05
Sep
পুনৰ মুম্বাই মায়ানগৰীত বিস্ফোৰণৰ ভাবুকি। ফোনযোগে ভাবুকি দিয়া হৈছে বিস্ফোৰণৰ। শুকুৰবাৰে মুম্বাই আৰক্ষীয়ে কয় যে এটা ভাবুকি ভৰা ফোনকলত ফোন কৰাজনে দাবী কৰিছে যে ৩৪খন বাহনত “৪০০ কিলোগ্ৰাম RDX” কঢ়িয়াই অনা ৩৪টা “মানৱ বোমা” স্থাপন কৰা হৈছে, যিটো বিস্ফোৰণে “গোটেই চহৰখনক জোকাৰি যাব”। ট্ৰেফিক আৰক্ষীৰ হেল্পলাইনত আহিছিল এই ভাবুকিপূৰ্ণ ফোন।অনন্ত চতুৰ্দশীৰ প্ৰাকক্ষণত লস্কৰ-ই-জিহাদী নামৰ এটা সংগঠনে এই ভাবুকি প্ৰদান কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে। এই ভাবুকি লাভৰ পাছতেই সমগ্ৰ মুম্বাই তথা মহাৰাষ্ট্ৰত নিৰাপত্তা বৃদ্ধি কৰা বুলি মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰে। সংগঠনটোৱে ১৪ টা পাকিস্তানী সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশ কৰা বুলিও দাবী কৰিছে।আৰক্ষীয়ে নাগৰিকসকলক উৰাবাতৰিত পতিয়ন নাযাবলৈ আৰু যিকোনো সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে…
