Dipshikha

2951 Posts
বিধ্বংসী ভূমিকম্পত মুহূৰ্ততে নামি আহিস কাল অমানিশা

বিধ্বংসী ভূমিকম্পত মুহূৰ্ততে নামি আহিস কাল অমানিশা

পূব আফগানিস্তানৰ পাকিস্তান সীমান্ত সমীপৱৰ্তী কুনাৰ প্ৰদেশত দেওবাৰে সন্ধিয়া ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পই বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত কমেও 800 জন লোকৰ মৃত্যু হোৱাৰ লগতে 2500 ৰো অধিক লোক আহত হয় ।কাবুলত অনুষ্ঠিত এখন সংবাদমেলত তালিবান মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে জনাইছে যে কুনাৰ প্ৰদেশত প্ৰায় 800 জন লোক নিহত আৰু আন 2500 জন আহত হৈছে। তেওঁ লগতে কয় যে নাংগাৰহাৰ প্ৰদেশত 12 জন মৃত আৰু 255 জন আহত হৈছে ।
Read More
এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত শিক্ষানুষ্ঠানৰ বৃহৎ ক্ষতি

এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত শিক্ষানুষ্ঠানৰ বৃহৎ ক্ষতি

গোৱালপাৰা জিলাৰ দুধনৈ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩০ আগষ্ট শনিবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত শিক্ষানুষ্ঠানখনৰ বৃহৎ ক্ষতি হয়। ইয়াৰ লগতে এই ঘটনাত এজন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে। যোৱা নিশা এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত দেওবাৰে ৰাতিপুৱা ধ্বংসাৱশেষৰ মাজত এটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হয় ৷ মৃতদেহটো বিদ্যালয়খনৰ অস্থায়ী কৰ্মচাৰী বিবেকানন্দ ৰাভাৰ বুলি নিশ্চিত কৰিছে তেওঁৰ ভাতৃয়ে ৷
Read More
মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক

মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক

মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক। মণিপুৰৰ সেনাপতি জিলাৰ লাইগাঁৱত দুৰ্বৃত্তই গুলীচালনা কৰে সাংবাদিক দীপ শইকীয়াক। আঘাতপ্ৰাপ্ত সাংবাদিকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।শনিবাৰে সংঘটিত হয় এই ঘটনা। মণিপুৰৰ সেনাপতি জিলাৰ লাইগাঁৱত Flower festival ৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল তেওঁ। উভতি অহাৰ পথত দুৰ্বৃত্তই গুলীচালনা কৰে সাংবাদিক দীপক।
Read More
বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত হোৱা ভূমিস্খলনত নিহত হয় একেটা পৰিয়ালৰে ৬গৰাকী লোক

বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত হোৱা ভূমিস্খলনত নিহত হয় একেটা পৰিয়ালৰে ৬গৰাকী লোক

বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত হোৱা ভূমিস্খলনত নিহত হয় একেটা পৰিয়ালৰে ৬গৰাকী লোক । এই যাত্ৰাত প্ৰশাসনৰ গুৰুত্বহীনতাৰ বাবে সাধাৰণ জনতাই প্ৰাণ হেৰুওৱাৰ অভিযোগ ।বুৰাড়ীৰ এটা পৰিয়ালৰ ৬ গৰাকী লোকৰ হৃদয় বিদাৰক মৃত্যু । ঘটনাৰ পিছতে উদ্ধাৰ কৰা মৃতদেহবোৰ স্ব-গৃহলৈ অনা হয় আৰু অন্তিম সংস্কাৰ কৰা হয় । কান্দোনত ভাঙি পৰিছে আত্মীয়-স্বজন । প্ৰীড়িতৰ পৰিয়ালে বিচাৰিছে ন্যায় ।ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থকাৰ পাছতো মন্দিৰলৈ যাবলৈ ৰাস্তা খুলি দিছিল । কেশৱ নগৰ কলনীৰ এই পৰিয়ালটো তথা তেওঁলোকৰ আত্মীয়ৰ-স্বজনৰ ১৬ জন লোকে মাতা বৈষ্ণো দেৱী দৰ্শনৰ বাবে গৈছিল আৰু ভূমিস্খলনৰ সময়ত ইয়াৰে এটা পৰিয়ালৰে চাৰিজন আৰু আত্মীয়ৰ দুজন মুঠ ৬ জনে শোকাৱহভাৱে…
Read More
বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত সফলতা

বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত সফলতা

বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত এই সফলতা। অভিযানত ৯.৬ লাখ নিচাজাতীয় টেবলেট জব্দ।বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত এই সফলতা। অভিযানত ৯.৬ লাখ নিচাজাতীয় টেবলেট জব্দ।বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত এই সফলতা। অভিযানত ৯.৬ লাখ নিচাজাতীয় টেবলেট জব্দ।
Read More
অসমীয়াই স্বচক্ষে দেখা পাব বৃন্দাবনী বস্ত্ৰ

অসমীয়াই স্বচক্ষে দেখা পাব বৃন্দাবনী বস্ত্ৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে। এই বস্ত্ৰখনৰ কিছু অংশ এতিয়া ইউৰোপ, লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আৰু কিছু অংশ পেৰিছৰ গুইমেট সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাৱনী বস্ত্ৰ অসমলৈ ঘূৰাই অনাৰ বাবে এতিয়া অসম চৰকাৰে কৰিছে বিশেষ প্ৰচেষ্টা।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাৱনী বস্ত্ৰ। এই বস্ত্ৰ অসমলৈ ঘূৰাই অনাৰ বাবে অসম চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। কিন্তু আপুনি জানেনে এই বৃন্দাৱনী বস্ত্ৰ কি?এই দীঘল বস্ত্ৰখনৰ বাবে ১২ ভাৰ সূতা সূতাৰ আৱশ্যক…
Read More
৩৩ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে

৩৩ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে

৩৩ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে। এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে সকীয়াই দিয়ে যে,”সাৱধান ! আমাৰ কঠোৰ প্ৰচেষ্টা অব্যাহত আছে আৰু অনাগত দিনত আৰু অধিক তীব্ৰতৰ হ’ব।” তেওঁ অৱশ্যে কোনটো খণ্ডৰ পৰা তেওঁলোকক পুচ বেক কৰা হৈছে সেই কথা উল্লেখ কৰা নাই। কিন্তু এটা কথা মনকৰিবলগীয়া যে, শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে অধিকাংশ অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱা হৈছে
Read More
দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে তাৰকা শ্বাটলাৰদ্বয় সাত্ৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে

দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে তাৰকা শ্বাটলাৰদ্বয় সাত্ৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে

ভাৰতীয় ক্ৰীড়ানুগাৰীক পুনৰ এবাৰ আনন্দৰ সুযোগ দি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে তাৰকা শ্বাটলাৰদ্বয় সাত্ৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে। বেডমিণ্টন বিশ্বৰ অন্যতম চৰ্চিত এই ভাৰতীয় যুটিয়ে পেৰিছত চলি থকা বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৫ত পদক নিশ্চিত কৰিছে। পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত সাত্বিক-চিৰাগে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই মালয়েছিয়াৰ যুটি এৰন চিয়া আৰু ছ’হ ৱুই য়িকক ২১-১২, ২১-১৯ ব্যৱধানত পৰাস্ত কৰি ছেমিৰ পথ প্ৰশস্ত কৰে। ইয়াৰ লগে লগে সাত্বিক-চিৰাগ যুটিৰ কমেও ব্ৰঞ্জৰ পদক নিশ্চিত হৈ পৰে
Read More
ৰামবানত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

ৰামবানত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

বৈষ্ণোদেৱী মন্দিৰৰ পিছত এইবাৰ সমীপৱৰ্তী ৰামবানত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ । ইফালে ৰিয়াছিৰ ভূমিস্খলনতো নিহত কেবাজনো লোক ৷ আৰম্ভ উদ্ধাৰ অভিযান ।ডাৱৰ বিস্ফোৰণ, বৰষুণ, ভূমিস্খলনে বিভিন্ন অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । তাৰ মাজতে শনিবাৰে পুৱা পুনৰ জম্মু-কাশ্মীৰৰ ৰামবান জিলাত ডাৱৰ বিস্ফোৰণৰ খবৰ আহিছে ।ইতিমধ্যে প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু কৰ্তৃপক্ষই নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি আছে । লগতে ডাৱৰৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক তাৎক্ষণিকভাৱে সকাহ দিয়াৰ ব্যৱস্থাও কৰিছে । কেৱল জম্মু-কাশ্মীৰে নহয় উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য শেহতীয়াকৈ প্ৰকৃতিৰ ৰোষত পৰিছে । ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বান আৰু ভূমিস্খলনৰ ফলত জীৱন আৰু সম্পত্তিৰ ব্যাপক ক্ষতি হৈছে । এনে পৰিস্থিতিতো তীৰ্থযাত্ৰাৰ অনুমতি…
Read More
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য এই অনুষ্ঠানত থাকে।দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি ৰাজ্যৰ তিনিগৰাকী প্ৰাক্তন ৰাজ্যপাল গুলাবচন্দ কাটাৰিয়া, বনোৱাৰীলাল পুৰোহিত আৰু জগদীশ মুখীও উপস্থিত থাকে এই অনুষ্ঠানত। ইয়াৰ পূৰ্বে ৰাজভৱনৰ ভিতৰত বৈদিক অনুষ্ঠানত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।সৰ্বমুঠ ৪১ কোটি টকা ব্যয়েৰে অত্যাধুনিক সুবিধাৰে নিৰ্মাণ কৰা এই ভৱনত ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, সন্মিলন কক্ষ, অপেক্ষা কক্ষ,…
Read More