13
Oct
শিয়ালদাহ ৰাজধানী এক্সপ্ৰেছত সংঘটিত গুলীচালনাৰ ঘটনা। অৱশ্যে গুলীচালনাৰ সময়ত কোনো যাত্ৰী হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। নৰ্থ ইষ্টাৰ্ণ ৰেলৱেৰ এক বিবৃতিত কোৱা হৈছে যে শিয়ালদাহ ৰাজধানীত ট্ৰেভেলিং টিকট এগজামিনাৰ (টিটিই)ৰ সৈতে হোৱা কাজিয়াৰ পিছতে ৪১ বৰ্ষীয় এজন যা্ত্ৰীয়ে গুলীচালনা কৰে। উত্তৰ-পূৱ ৰেলৱেৰ তথ্য অনুসৰি, ‘টিকট সন্দৰ্ভত টিটিইৰ সৈতে হোৱা বিবাদৰ পিছত ৰে’লৰ ভিতৰত গুলীচালনা কৰা ব্যক্তিজনৰ নাম হৰবিন্দৰ সিং। তেওঁৰ বয়স প্ৰায় ৪১ বছৰ বুলি কোৱা হয়। ভাৰতীয় সেনাবাহিনীত কৰ্মৰত লোকজন। কোৱা হৈছে যে হৰবিন্দৰৰ হাতত ১২৩০১ হাওৰা-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰেলৰ টিকট আছিল। কিন্তু তেওঁ মদ্যপান কৰি ধনবাদ ষ্টেচনৰ পৰা শিয়ালদাহ-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰেলৰ বি-৮ ডবাত…
