21
Oct
সফলতাৰে সম্পন্ন হৈছে মিছন গগনযানৰ প্ৰথমটো উৰণ পৰীক্ষা। গগনযানৰ ক্ৰু মডিউল মুকলি কৰা হৈছে। প্ৰথমে পুৱা ৮.৪৫ বজাত এই পৰীক্ষা সম্পন্ন হোৱাৰ কথা আছিল যদিও উৎক্ষেপণৰ কিছু সময়ৰ পূৰ্বে এই পৰীক্ষা বন্ধ কৰি দিয়া হয়। কাৰিকৰী গ্লিচৰ বাবে সেই সময়ত পৰীক্ষাটো কৰিব পৰা নগ’ল। কিন্তু এতিয়া সফলতাৰে মুকলি কৰা হৈছে। আজি পুৱা বিমানখনৰ কাউণ্টডাউন প্ৰায় সম্পূৰ্ণ হৈছিল যদিও চাৰি ছেকেণ্ড আগতে স্থগিত ৰখা হৈছিল। গগনযান অভিযানৰ শুভাৰম্ভৰ তথ্য আজি খোদ ইছৰ’ই দিছে। ইছৰ’ই টুইট কৰি কয় যে গগনযানৰ টিভি-ডি১ মুকলি কৰাৰ কাৰণ চিনাক্ত কৰি শুধৰোৱা হৈছে। এতিয়া পুৱা ১০ বজাত উন্মোচন হ’ব। লঞ্চ স্থগিত ৰখাৰ লগে লগে ইছৰোৰ মুৰব্বী এছ…
