editor

3175 Posts
২০২৩ বৰ্ষত ২৫.৫৫ লাখ লোক যক্ষ্মা ৰোগত আক্ৰান্ত

২০২৩ বৰ্ষত ২৫.৫৫ লাখ লোক যক্ষ্মা ৰোগত আক্ৰান্ত

২০২৩ বৰ্ষত যক্ষ্মা ৰোগত ২৫.৫৫ লাখ লোক আক্ৰান্ত হয়, যি ৬০ ৰ দশকত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী (এনটিইপি) আৰম্ভ হোৱাৰ পিছত সৰ্বাধিক। এই তথ্য এক চৰকাৰী প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে অধিসূচিত আক্ৰান্ত ৰোগীৰ প্ৰায় ৩২ শতাংশ ব্যক্তিগত স্বাস্থ্য খণ্ডত পঞ্জীভুক্ত হৈছে। যোৱা বছৰ যক্ষ্মা ৰোগীৰ ভিতৰত ৮.৪ লাখৰো অধিক ব্যক্তিগত খণ্ডত পঞ্জীভুক্ত হৈছিল। ২০২২ চনৰ তুলনাত এইটো ১৭ শতাংশ বৃদ্ধি। প্ৰতিবেদন অনুসৰি, ২০১৭ চনৰ পৰা যক্ষ্মা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।
Read More
বিৰুবাৰীত সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন

বিৰুবাৰীত সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন

মিচিং সমাজৰ সাংস্কৃতিক ইতিহাসস্বৰূপ "মিচিং সংস্কৃতিৰ আলেখ্য" ৰ স্ৰষ্টা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক বৰেণ্য সাহিত্যিক, তাত্বিক সমালোচক, লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন আজি মহানগৰীৰ বিৰুবাৰীস্থিত য়ুং বয়জ ক্লাব প্ৰাংগণত অনুষ্ঠিত হয় । 'গমলাব মিগাং (সাহিত্যাচাৰ্য) ভৃগুমুনি কাগয়ুং স্মৃতি সুৰক্ষা সমিতি"ৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠান সমিতিৰ সভাপতি কৃষ্ণ ৰাম মিলিৰ সঞ্চালনাত অনুষ্ঠিত হয় । সমিতিৰ সম্পাদক ড০ অভিজিৎ পায়েঙে আঁত ধৰা অনুষ্ঠানত আনুষ্ঠানিক ভাৱে পুথিভঁৰালৰ দ্বাৰ উন্মোচন কৰি পুঠিমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান অধ্যাপিকা ড০ প্ৰণতি তালুকদাৰ মুদিয়াৰে কয়- "জনগোষ্ঠীয় ভাষাসূহ আমি জানিব লাগে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে খোঁজ কাঢ়ি-কাঢ়ি, বহু ঘাত -প্ৰতিঘাত নেওচি সমগ্ৰ…
Read More
নগাঁৱৰ শংখধ্বনিলৈ শ্ৰেষ্ঠ ভাওনা দলৰ সন্মান

নগাঁৱৰ শংখধ্বনিলৈ শ্ৰেষ্ঠ ভাওনা দলৰ সন্মান

মঞ্জুলা কলা কেন্দ্ৰৰ উদ্যোগত যোৰহাট বৰখঙীয়াত শিক্ষাবিদ, ৰূপকাৰ সোণধৰ বৰা সোঁৱৰণী সমন্বয় ক্ষেত্ৰ আৰু  শ্ৰীশ্ৰী নাৰায়ন চন্দ্ৰ দেৱ গোস্বামী সোঁৱৰণী অস্থায়ী নাট ঘৰত যোৱা ২২ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ আয়োজিত সদৌ অসম অংকীয়া ভাওনা সমাৰোহ,২০২৪ত অসমৰ প্ৰায় বাৰ খন জিলাৰ ১৫ টাকৈ অংকীয়া ভাওনা দলে অংশগ্ৰহণ কৰে। চাৰি দিনত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ আটাইকেইখন অংকীয়া ভাওনা আৰু ঝুমুৰা সমাৰোহত পৰিৱেশন কৰা হয়। নগাঁও জিলাৰ পুৰণিগুদামৰ পৰা   অনিত্য ভূঞাৰ পৰিচালনাত ২৩ মাৰ্চত শঙ্কৰদেৱ গুৰুজনাৰ " পাৰিজাত হৰণ" আৰু ২৫ মাৰ্চ অৰ্থাৎ শেষৰ দিনা শংখধ্বনি শিল্পী সমাজে ভাস্কৰ্য্য পূৰ্ণ গায়ন, হিমাশ্ৰী সেনাপতি আৰু জ্ঞানদ্বীপ হাজৰিকাৰ পৰিচালনাত  শঙ্কৰদেৱ গুৰুজনাৰ " কেলিগোপাল"…
Read More
কাউলী আদৰ্শ জাতীয় বিদ্যালয়ে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ সক্ষম হোৱাটো কম গৌৰৱৰ কথা-নহয়– বিশ্বজিত দৈমাৰী

কাউলী আদৰ্শ জাতীয় বিদ্যালয়ে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ সক্ষম হোৱাটো কম গৌৰৱৰ কথা-নহয়– বিশ্বজিত দৈমাৰী

দেওবাৰে তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ নিকটৱৰ্তী কাউলীস্থ আদৰ্শ জাতীয় বিদ্যালয় কাউলীৰ  ২২ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তী উৎসৱৰ মুকলি সভা উদ্বোধন কৰি তেওঁ এই মন্তব্য প্ৰদান কৰে ৷ ৰূপালী জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ সভাপতি দুলাল চাহাৰ সভাপতিত্বত অনুষ্ঠিত ডুলুজিত দাসে আঁতধৰা সভাত তেওঁ পুনৰ কয়। মই জনাত বিগত ২৫বছৰে এইখন বিদ্যালয়ে কাউলী অঞ্চলত বহুতো নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ গৈছে৷ বিগত ২৫ বছৰে তেওঁলোকৰ জীৱন গড় দিব পাৰিছে ৷ অকল ছাত্ৰ -ছাত্ৰীক শিক্ষা দিয়াই নহয়  এই বিদ্যালয়ৰ যিটো পৰিৱেশ আৰু সংস্কৃতি --এইটো অকল এই অঞ্চলতে প্ৰভাৱ পৰা নাই অন্যান্য অঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিছে৷ ভাষণ…
Read More
সুৱেৰীত আনন্দত বুৰ গ’ল শৰণীয়া তিনিশ পৰিয়াল

সুৱেৰীত আনন্দত বুৰ গ’ল শৰণীয়া তিনিশ পৰিয়াল

দৌলোৎসৱৰ আজিৰ দিনটোত ৰং বিৰঙৰ আবিৰেৰে ৰঞ্জিত হৈ পৰিল ঐতিহাসিক গোপাল আতা আৰু আই পদ্মপ্ৰিয়া সত্ৰৰ লগতে পুৰণ ভৱানীপুৰৰ ৰাজহুৱা নামঘৰ প্ৰাঙ্গণ।  দিনৰ প্ৰায় এঘাৰ বজাত গোঁসাইক দৌলৰ পৰা অৱৰোহণ কৰাৰ পিছতেই অনুষ্ঠিত 'গোঁসাই ফুৰোৱা' কাৰ্যসূচী পুৰণ ভৱানীপুৰ গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কাৰ্তিক চন্দ্ৰ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তাৰ পিছতেই প্ৰায় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত 'গোঁসাই ফুৰোৱা' কাৰ্যসূচী সম্পন্ন হয়। সমগ্ৰ বাট-পথ ৰঙ-বিৰঙৰ আবিৰ ছটিয়াই হৰিনাম পৰিবেশ কৰি ঐতিহাসিক গোপাল আতা সত্ৰ আৰু আই পদ্মপ্ৰিয়া সত্ৰত উপস্থিত হোৱাৰ পিছতেই সুৱেৰী উপলক্ষে আনন্দত বুৰ গ'ল 'শৰণীয়া' তিনিশ পৰিয়াল।শৰণীয়া লোকসকলে ইজনে সিজনক আবিৰ ছটিয়াই আনন্দ প্ৰকাশ কৰাৰ লগত ঠাইতে শৰাই নৈবেদ্য…
Read More
৪৮৭ টা কোম্পানীৰ পৰা নিৰ্বাচনী বণ্ড পৰা অনুদান লাভ বিজেপিৰ

৪৮৭ টা কোম্পানীৰ পৰা নিৰ্বাচনী বণ্ড পৰা অনুদান লাভ বিজেপিৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত, ভাৰতীয় ষ্টেট বেঙ্কে (এছবিআই) নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সম্পূৰ্ণ তথ্য প্ৰদান কৰিছে। নিৰ্বাচন আয়োগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, এছ.বি.আই.-য়ে এই সকলোবোৰ তথ্য প্ৰদান কৰিছে কোনে অনুদান দিছিল, কোনে অনুদান লাভ কৰিছিল আৰু দানৰ পৰিমাণ কিমান। ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নিৰ্বাচনী বণ্ডৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, মুঠ ৪৮৭ টা কোম্পানীয়ে বিজেপিক দান কৰিছিল, যাৰ ভিতৰত শীৰ্ষ ১০টা কোম্পানীয়ে ২১১৯ কোটি টকা দান কৰিছিল। যিটো আনৰ তুলনাত সৰ্বাধিক। দলটোৱে যোৱা চাৰি বছৰত নিৰ্বাচনী বণ্ডৰ পৰা ৬,০০০ কোটি টকাৰ অধিক অনুদান লাভ কৰিছে।নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, বিজেপিয়ে হায়দৰাবাদস্থিত মেঘা ইঞ্জিনিয়াৰিংৰ পৰা…
Read More
টি-২০ ক্ৰিকেটত ১২,০০০ ৰান সম্পূৰ্ণ বিৰাট কোহলীৰ

টি-২০ ক্ৰিকেটত ১২,০০০ ৰান সম্পূৰ্ণ বিৰাট কোহলীৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ তম সংস্কৰণত, ডিফেণ্ডিং চেম্পিয়ন চেন্নাই চুপাৰ কিংছে জয়সূচক আৰম্ভণি কৰে। শুকুৰবাৰে চেপকত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত চিএছকেয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক ছয় উইকেটত পৰাস্ত কৰে। যদিও আৰচিবিয়ে খেলখনত পৰাজয়ৰ সন্মুখীন হয়, কিন্তু এই মেচ দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে তেওঁৰ নামত এটা ডাঙৰ অভিলেখ পঞ্জীয়ন কৰে। খেলখনত বিৰাট কোহলীয়ে ২১ ৰান সংগ্ৰহ কৰে। তেওঁ তেওঁৰ ইনিংছত ষষ্ঠ ৰান সংগ্ৰহ কৰাৰ সৈতে তেওঁ টি-২০ ক্ৰিকেটত ১২,০০০ ৰান সম্পূৰ্ণ কৰা প্ৰথম ভাৰতীয় বেটছমেন হয়। বিৰাট কোহলীয়ে এতিয়া ক্ৰিকেটৰ এই ফৰ্মেটৰ ৩৭৭ খন খেলৰ ৩৬০ টা ইনিংছত ১২০১৫ ৰান সংগ্ৰহ কৰিছে। বিৰাট কোহলীয়েও আই পি এলত সাতটা শতক অৰ্জন কৰিছে।…
Read More
ৰাছিয়াৰ ৰাজধানী মস্কোত আই এছ আই এছৰ আক্ৰমণত ৭০ জনৰ মৃত্যু

ৰাছিয়াৰ ৰাজধানী মস্কোত আই এছ আই এছৰ আক্ৰমণত ৭০ জনৰ মৃত্যু

ৰাছিয়াৰ ৰাজধানী মস্কোত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭০ জন লোকৰ মৃত্যু হৈছে।  ইয়াৰ উপৰিও, সন্ত্ৰাসবাদী আক্ৰমণত ১৪৫ জন লোক আহত হৈছিল, যিসকল বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইফালে, সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে আৰু দাবী কৰে যে তেওঁলোকৰ যুঁজাৰুসকলে খ্ৰীষ্টানসকলৰ এক বৃহৎ জনসমাগমত আক্ৰমণ কৰিছিল। আই এছ আই এছ ৰ সৈতে সম্পৰ্কিত সংবাদ সংস্থাই টেলিগ্ৰামত এক বিবৃতিত কয়, "আমাৰ যুঁজাৰুসকলে ৰাছিয়াৰ ৰাজধানী মস্কোৰ উপকণ্ঠত খ্ৰীষ্টানসকলৰ এক বৃহৎ সমাৱেশত আক্ৰমণ চলাইছিল, যাৰ ফলত বহুলোক নিহত আৰু আহত হৈছিল আৰু বৃহৎ ধ্বংসৰ সৃষ্টি হৈছিল।" আক্ৰমণৰ সময়ত, মস্কোৰ ক্ৰকাছ চিটি হল কনচাৰ্ট স্থানত পাঁচজন লোকে গুলীচালনা কৰে আৰু বোমা…
Read More
পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাবাহক হ’ব শৰৎ কমল

পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাবাহক হ’ব শৰৎ কমল

অভিজ্ঞ টেবুল টেনিছ খেলুৱৈ আৰু কমনৱেলথ গেমছ চেম্পিয়ন শৰৎ কমল এই বছৰৰ পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাবাহক হ'ব। আনহাতে বক্সিং কিংবদন্তী এম চি মেৰী কমক বৃহস্পতিবাৰে দেশৰ চেফ ডি মিছন হিচাপে নিযুক্তি দিয়া হয়।ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যনে (আইঅ'এ) এক বিবৃতিত কয় যে ৪১ বছৰীয়া টেবুল টেনিছ খেলুৱৈগৰাকীয়ে অলিম্পিকত অংশগ্ৰহণ কৰাৰ সময়ত আমাৰ দলৰ একতা আৰু আত্মাৰ প্ৰতীকৰ বাহক হ'ব। এই সন্দৰ্ভত শৰৎ কমলে কয় যে যোৱা তিনি সপ্তাহ অবিশ্বাস্য আছিল। অলিম্পিকত স্থান নিশ্চিত নোহোৱাৰ পৰা ছিংগাপুৰত যোৱা সপ্তাহৰ প্ৰদৰ্শনলৈকে, ৰেংকিঙত ৫৪ টা স্থান ঊৰ্ধগামী আৰু এতিয়া পতাকা বাহক হিচাপে নিযুক্তি দিয়া হৈছে।এইটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু এই সন্মান এনে সময়ত…
Read More
ইডিৰ জিম্মাত মুখ্যমন্ত্ৰী কেজৰিৱালৰ নিৰাপত্তাক আপ চিন্তিত: মন্ত্ৰী আতিশী

ইডিৰ জিম্মাত মুখ্যমন্ত্ৰী কেজৰিৱালৰ নিৰাপত্তাক আপ চিন্তিত: মন্ত্ৰী আতিশী

দিল্লীৰ কেবিনেট মন্ত্ৰী আতিশীয়ে শুকুৰবাৰে কয় যে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) জিম্মাত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিৰাপত্তাক লৈ আম আদমী পাৰ্টি (আপ) চিন্তিত। কেজৰিৱালক বৃহস্পতিবাৰে ইডিয়ে আবকাৰী নীতিৰ সৈতে জড়িত এটা গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল। এখন সংবাদমেল সম্বোধন কৰি আতিশীয়ে কয় যে ভাৰতৰ গণতান্ত্ৰিক ইতিহাসত প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনৰ পূৰ্বে এটা ৰাষ্ট্ৰীয় দলৰ মুৰব্বীক গ্ৰেপ্তাৰ কৰা হৈছে। ইডিয়ে এটাও প্ৰমাণ প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা নাই। এইটোৱে দেখুৱায় যে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) কেজৰিৱালৰ প্ৰতি কিমান ভয় খাইছে। তেওঁ কয়, "তেওঁলোকে জানে যে কেৱল এজন নেতাই তেওঁলোকক প্ৰত্যাহ্বান জনাব পাৰে, সেয়েহে তেওঁলোকে অৰবিন্দ কেজৰিৱাল আৰু আপক চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে।" আতিশীয়ে…
Read More