editor

3175 Posts
সাংসদ পদ খাৰিজৰ পিছত এইবাৰ মহুৱাই হেৰুৱাব পাৰে চৰকাৰী বাংলো!

সাংসদ পদ খাৰিজৰ পিছত এইবাৰ মহুৱাই হেৰুৱাব পাৰে চৰকাৰী বাংলো!

সাংসদ পদ খাৰিজ হোৱাৰ পিছত এইবাৰ চৰকাৰী আৱাস গৃহ হেৰুৱাব পাৰে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মহুৱা মৈত্ৰাই। সূত্ৰ অনুসৰি তেওঁক কিছুদিনৰ ভিতৰত সাংসদ বাংলোৰ পৰা ওলাই যাবলৈ কোৱা হৈছে। জানিব পৰা মতে, লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত নগৰ উন্নয়ন মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে বিশেষ কোটাৰ অধীনত মহুৱাক সাংসদ বাংলো আবণ্টন কৰা হৈছিল। কিন্তু যোৱা সপ্তাহত সাংসদ পদ খাৰিজ হোৱাৰ পিছত তৃণমূলৰ নেত্ৰীগৰাকীয়ে হয়তো বাংলো খালী কৰিব লাগিব পাৰে। সংসদত ধনৰ বিনিময়ত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগত নৈতিকতা সমিতিৰ পৰামৰ্শ মতে তৃণমূলৰ মাহুৱাক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হয়। যোৱা শুকুৰবাৰে তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। অৱশ্যে…
Read More
১৯ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব আইপিএলৰ নিলাম

১৯ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব আইপিএলৰ নিলাম

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ৰ ১৯ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হ'বলগীয়া নিলামত ভাৰতৰ পেচাৰ উমেশ যাদৱ, হৰ্ষল পেটেল আৰু শাৰ্দুল ঠাকুৰকে ধৰি মুঠ ৩৩৩ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। যাৰ ওপৰত ২ কোটি টকাৰ সৰ্বোচ্চ আধাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। হৰ্ষলক দুবছৰ পূৰ্বে আই পি এল নিলামত ১০.৭৫ কোটি টকাৰ বৃহৎ পৰিমাণত ক্ৰয় কৰা হৈছিল। আই পি এল পৰিচালনা পৰিষদে ফ্ৰেঞ্চাইজিসমূহত ১১৬৬ জন খেলুৱৈৰ এখন তালিকা দাখিল কৰিছিল। ফ্ৰেঞ্চাইজিৰ পৰামৰ্শৰ পিছত, এই খেলুৱৈসকলৰ সংখ্যা ৩৩৩ লৈ বৃদ্ধি কৰা হয়। ইয়াৰ ভিতৰত আছে ২১৪ জন ভাৰতীয় আৰু ১১৯ জন বিদেশী খেলুৱৈ। দুজন খেলুৱৈও সহযোগী দেশৰ।এই নিলামত, সকলো ১০ টা ফ্ৰেঞ্চাইজীয়ে মুঠ ২৬২.৬৫ কোটি…
Read More
দিশপুৰ মহাবিদ্যালয়ত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সমাৰোহৰ আয়োজন

দিশপুৰ মহাবিদ্যালয়ত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সমাৰোহৰ আয়োজন

অসমৰ উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান দিশপুৰ মহাবিদ্যালয়ত সোমবাৰে বর্ণাঢ্য কাৰ্যসূচীৰে দক্ষিণ- পূব এছিয়া সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হয়। দিশপুৰ মহাবিদ্যালয়ৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষিণ-পূৱ এছিয়া অধ্যয়ন কেন্দ্ৰৰ সৌজন্যত আৰু নৰ্থ ইষ্ট আশীৰ্বাদ ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি বৰাকে প্ৰমুখ্য কৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰীৰ আয়ুক্ত -সচিব ৰঞ্জন শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আৰু ডীন ড° জয়ন্ত কৃষ্ণ শৰ্মা, জিনা ৰাজকুমাৰী, থাইলেণ্ডৰ মাহাচাৰাখাম বিশ্ববিদ্যালয়ৰ ড° কেৰিন খোমচি, ড° ৱাৰাপৰম চেৰ্ডচু, ইণ্ডোনেছিয়াৰ জ্যেষ্ঠ নৃত্য সঞ্চালক ড° মেথিউছ ৱাচি বাণ্টোলো, নেপালৰ কাঠমাণ্ডুৰ জ্যেষ্ঠ সাংবাদিক বিভু প্রকাশ কায়স্থ ইত্যাদি। ইংৰাজী…
Read More
সবৰীমালা মন্দিৰত প্ৰচণ্ড ভিৰ! ঢলি পৰি মৃত্যু ১১ বছৰীয়া কিশোৰীৰ

সবৰীমালা মন্দিৰত প্ৰচণ্ড ভিৰ! ঢলি পৰি মৃত্যু ১১ বছৰীয়া কিশোৰীৰ

সবৰীমালা মন্দিৰত ভক্তৰ প্ৰচণ্ড ঠেলা হেচাত মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী কিশোৰীয়ে। শুকুৰবাৰে নিশাৰ পৰাই কেৰালাৰ এই মন্দিৰত বৃহৎ সংখ্যক লোকৰ সমাগম হ’বলৈ আৰম্ভ কৰে। কিন্তু ভিৰ নিয়ন্ত্ৰণৰ বাবে কোনো পৰ্যাপ্ত ব্যৱস্থা নাছিল। স্বাভাৱিকতে হুলস্থুল আৰম্ভ হয়। যাৰ বাবে এঘাৰ বছৰীয়া ছোৱালীজনী শাৰীত থিয় হৈ অসুস্থ হৈ পৰে। শনিবাৰে নিশা চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে, মৃত কিশোৰীগৰাকী তামিলনাডুৰ চেলেমৰ বাসিন্দা। তিনি বছৰ বয়সৰ পৰাই তেওঁ হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছিল। শনিবাৰে নিশালৈকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰক্ষী আৰু দেৱস্বম ব’ৰ্ড কৰ্তৃপক্ষই। যাৰ বাবে তীৰ্থযাত্ৰীসকলে বহু সময় (১৮ ঘণ্টালৈকে) শাৰী পাতি থিয় হ’বলগীয়া হয়। ফলত অধৈৰ্য্যতাৰ বাবে বহু লোকে ঠেলি ঠেলি…
Read More
মুখ্যমন্ত্ৰীৰ গুণ্ডাই মোক শাৰীৰিক নিগ্ৰহৰ চেষ্টা চলাইছেঃ কেৰালাৰ ৰাজ্যপালৰ বিস্ফোৰক অভিযোগ

মুখ্যমন্ত্ৰীৰ গুণ্ডাই মোক শাৰীৰিক নিগ্ৰহৰ চেষ্টা চলাইছেঃ কেৰালাৰ ৰাজ্যপালৰ বিস্ফোৰক অভিযোগ

শাৰীৰিক নিগ্ৰহৰ চেষ্টা চলাইছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে। সোমবাৰে ৰাজ্যপালৰ কনভয়ত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে এছ এফ আইৰ কৰ্মীৰ বিৰুদ্ধে। ইয়াৰ পিছতে ক্ষুব্ধ ৰাজ্যপালগৰাকীয়ে তিৰুৱনন্তপুৰমলৈ যোৱাৰ পথত মুখ্যমন্ত্ৰীৰ গুণ্ডাই শক্তি দেখুৱাইছে বুলি অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে তিৰুৱনন্তপুৰমত ৰাজ্যপালক ক’লা পতাকা দেখুৱাই এছ এফ আইৰ কৰ্মীসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। সোমবাৰে কেৰালাৰ ৰাজ্যপাল তিৰুৱনন্তপুৰম বিমানবন্দৰলৈ গৈ দিল্লীলৈ বিমান ধৰিবলৈ গৈছিল। সেই সময়ত এছ এফ আই সমৰ্থকে তেওঁৰ গাড়ীখন ঘেৰাও কৰি ক’লা পতাকাৰে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। লগতে গাড়ীৰো ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যপালৰ কনভয়ত তিনিবাৰকৈ আক্ৰমণ কৰা বুলি জানিব…
Read More
‘মুখত এতিয়া মোৰ গালি ফুটিব…’ হঠাৎ কিয় খং উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

‘মুখত এতিয়া মোৰ গালি ফুটিব…’ হঠাৎ কিয় খং উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

কালি সোমবাৰে উচ্চতম ন্যায়ালয়ে ভাৰত চৰকাৰৰ ৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক সমৰ্থন কৰে। আদালতৰ সিদ্ধান্তৰ দিনটোত জম্মু-কাশ্মীৰ সম্পূৰ্ণ হাই এলাৰ্টত আছিল। এই সময়ছোৱাত জম্মু-কাশ্মীৰৰ আঞ্চলিক নেতাসকলক গৃহবন্দী কৰি ৰখাৰ খবৰ আহিছিল। পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী মেহবুবা মুফটিক গৃহবন্দী কৰি ৰখাৰ দাবীৰ পিছতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ এই মন্তব্য আৰু তেওঁ গৃহবন্দীৰ কথা সম্পূৰ্ণৰূপে নাকচ কৰে। ইয়াৰ পিছত নিশা ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, য’ত তেওঁ নিজৰ ঘৰৰ এটা অংশৰ পৰা চিঞৰি ওলাই আহি সংবাদ মাধ্যমৰ সৈতে কথা পতা দেখা গ’ল। ওমৰ আব্দুল্লাই কয় যে এল জি চাহেব, জম্মু-কাশ্মীৰ পুলিচে মিছা কথা…
Read More
আকৌ ঘোচ কাণ্ড! ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন লাট মণ্ডল

আকৌ ঘোচ কাণ্ড! ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন লাট মণ্ডল

ৰাজ্যত ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ আন এজন চৰকাৰী কৰ্মচাৰী। এইবাৰ বঙাইগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত চলল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ এজন চৰকাৰী বিষয়া। ধৃত চৰকাৰী বিষয়াজনৰ নাম লাট মণ্ডল সুধীৰ পাল বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, মাটি সংক্ৰান্তিয় বিষয়ত অভিযোগকাৰীৰ পৰা ধন দাবী কৰিছিল লাট মণ্ডলজনে। সেই ধন লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে।
Read More
ৰাজ্যত মিজো চোৰাং চিকাৰীৰ দপদপনি! হাইলাকান্দিত অস্ত্ৰ-শস্ত্ৰসহ আটক ৬ জন

ৰাজ্যত মিজো চোৰাং চিকাৰীৰ দপদপনি! হাইলাকান্দিত অস্ত্ৰ-শস্ত্ৰসহ আটক ৬ জন

ৰাজ্যত অবাধ দপদপনি চোৰাং চিকাৰীৰ। হাইলাকান্দিত আটক মিজোৰামৰ পৰা আহি অসমত বাহৰ পাতি থকা ৬ জন চোৰাং চিকাৰী। হাইলাকান্দি বন বিভাগৰ এটা দলে অভিযান চলাই জিলাখনৰ পাগলাঝোৰৰ পৰা আটক কৰে চোৰাং চিকাৰী কেইটাক। বন বিভাগে চোৰাং চিকাৰী কেইটাৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ শস্ত্ৰও। খবৰ অনুসৰি অসমৰ পৰা বহিঃ ৰাজ্যলৈ বান্দৰ সৰবৰাহ কৰি আহিছিল চোৰাং চিকাৰী কেইটাই। ধৃত ব্যক্তিকেইজনৰ পৰা তিনিটা বন্দুক, এখন বাহন আৰু ৬টা মৃত বান্দৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, চোৰাং চিকাৰী কেইটা মিজোৰামৰ কোলাছিবৰ নিৱাসী।
Read More
যেন চিনেমাৰ কাহিনী! হত্যাৰ অপৰাধত কাৰাবন্দী যুৱক, অৱশেষত আইনৰ শিক্ষা লৈ নিজকে সাব্যস্ত কৰিলে দোষমুক্ত…

যেন চিনেমাৰ কাহিনী! হত্যাৰ অপৰাধত কাৰাবন্দী যুৱক, অৱশেষত আইনৰ শিক্ষা লৈ নিজকে সাব্যস্ত কৰিলে দোষমুক্ত…

ঠিক যেনেকৈ বলীউডৰ জনপ্ৰিয় চিনেমাৰ চিত্ৰনাট্য। মাত্ৰ ১৮ বছৰ বয়সতে দুজন কনিষ্টবলক হত্যা কৰি ৰাইফল লুট কৰাৰ অপৰাধত জেললৈ যাবলগীয়া হৈছিল। তেওঁৰ ‘আলিবি’ আছিল অনস্বীকাৰ্য। কিন্তু ইয়াক আওকাণ কৰা হ’ল, আদালতত প্ৰমাণ কৰিব পৰা নগ’ল। কিন্তু যুৱক অমিত চৌধুৰীয়ে নকৰা অপৰাধৰ বাবে কাৰাদণ্ড মানি ল’ব পৰা নাছিল। তেওঁ বুজি পাইছিল যে এই অন্ধকাৰ জীৱনৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ’ল ‘জ্ঞানৰ পোহৰ’। সেই জ্ঞানৰ আলোক হৈছে আইনৰ জ্ঞান। তাৰ পিছত কাৰাগাৰৰ কুঠৰীৰ পৰাই অমিতে আৰম্ভ কৰিছিল মুক্তিৰ আলোকৰ সন্ধান। অৱশেষত ১২ বছৰৰ পাছত তেওঁ স্বাধীনতা বিচাৰিলে। অমিত পোহৰলৈ ঘূৰি আহিল। যদিও ১২টা বহুমূলীয়া জীৱন ঘূৰাই নাপাব, তথাপিও আজি অমিত মুক্ত।…
Read More
সংসদৰ সদস্যপদ বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ মহুৱা মৈত্ৰা…

সংসদৰ সদস্যপদ বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ মহুৱা মৈত্ৰা…

তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মহুৱা মৈত্ৰাই সংসদৰ নিজৰ সদস্যপদ বাতিলৰ পিছতে দাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ। তেওঁক বহিস্কাৰ কৰাৰ কৰ্তৃত্ব নৈতিকতা সমিতিৰ নাছিল বুলি যুক্তি দাঙি ধৰি ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ পৰা ধন লোৱাৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ নাই বুলি দাবী কৰিছে মহুৱাই। লগতে মৈত্ৰাই হিৰণানন্দনী আৰু তেওঁৰ প্ৰাক্তন সংগী জয় অনন্ত দেহাদ্ৰাইক ক্ৰছ-একজামিনেচন কৰিবলৈ নিদিয়াত অসন্তুষ্টি প্ৰকাশ কৰে। মৈত্ৰাক অপসাৰণৰ বাবে পেনেলৰ পৰামৰ্শ হিৰণানন্দনীৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছিল য’ত তেওঁ আদানী গোটক লক্ষ্য কৰি প্ৰশ্ন কৰিবলৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল। মৈত্ৰাই নিজৰ পক্ষ ৰক্ষা কৰি কয় যে তেওঁ নিজৰ কৰ্মচাৰীসকলক পৰ্টেলত তেওঁলোকৰ প্ৰশ্ন টাইপ কৰাত সহায় কৰিবলৈ লগ ইন…
Read More