07
Feb
আগন্তুক ৰাজনৈতিক সমীকৰণৰ মাজতে কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীয়ে আজি গ্ৰহণ কৰে এক ভয়াৱহ ৰূপ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আয়োজিত ‘সময় পৰিৱৰ্তন যাত্ৰা’ই শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ বৰডুবিয়াত বিজেপিৰ তীব্ৰ বাধাৰ সন্মুখীন হোৱাত সমগ্ৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জ্যেষ্ঠ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ নেতৃত্বত উলিওৱা এই যাত্ৰাক এশৰো অধিক বিজেপি কৰ্মীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি স্তব্ধ কৰি দিয়ে। শনিবাৰে পুৱা প্ৰায় ১১ বজাত গৌৰৱ গগৈৰ কনভয়টো তেজপুৰৰ পৰা শিঙৰী অভিমুখে গৈ থকাৰ সময়তে বৰডুবিয়াত বিজেপি কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে। প্ৰতিবাদকাৰীসকলে "গৌৰৱ গগৈ মুৰ্দাবাদ" আৰু "পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ হুচিয়াৰ"ৰ দৰে অতি আক্ৰমণাত্মক শ্ল’গান দি পৰিৱেশ উত্তপ্ত কৰি…
