13
Aug
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) মাদ্ৰাজ 'নেচনেল ইনষ্টিটিউট ৰেংকিং ফ্ৰেমৱৰ্ক, ২০২৪' (এনআইআৰএফ ২০২৪)ত একেৰাহে ষষ্ঠ বছৰৰ বাবে অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ শীৰ্ষ স্থান দখল কৰিছে। আনহাতে, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আইআইএছচি) বাংগালোৰ একেৰাহে নৱমবাৰৰ বাবে শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে বিবেচিত হৈছে। আনহাতে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় দ্বিতীয়, জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয় তৃতীয় স্থানত থকাৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয় এই তালিকাত ৪০ নং স্থানত আছে। আনহাতে, তেজপুৰ বিশ্ববিদ্যাল ৬৯ নং স্থানত আছে। উল্লেখ্য যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সোমবাৰে এনআইআৰএফ ২০২৪ ৰেংকিঙৰ নৱম সংস্কৰণ প্ৰকাশ কৰে। দিল্লী বিশ্ববিদ্যালয়ে তেওঁলোকৰ স্থান ১১ তমৰ পৰা ষষ্ঠ স্থানলৈ উন্নীত কৰিছে। সামগ্ৰিক শ্ৰেণীত, আইআইটি মাদ্ৰাজ প্ৰথম, আইআইএছচি বাংগালোৰে দ্বিতীয় আৰু আইআইটি…
