editor

3175 Posts
মৰ্মান্তিক! চিগনেলিং পইণ্টৰ মেৰামতিৰ সময়তে ৰে’লৰ খুন্দাত মৃত্যু ৩ ৰে’লৱে কৰ্মচাৰীৰ

মৰ্মান্তিক! চিগনেলিং পইণ্টৰ মেৰামতিৰ সময়তে ৰে’লৰ খুন্দাত মৃত্যু ৩ ৰে’লৱে কৰ্মচাৰীৰ

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত এখন স্থানীয় ৰে’লৰ খুন্দাত পশ্চিম ৰে’লৱেৰ তিনিজন কৰ্মচাৰীৰ মৃত্যু ঘটাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে। তথ্য অনুসৰি ঘটনাৰ সময়ত কৰ্মচাৰী কেইজনে সংকেত প্ৰদানৰ সমস্যা সমাধান কৰি আছিল। চৰকাৰী ৰে’ল আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে সোমবাৰে নিশা ৮.৫৫ বজাত ভাছাই ৰোড আৰু নৈগাঁও ষ্টেচনৰ মাজত সংঘটিত হয় এই ঘটনা। স্থানীয় ৰেলখন চাৰ্চগেটৰ ফালে গৈ আছিল। নিহত কৰ্মচাৰী কেইজনক মুখ্য সংকেত পৰিদৰ্শক (ভয়ান্দৰ) বসু মিত্ৰ, বৈদ্যুতিক সংকেত ৰক্ষণাবেক্ষণকাৰী (ভাছাই পথ) সোমনাথ উত্তম লম্বুত্ৰে আৰু সহায়ক শচীন ৱানখেড়ে বুলি চিনাক্ত কৰা হৈছে। বিষয়াগৰাকীয়ে আৰু জনাইছে যে এই আটাইকেইজন কৰ্মচাৰী পশ্চিম ৰে’লৱেৰ মুম্বাই সংমণ্ডলৰ চিগনেলিং বিভাগত নিয়োজিত আছিল। সোমবাৰে সন্ধিয়া বিকল হোৱা…
Read More
২২ ফেব্ৰুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে যাব ৰাজ্যিক কেবিনেটৰ মন্ত্ৰীয়ে…

২২ ফেব্ৰুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে যাব ৰাজ্যিক কেবিনেটৰ মন্ত্ৰীয়ে…

অভিষেক অনুষ্ঠানৰ পিছতে অযোধ্যাৰ ৰাম মন্দিৰত ভক্তসকলে ভিৰ কৰাৰ সময়তে অসমৰ কেবিনেট মন্ত্ৰীসকলে ২২ ফেব্ৰুৱাৰীত ভগৱান ৰামৰ দৰ্শনৰ বাবে মন্দিৰলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে অনুষ্ঠিত হোৱা সাপ্তাহিক কেবিনেট বৈঠকত এই ঘোষণা কৰা হয়। ৰাজ্যিক কেবিনেটে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অযোধ্যাত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ শুভ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ কৰিব পাৰি যে যোৱা ২২ জানুৱাৰীত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত লাখ লাখ ভক্ত, বলীউডৰ চেলিব্ৰিটি, ৰাজনীতিবিদ, ক্ৰীড়াবিদ, ব্যৱসায়ী আদিৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল।
Read More
পুনৰ জ্বলিছে মণিপুৰ! বিগত ৩ দিনত আৰক্ষী জোৱানসহ মৃত্যু ৭ জনৰ

পুনৰ জ্বলিছে মণিপুৰ! বিগত ৩ দিনত আৰক্ষী জোৱানসহ মৃত্যু ৭ জনৰ

বিগত কিছুদিন শান্তিৰ পৰিৱেশ সৃষ্টি হোৱাৰ পিছত পুনৰ হিংসাৰ জুইত জ্বলি উঠিছে উত্তৰ-পূবৰ ৰাজ্য মণিপুৰ। ৰাজ্যখনত শেহতীয়াকৈ সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে আৰক্ষী জোৱানসহ ৭ জনকৈ লোকে। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই ১৪ জানুৱাৰীত থৌবালৰ পৰা আৰম্ভ হৈ মণিপুৰ এৰাৰ পিছতে সৃষ্টি হৈছে এই হিংসাত্মক পৰিস্থিতিৰ। ১৬ জানুৱাৰীৰ পৰা মণিপুৰৰ টেংগনৌপাল, থৌবাল, বিষ্ণুপুৰ, ইম্ফল পশ্চিম জিলাৰ মাজত সংঘটিত সংঘৰ্ষত দুজন আৰক্ষীকে ধৰি সাতজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। তদুপৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনাত সীমান্ত সুৰক্ষা বাহিনীৰ তিনিজন জোৱানকে ধৰি কমেও এক ডজন লোক আহত হয়। ৰাজ্যখনৰ এই হিংসাত্মক পৰিস্থিতিৰ পিছতে ১৯ জানুৱাৰীত মেইটেই গোটৰ মিত্ৰজোঁট মণিপুৰ অখণ্ডতা সমন্বয় সমিতি…
Read More
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষ্যে চৰকাৰী বন্ধ ঘোষণাৰ দাবী হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষ্যে চৰকাৰী বন্ধ ঘোষণাৰ দাবী হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত অনুষ্ঠিত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পূৰ্বে শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে এই মহান অনুষ্ঠানৰ সন্মানত হিমাচল প্ৰদেশত চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনায়। ঠাকুৰে এক বিবৃতিত কয়, ‘জনসাধাৰণৰ আৱেগক লক্ষ্য কৰি ৰাজ্য চৰকাৰেও ২২ জানুৱাৰীত বন্ধ ঘোষণা কৰাৰ কথা চিন্তা কৰিব লাগে।’ লক্ষাধিক পৰিয়ালৰ বিশ্বাস আৰু ভক্তি আৰু ভগৱান ৰামৰ আশীৰ্বাদৰ প্ৰতি লক্ষ্য ৰাখি এইটো এটা ডাঙৰ সিদ্ধান্ত হ’ব বুলিও তেওঁ লগতে কয়। উল্লেখ্য যে, ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান উপলক্ষ্যে কেন্দ্ৰীয় চৰকাৰে বন্ধ ঘোষণা কৰাৰ লগতে বিজেপি শাসিত বহু ৰাজ্যই অৰ্ধ ছুটী ঘোষণা কৰিছে।
Read More
অসমৰ জোঁৱাই হওঁক ৰাহুল গান্ধী! ন্যায় যাত্ৰাৰ মাজতে এই পৰামৰ্শ বদৰুদ্দিন আজমলৰ

অসমৰ জোঁৱাই হওঁক ৰাহুল গান্ধী! ন্যায় যাত্ৰাৰ মাজতে এই পৰামৰ্শ বদৰুদ্দিন আজমলৰ

অসমত এগৰাকী উপযুক্ত পাত্ৰীৰ সন্ধান কৰি অসমৰ জোঁৱাই হ’বলৈ ৰাহুল গান্ধীক পৰামৰ্শ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা অসমত চলি থকাৰ সময়তে এই পৰামৰ্শ আগবঢ়ায় আজমলে। শিলচৰত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আজমলে কয়, ‘শেহতীয়া নিৰ্বাচন হোৱা ৰাজ্যসমূহত কংগ্ৰেছে ভাল কাম কৰিব বুলি আশা কৰি গান্ধীয়ে দেশজুৰি ভ্ৰমণ কৰিছিল। কিন্তু দলটোৱে গুৰুতৰ হতাশাৰ সন্মুখীন হ’বলগীয়া হ’ল৷ অৱশ্যে এই কথাটোও আমি চাব লাগিব যে গান্ধী এজন সুদৰ্শন ব্যক্তি আৰু চেহেৰাতো যথেষ্ট পৰিপক্ক হৈছে। আমি তেওঁক অসমলৈ আদৰণি জনাইছো। তেওঁৰ বাবে মোৰ পৰামৰ্শ হ’ব যিকোনো উপযুক্ত যুৱতী এগৰাক বিচাৰি উলিয়াই জীৱন সংগীনীৰ ৰূপত বাছি লওক আৰু অসমৰ মৰমৰ জোঁৱাই…
Read More
পৰিয়ালৰ সদস্য জেল’লৈ যোৱাৰ ভয়তে বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাইঃ বিস্ফোৰক দাবী ভূপেন বৰাৰ

পৰিয়ালৰ সদস্য জেল’লৈ যোৱাৰ ভয়তে বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাইঃ বিস্ফোৰক দাবী ভূপেন বৰাৰ

৮ বছৰ পূৰ্বে পৰিয়ালৰ দাবীতে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত যোগদানৰ পূৰ্বে দিল্লীত সাক্ষাৎ কৰি ভূপেন বৰাকো জোৰ দিছিল বিজেপিমুখী হ’বলৈ। অসমত চলি থকা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এনে বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। অসমত ন্যায় যাত্ৰাৰ দ্বিতীয় দিনটোত এক সংবাদমেল সম্বোধন কৰি ৮ বছৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ আঁৰৰ উদ্দেশ্য প্ৰকট কৰে ভূপেন বৰাই। ভূপেন বৰাই কয় যে ২০১৫ চনলৈ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিল৷ ২০১৪ চনত যেতিয়া দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল, তেতিয়া অসমৰ বিজেপিৰ তত্বাৱধায়ক…
Read More
পুনৰ পেৰ’লত মুকলি আকাশৰ তললৈ ধৰ্ষণ-হত্যাৰ অপৰাধত কাৰবন্দী স্বয়ম্ভূ ভগৱান ৰাম ৰহিম

পুনৰ পেৰ’লত মুকলি আকাশৰ তললৈ ধৰ্ষণ-হত্যাৰ অপৰাধত কাৰবন্দী স্বয়ম্ভূ ভগৱান ৰাম ৰহিম

পুনৰ পেৰ’লত মুকলি কৰি দিয়া হ’ল ধৰ্ষণ আৰু হত্যাৰ দৰে গুৰুতৰ অপৰাধত দোষী সাব্যস্ত হোৱা স্বয়ম্ভূ ভগৱান গুৰমীত ৰাম ৰহিমক। ২০২৩ চনৰ নৱেম্বৰ মাহত ২১ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হৈছিল ৰাম ৰহিমক। কিন্তু তাৰ মাত্ৰ দুমাহ পিছতে এইবাৰ ৫০ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হ’ল বিতৰ্কিত ধৰ্মগুৰুজনক। উল্লেখ্য যে, ২০২৩ চনত মুঠ তিনিবাৰ পেৰ’লত মুকলি কৰি দিয়া হৈছিল গুৰমীত ৰাম ৰহিমক। শাস্তি লাভ কৰাৰ পিছত এতিয়ালৈকে ৰাম ৰহিমক দিয়া হৈছে ৬ বাৰ পেৰ’ল। উল্লেখ্য যে, গুৰমীত ৰাম ৰহিমক দুটা ধৰ্ষণ কাণ্ডৰ অপৰাধত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। ইয়াৰোপৰি নিজৰ মেনেজাৰক হত্যা কৰাৰ অভিযোগতো দোষী সাব্যস্ত কৰা হৈছে…
Read More
২৫ জানুৱাৰীত উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, জানক দিনটোৰ মহত্ব

২৫ জানুৱাৰীত উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, জানক দিনটোৰ মহত্ব

ভোটদান সকলোৰে গণতান্ত্ৰিক অধিকাৰ। দেশত যেতিয়াই কোনো নিৰ্বাচনী প্ৰক্ৰিয়া অনুষ্ঠিত হয় তেতিয়াই সকলোকে গণতন্ত্ৰৰ উৎসৱত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। নিজৰ মূল্যৱান ভোটদান আৰু জনপ্ৰতিনিধি নিৰ্বাচন কৰি ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰোৰ অধিকাৰ প্ৰতিজন নাগৰিকৰে আছে। যুৱক-যুৱতীসকলকো ভোট দিবলৈ উৎসাহিত কৰা হয়। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস প্ৰতি বছৰে ২৫ জানুৱাৰীত এক বিশেষ উদ্দেশ্যেৰে পালন কৰা হয়। ২৫ জানুৱাৰীত সমগ্ৰ দেশতে উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। এই দিনটোৰ এক বিশেষ তাৎপৰ্য আছে। ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতৰ নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হয়। ২০১১ চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। নিঃসন্দেহে এয়া ভোটাধিকাৰ আৰু গণতন্ত্ৰ উদযাপনৰ দিন। কিন্তু এই দিনটো পালন…
Read More
থু পেলোৱাৰ বাবেই ৫ মাহাৰ কাৰাবাস খাটিবলগীয়া হ’ল এজন মুছলমান যুৱকে, ভাঙি পেলোৱা হ’ল বাসগৃহ

থু পেলোৱাৰ বাবেই ৫ মাহাৰ কাৰাবাস খাটিবলগীয়া হ’ল এজন মুছলমান যুৱকে, ভাঙি পেলোৱা হ’ল বাসগৃহ

ঘৰৰ সন্মুখৰ ৰাস্তাৰে পাৰ হৈ যোৱা হিন্দু ধৰ্মীয় শোভাযাত্ৰাৰ সময়তে থু পেলোৱাৰ অভিযোগত ৫ মাহ কাৰাবাস খাটিবলগীয়া হ’ল এজন ১৮ বৰ্ষীয় যুৱকে। একেটা অপৰাধতে বুলডোজাৰ লগাই ভাঙি পেলোৱা হয় যুৱকজনৰ বাসগৃহও। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ উজ্জয়িনীত। অৱশ্যে ১৫১ দিনৰ দীঘলীয়া কাৰাবাসৰ অন্তত অৱশেষত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জামিনত মুকলি কৰি দিয়া হয় যুৱকজনক। আৰক্ষীৰ সূত্ৰ অনুসৰি, বিগত বৰ্ষৰ ১৭ জুলাইত আদনান মনছুৰী নামৰ যুৱকজনৰ ঘৰৰ সন্মুখৰ পথেৰে বাহিৰ কৰা হৈছিল শিৱ পূজাৰ এক শোভাযাত্ৰা। সেই সময়ত আদনান, তেওঁৰ কনিষ্ঠ ভাতৃ আৰু আন এজন সম্পৰ্কীয় ভাতৃ থিয় হৈ শোভাযাত্ৰা চাই আছিল ঘৰৰ চাদৰ পৰা। আৰু তেতিয়াই শোভাযাত্ৰাৰ মাজৰ…
Read More
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত আইন অমান্য! গোচৰ ৰুজু যোৰহাট প্ৰশাসনৰ…

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত আইন অমান্য! গোচৰ ৰুজু যোৰহাট প্ৰশাসনৰ…

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বিৰুদ্ধে অসমত এক গোচৰ ৰুজু হৈছে। এক অভিযোগ অনুসৰি, চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰি ৰাহুলৰ ন্যায় যাত্ৰা চলোৱাৰ বাবে এই গোচৰ ৰুজু কৰা হয়। যোৰহাট চহৰৰ ভিতৰৰ নিৰ্ধাৰিত পথৰ সলনি আন এটা পথেৰে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ যোৱাৰ ফলত চহৰখনত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়। চহৰখনত অনুমোদিত পথৰ পৰিৱৰ্তে আন এটা পথেৰে যোৱাৰ অভিযোগত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ আৰু ইয়াৰ মুখ্য আয়োজকৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিলে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, যোৰহাটৰ কেবি ৰোডৰ পৰা ন্যায় যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু এই যাত্ৰা অনুমোদিত পথৰ পৰিৱৰ্তে চহৰখনৰ ভিতৰলৈ আন এটা পথেৰে…
Read More