19
Jan
ৰাহুল গান্ধীক এলিয়েন আখ্যা বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কটাক্ষ কৰি হাজোৰ বিধায়িকাগৰাকীয়ে সমালোচনা কৰে ৰাহুল গান্ধীক। বিধায়িকাগৰাকীয়ে কয়, ‘‘ৰাহুল গান্ধী এটা এলিয়েন। ৰাহুল গান্ধী কোন গ্ৰহৰ পৰা আহিছে গম নাপাওঁ। আজি আছে কাইলৈ আকৌ উৰি যাব নিজৰ গ্ৰহলৈ।’’ হাজোৰ গণেশ মন্দিৰত অনুষ্ঠিত স্বচ্ছ তীৰ্থ অভিযানৰ অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই। দলীয় কৰ্মীৰ লগতে জিলা বিজেপিৰ সভাপতি সুবল পাল সহিতে হাতত ঝাড়ু লৈ স্বচ্ছ তীৰ্থ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই। উল্লেখযোগ্য যে জনতাৰ কাষ চপাৰ উদ্দেশ্যে কংগ্ৰেছে দেশজুৰি আৰম্ভ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা। পূবৰ পৰা পশ্চিমলৈ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল…
