Mohini

51 Posts
কামৰূপ মহানগৰ CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰোধিতা

কামৰূপ মহানগৰ CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰোধিতা

কামৰূপ মহানগৰ  CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰোধিতাৰে উকিল সন্থাৰ প্ৰতিবাদী সমদল। সোমবাৰে উকলি সন্হা, গুৱাহাটীৰ উদ্যোগত প্ৰায় দুই শতাধিক অধিবক্তাই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ  এই স্থানান্তৰ অবৈধ, একপক্ষীয় স্থানান্তৰ অবৈধ, CJM ক'ৰ্ট ঘূৰাই আনক, এই স্থানান্তৰ জনবিৰোধী, CJM  ক'ৰ্ট মেৰামতি কৰক, আমাৰ কথা শুনক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পুৰণি CJM আদালতৰ চৌহদৰ পৰা এই সমদল  কটন বিশ্ববিদ্যালয়ৰ সন্মুখেৰে গৈ গুৱাহাটী উচ্চ ন্যায়ালয় হৈ পুৰণি CJM আদালতৰ চৌহদত এই ৰেলীৰ সামৰণি পৰে।
Read More
১০০ গৰাকী ছাত্ৰই বাঁহী বজাই বাঁহীবাদক দীপক শৰ্মালৈ শেষ শ্রদ্ধা জনায়

১০০ গৰাকী ছাত্ৰই বাঁহী বজাই বাঁহীবাদক দীপক শৰ্মালৈ শেষ শ্রদ্ধা জনায়

স্বগৃহলৈ অনা হ'ল আন্তঃৰাষ্ট্ৰীয়  বাঁহীবাদক দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ। মঙলবাৰে পুৱা চেন্নাইৰ পৰা বিমানযোগে লৈ অনা হয় বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰ দেহ। নশ্বৰ দেহ  অম্বিকাগিৰি নগৰৰ বাসগৃহত শোকাকুল পৰিৱেশৰ বিৰাজ কৰে।  বাসগৃহত শ্ৰদ্ধাজ্বলি জনোৱাৰ পিছত সেউজসংঘৰ বাকৰিত গুণমুগ্ধৰ শেষ শ্রদ্ধাঞ্জলি জনাই। ১০০ গৰাকী ছাত্ৰই বাঁহী বজাই শেষ শ্রদ্ধা জনায় শিল্পী গৰাকীক। বিয়লি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে  শেষকৃত্য সম্পন্ন কৰা হ'ব।
Read More
বাঁহীবাদক দীপক শৰ্মা আৰু নাই

বাঁহীবাদক দীপক শৰ্মা আৰু নাই

বাঁহীবাদক দীপক শৰ্মা আৰু নাই। ৫৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট শিল্পীগৰাকী। চেন্নাইত চিকিৎসাধীন অৱস্থাত ইহসংসাৰ ত্যাগ কৰে শিল্পী গৰাকীয়ে ।  ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল বাঁহীবাদক দীপক শৰ্মাই। গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা দীপক শৰ্মা বিগত কেইবাবছৰ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল।
Read More
মুক্তিৰ দিনটোতে  ৪ কোটি টকা উপাৰ্জন কৰিলে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে

মুক্তিৰ দিনটোতে  ৪ কোটি টকা উপাৰ্জন কৰিলে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে

অভিলেখৰ পাছত অভিলেখ গঢ়িছে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। মুক্তিৰ দিনটোতে ৪ কোটি টকা উপাৰ্জন কৰে জুবিন গাৰ্গৰ  ৰৈ ৰৈ বিনালে। আজি দ্বিতীয় দিনটোত ছবিখন চাবলৈ ৰাইজ ওলাই আহিছে। উল্লেখ্য যে প্ৰথম দিনটোত প্ৰায় ৮০০ দৰ্শনী হৈছিল ছবিখনৰ। অসমৰ ৮০ টা ছবিগৃহত ছবিখনে মুক্তি লাভ কৰা ছবিখনে  উত্তৰ পূৰ্বাঞ্চলৰ  সৰ্বমুঠ ৯২ টা হলত মুক্তিৰ প্ৰথম দিনটোত প্ৰদৰ্শিত হয় ছবিখন। আনহাতে  বহিঃৰাজ্যৰ ৯৪  চলচ্চিত্ৰ গৃহত ছবিখন প্ৰদৰ্শীত হৈ ইতিহাস ৰচনা কৰে ছবিখনে।
Read More
বিকাশ অসমৰ আত্মসমৰ্পণ

বিকাশ অসমৰ আত্মসমৰ্পণ

অৱশেষত আত্মসমৰ্পণ কৰিলে বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য সচিব পদৰ বহিষ্কৃত নেতা বিকাশ অসমে। শনিবাৰে দিছপুৰ থানত আত্মসমৰ্পণ কৰে নেতাজনে।  আত্মসমৰ্পণৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক। বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতাগৰাকী বিগত কিছুদিন ধৰি পলাতক হৈ আছিল। পলাতক হৈ থকা নেতাজনে ফেচবুকত ৰৈ ৰৈ বিনালে চোৱা পোষ্ট দি আত্মসমৰ্পণ কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে অপহৰণ , ধনদাবীৰ গোচৰত নাম সাঙোৰ খোৱা বিকাশ অসমে মহিলাক লৈ অশালীন মন্তব্য কৰিছিল। এই অশালীন মন্তব্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লম বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল।
Read More
সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি পুৱতি নিশাৰ পৰা ছবিগৃহত আৰম্ভ হ’ল ৰৈ ৰৈ বিনালেৰ প্ৰদৰ্শনী

সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি পুৱতি নিশাৰ পৰা ছবিগৃহত আৰম্ভ হ’ল ৰৈ ৰৈ বিনালেৰ প্ৰদৰ্শনী

মুক্তিৰ দিনটোতে ধুমুহাৰ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি পুৱতি নিশা  ৪.২৫ বজাৰ পৰা ছবিগৃহত আৰম্ভ হ'ল  ৰৈ ৰৈ বিনালেৰ প্ৰদৰ্শনী। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পুৱতিনিশা ৪:২৫ মিনিটত প্ৰদৰ্শিত হ'ল 'ৰৈ ৰৈ বিনালে'। গুৱাহাটীৰ মেট্ৰিক্স চিনেমাত পুৱতি নিশা ৪ বাজি ২৫ মিনিটৰ পৰা প্ৰদৰ্শিত কৰা হ'ল 'ৰৈ ৰৈ বিনালে'ৰ প্ৰথমটো দৰ্শনী। ছবিখন মুক্তিৰ পূৰ্বে পুৱতিনিশা ৩:৩০ বজাতে ছবিগৃহত উপস্থিত হ'ল দর্শক। ৰাজ্যৰ প্ৰতিটো ছবিগৃহৰ প্ৰতিটো দৰ্শনীতে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে। মুক্তিৰ দিনটোতে হিলদল ভাগি অসমৰ ৰাইজ ওলাই আহিছে জুবিন গাৰ্গৰ শেষৰখন ছবি চাবলৈ। প্ৰতিটো ছবিগৃহতে  ছবিখন চাই দৰ্শক সকল আৱেগিক হৈ ওলাই…
Read More
অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ বিয়োগ

অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ বিয়োগ

বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক চৈয়দ চাদুল্লাৰ বিয়োগত। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩৩ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে চৈয়দ ছাদুল্লাই। ৭৭  বছৰ  বয়সত জটিল ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পী গৰাকীয়ে।   উল্লেখ্য যে, ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত জন্মগ্ৰহণ কৰা   চৈয়দ ছাদুল্লা  কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল। তেওঁক  মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।
Read More
ৰৈ ৰৈ বিনালে’ক লৈ অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ৰৈ ৰৈ বিনালে’ক লৈ অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

জুবিন গাৰ্গৰ সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে'ক লৈ অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ছবিখনৰ পৰা অসম চৰকাৰে লাভ কৰা জি এছ টিৰ অংশ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিয়া হ'ব। জুবিন গাৰ্গে আৰ্তজনৰ সাহায্যৰ বাবে গঠন কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিয়া হ'ব  ছবিৰ পৰা অসম চৰকাৰে লাভ কৰা জি এছ টিৰ অংশ। বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠক পিছত এই কথা সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রীয়ে কয়, "অসম চৰকাৰে কোনো চিনেমাৰ আমোদ কৰ নলয়। চিনেমাৰ টিকটৰ বিনিময়ত ভাৰত চৰকাৰে জি এছ টি লয়। ১০০ টকাৰ ওপৰৰ টিকটত ১৮ শতাংশ আৰু ১০০ টকাৰ তলত…
Read More
 ৰাজ্যৰ চুকে-কোনে ৰৈ ৰৈ বিনালেৰ  পোষ্টাৰিং

 ৰাজ্যৰ চুকে-কোনে ৰৈ ৰৈ বিনালেৰ  পোষ্টাৰিং

জুবিন গার্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ পথত। কিন্তু সপোন বাস্তৱ হোৱাৰ সময়ত নাই জুবিন গার্গ। জুবিন গার্গৰ অনুপস্থিতিত ছবিখনৰ প্ৰচাৰৰ দায়িত্ব লৈছে অসমৰ ৰাইজে। ৰাজ্যৰ চুকে-কোণে কৰিছে পোষ্টাৰিং। ছবিখন চাবলৈ আগ্ৰহেৰে বাট চাইছে অসমীয়া ৰাইজে। জুবিন গাৰ্গৰ এইয়া আছিল ১৫ বছৰীয়া সপোন। এই সপোন বাস্তৱ হ'বলৈ মাজত মাত্ৰ এটা দিন। আনকালে অসমীয়া ছবি প্ৰচাৰৰ বাবে জুবিন নিজে ওলাই আহিছিল। কিন্তু আজি নিজৰ ছবি প্ৰচাৰৰ বাবে নাই জুবিন গাৰ্গ। সেয়ে প্ৰচাৰৰ দায়িত্ব লৈছে নাগৰিক সমাজ , শিল্পী সমাজ , ফেন ক্লাৱ আৰু বন্ধু – বৰ্গয়। মুখত জুবিন গাৰ্গৰ গীত। সকলোৰে মুখে মুখে মায়াবিনী গীত হাতত ৰৈ ৰৈ বিনালেৰ পোষ্টাৰ।…
Read More
পুণৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শ্যামকানু, সিদ্ধাৰ্থ সহ পাচ অভিযুক্তক

পুণৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শ্যামকানু, সিদ্ধাৰ্থ সহ পাচ অভিযুক্তক

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা বকো সম জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ আৰু দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যক পুণৰ ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ ।  কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্ত পাচজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। নিৰ্ধাৰিত ন্যায়িক  জিম্মাৰ ম্যাদ অন্ত পৰাত   পাঁচ অভিযুক্তক ভাৰ্চুৱেলি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত  হাজিৰ কৰোৱাই। পিছত আদালতে পাঁচ অভিযুক্তকে পুণৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
Read More