অস্তিত্ব প্ৰায় ম্লান পৰাৰ বিপৰীতে মূল যুঁজখন এতিয়া দ্বি-মেৰু কেন্দ্ৰিক হৈ পৰিছে। জানুৱাৰী মাহত চলোৱা এই সমীক্ষাৰ তথ্য অনুসৰি, যদি এতিয়াই নিৰ্বাচন হয় তেন্তে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৫০.২ শতাংশ ভোট লাভ কৰি পুনৰ ক্ষমতা দখল কৰাৰ দৌৰত শীৰ্ষত আছে। আনহাতে, ৪৪ শতাংশ ভোটেৰে…
Read More
সীমান্তত বি এছ এফৰ গুলীচালনাঃ মানকাচৰত গৰু সৰবৰাহকাৰীৰ দলক লক্ষ্য কৰি জোৱানৰ গুলী, এজন আহত

সীমান্তত বি এছ এফৰ গুলীচালনাঃ মানকাচৰত গৰু সৰবৰাহকাৰীৰ দলক লক্ষ্য কৰি জোৱানৰ গুলী, এজন আহত

ভাৰত-বাংলাদেশ সীমান্তৰে অব্যাহত থকা চোৰাং সৰবৰাহকাৰীৰ অবাধ চলাচলে মানকাচৰৰ কুকুৰমাৰা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো এটা সৰবৰাহকাৰী চক্ৰই সীমান্তৰে অবৈধভাৱে গৰু পাৰ কৰিবলৈ কৰা প্ৰচেষ্টাক প্ৰতিহত কৰিবলৈ গৈ সীমান্ত সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। দেওবাৰে নিশা সংঘটিত এই গুলীচালনাৰ ঘটনাই এতিয়া সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চৰকাৰী সূত্ৰই জনোৱা মতে, কুকুৰমাৰা সীমান্তৰে এদল সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু পাৰ কৰাৰ চেষ্টা চলাই থকা অৱস্থাত বি এছ এফৰ জোৱানে বাধা প্ৰদান কৰে। জোৱানসকলে সৰবৰাহকাৰীৰ দলটোক বাৰে বাৰে সকীয়নি দিয়াৰ পাছতো তেওঁলোকে পলাবলৈ চেষ্টা কৰাত বি এছ এফে গুলীচালনা কৰে। এই গুলীচালনাত এজন সৰবৰাহকাৰী ভৰিত গুলীবিদ্ধ হৈ…
Read More