15
Dec
সংসদৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভুল হোৱাৰ বিষয়টোক লৈ বৃহস্পতিবাৰে দুয়োটা সদনত হুলস্থুলৰ সৃষ্টি কৰে বিৰোধী দলৰ সাংসদসকলে। ইয়াৰ পিছতে লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ১৫ জন সাংসদক অধ্যক্ষ অৱমাননাৰ বাবে চলিত সংসদ অধিৱেশনৰ পৰা নিলম্বন কৰা হয়। এতিয়া কংগ্ৰেছে এই কাৰ্যক লৈ চোকা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে বিৰোধী দলৰ সাংসদক সংসদৰ পৰা নিলম্বন কৰাটো গণতন্ত্ৰৰ নিলম্বন। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰি কয় যে বিৰোধী সাংসদক নিলম্বন কৰাটো গণতন্ত্ৰ নিলম্বনৰ সমতুল্য। তেওঁ প্ৰশ্ন কৰে যে সাংসদসকলৰ অপৰাধ কি? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সদনত বক্তব্য দিবলৈ অনুৰোধ কৰাটো অপৰাধ নেকি? নিৰাপত্তা ভংগৰ বিষয়ে আলোচনা কৰাটো অপৰাধ নেকি?…
